ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্ত সোণম ৰঘুবংশীক দিয়া জামিনক প্ৰত্যাহ্বান জনাই মঙলবাৰে এতিয়া উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইয়াৰ মাজতে আদালতত সোণম ৰঘুবংশীৱে নিজকে নিৰ্দোষী বুলি যুক্তি দিছে।
ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানি এতিয়া অহা মঙলবাৰে অনুষ্ঠিত হ’ব। যোৱাটো শুনানিত উচ্চতম ন্যায়ালয়ে সোণমৰ জামিন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখ্য যে ইন্দোৰৰ ট্ৰান্সপোৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ অভিযোগ পত্নী সোণম আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে উত্থাপন হৈছে। অৱশ্যে এতিয়া সোণম ৰঘুবংশীয়ে এই গোচৰত নিজক নিৰ্দোষী বুলি দাবী কৰিছে।
তথ্য অনুসৰি, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত পত্নী সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে এতিয়া মঙলবাৰে শুনানি গ্ৰহণ কৰিব। বৰ্তমানৰ বাবে সোণম ৰঘুবংশীৰ জামিন বাহাল থাকিব। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি মঙলবাৰে, ১৪ জুলাইত অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰক সোণমৰ গ্ৰেপ্তাৰৰ সময়ত দিয়া ‘এৰেষ্ট মেম’’ (Arrest Memo) আৰু অন্যান্য নথিপত্ৰৰ প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
অভিযুক্ত সোণম ৰঘুবংশীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিজৰ শপতনামত নিজক নিৰ্দোষী বুলি উল্লেখ কৰিছে। সোণমে আদালতক জনাইছে যে তেওঁক এই গোচৰত মিছাকৈ ফচোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ সমগ্ৰ গোচৰটো কেৱল পাৰিপাৰ্শ্বিক প্ৰমাণৰ ওপৰত আধাৰিত। গতিকে কেৱল অভিযোগৰ ভিত্তিত তেওঁক দোষী সাব্যস্ত কৰিব নোৱাৰি। শপতনামাখনত সোণমে কয় যে তেওঁৰ পৰা কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ বাকী থকা নাই। আদালতৰ নিয়ম আৰু চৰ্ত অনুসৰি তেওঁ শ্বিলঙতে বসবাস কৰি আছে। এই গোচৰৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে। গতিকে তেওঁ প্ৰমাণ নষ্ট কৰাৰ কোনো সম্ভাৱনা নাই।
এই সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হোৱা যোৱা শুনানিত ছলিচিটৰ জেনেৰেল (SG) তুষাৰ মেহতাই যুক্তি দৰ্শাইছিল যে, “আদালতে এটা টাইপিং ভুলক (Typo error) জামিনৰ আধাৰ হিচাপে লৈ জামিন মঞ্জুৰ কৰিছে। বি এন এছ (BNS) ৰ ধাৰা ১০৩ ৰ সলনি ভুলবশতঃ ৪০৩ টাইপ হৈছিল।”
যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে যিহেতু সোণম কাৰাগাৰৰ পৰা মুক্ত হৈছে, গতিকে আদালত বৰ্তমান জামিন স্থগিত ৰখাৰ পক্ষপাতী নহয়। মেঘালয় চৰকাৰৰ আবেদনৰ ভিত্তিত আদালতে সোণম ৰঘুবংশীলৈ জাননী জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে আদালতে প্ৰথমে পৰ্যবেক্ষণ কৰিব যে বিচাৰ প্ৰক্ৰিয়া (Trial) কেনেকৈ চলি আছে। ইয়াৰ লগতে সোণম ৰঘুবংশীৰ জামিনো বাহাল ৰাখে।
লগতে পঢ়ক: সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মেঘালয় চৰকাৰ









