মেঘালয় আৰক্ষীৰ ভুলৰ বাবে সোণম ৰঘুবংশীয়ে পালে জামিন; আদালতৰ ধমক

মেঘালয় আৰক্ষীৰ ভুলৰ বাবে সোণম ৰঘুবংশীয়ে পালে জামিন; আদালতৰ ধমক

স্বামী ৰাজাৰ হত্যাকাণ্ডৰ গোচৰত ক্লেৰিকল ভুলৰ দোহাই দি আদালতে সোণম ৰঘুবংশীক জামিন মঞ্জুৰ কৰিছে হানিমুনত থকা অৱস্থাত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম ৰঘুবংশীক আদালতে জামিন প্ৰদান কৰিছে। গোচৰৰ নথি-পত্ৰত মেঘালয় আৰক্ষীয়ে কৰা এটা ক্লেৰিকল ভুলৰ বাবে (লিখা বা টাইপ কৰাৰ সময়ত হোৱা

স্বামী ৰাজাৰ হত্যাকাণ্ডৰ গোচৰত ক্লেৰিকল ভুলৰ দোহাই দি আদালতে সোণম ৰঘুবংশীক জামিন মঞ্জুৰ কৰিছে

হানিমুনত থকা অৱস্থাত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম ৰঘুবংশীক আদালতে জামিন প্ৰদান কৰিছে। গোচৰৰ নথি-পত্ৰত মেঘালয় আৰক্ষীয়ে কৰা এটা ক্লেৰিকল ভুলৰ বাবে (লিখা বা টাইপ কৰাৰ সময়ত হোৱা অনিচ্ছাকৃত ভুল।) সোণমক জামিন দিয়াৰ আধাৰত পৰিণত হৈছে। আদালতে নিজৰ আদেশত উল্লেখ কৰিছে যে সকলো নথি-পত্ৰতে এনে ভুল হ’ব নোৱাৰে।আনহাতে আদালতে সোণমক ৰিমাণ্ড আৰু জিম্মাত ৰখাটোও অবৈধ বুলি ঘোষণা কৰিছে। অৱশ্যে, আদালতে সোণম ৰঘুবংশীক কিছুমান চুক্তিৰ সৈতে জামিন মঞ্জুৰ কৰিছে।

জানিব পৰা মতে, আদালতে লক্ষ্য কৰিলে যে আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰৰ কাৰণ সঠিকভাৱে অৱগত কৰা নাছিল।ঠিক এই ভিত্তিতে সোণমক জামিন মঞ্জুৰ কৰা হৈছে। দুয়োপক্ষৰ পৰা সকলো যুক্তি শুনা পাছত  আদালতে লক্ষ্য কৰিছিল যে আবেদনকাৰীৰ সৈতে জড়িত সকলো নথি-পত্ৰ, গ্ৰেপ্তাৰৰ ভিত্তি আৰু গোচৰৰ ডায়েৰীৰ পৰা উদ্ধৃতিকে ধৰি, তাত আৰক্ষীয়ে বিএনএছৰ ৪০৩(১) অনুচ্ছেদ ভুলকৈ উল্লেখ কৰিছিল।

আদালতে মেঘালয় আৰক্ষীক ধমক দি কয়, সকলো নথি-পত্ৰতে এনে ভুল হ’ব নোৱাৰে।দৰাচলতে সোণম ৰঘুবংশীৰ সৈতে সম্বন্ধিত সকলো প্ৰাসংগিক নথি-পত্ৰত গ্ৰেপ্তাৰৰ কাৰণ,গ্ৰেপ্তাৰৰ স্মাৰক, পৰিদৰ্শন স্মাৰক, গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ অধিকাৰৰ তথ্য, গোচৰৰ ডায়েৰীৰ সাৰাংশ: সোহৰা থানাৰ গোচৰ নং ৭/২০২৫ৰ সৈতে জড়িত সকলো নথিপত্ৰত লিপিবদ্ধ কৰা ধাৰাসমূহ হ’ল বিএনএছৰ ধাৰা ৪০৩(১), ২৩৮(এ), ৩০৯(৬), আৰু ৩(৬)।কোনো নথিপত্ৰতে আবেদনকাৰীক জনোৱা হোৱা নাই যে তেওঁক বিএনএছৰ ধাৰা ১০৩(১)ৰ অধীনত অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদী; ষোড়শোপ্ৰচাৰ পদ্ধতিৰে বিশেষ পূজা-অৰ্চনা