‘মই নিৰ্দোষী, মোক মিছাকৈ ফচোৱা হৈছে’; উচ্চতম ন্যায়ালয়ত সোণম ৰঘুবংশীৰ আহ্বান

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্ত সোণম ৰঘুবংশীক দিয়া জামিনক প্ৰত্যাহ্বান জনাই মঙলবাৰে এতিয়া উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইয়াৰ মাজতে আদালতত সোণম ৰঘুবংশীৱে নিজকে নিৰ্দোষী বুলি যুক্তি দিছে।

ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানি এতিয়া অহা মঙলবাৰে অনুষ্ঠিত হ’ব। যোৱাটো শুনানিত উচ্চতম ন্যায়ালয়ে সোণমৰ জামিন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখ্য যে ইন্দোৰৰ ট্ৰান্সপোৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ অভিযোগ পত্নী সোণম আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে উত্থাপন হৈছে। অৱশ্যে এতিয়া সোণম ৰঘুবংশীয়ে এই গোচৰত নিজক নিৰ্দোষী বুলি দাবী কৰিছে।

তথ্য অনুসৰি, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত পত্নী সোণম ৰঘুবংশীয়ে লাভ কৰা জামিনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে এতিয়া মঙলবাৰে শুনানি গ্ৰহণ কৰিব। বৰ্তমানৰ বাবে সোণম ৰঘুবংশীৰ জামিন বাহাল থাকিব। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি মঙলবাৰে, ১৪ জুলাইত অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰক সোণমৰ গ্ৰেপ্তাৰৰ সময়ত দিয়া ‘এৰেষ্ট মেম’’ (Arrest Memo) আৰু অন্যান্য নথিপত্ৰৰ প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অভিযুক্ত সোণম ৰঘুবংশীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিজৰ শপতনামত নিজক নিৰ্দোষী বুলি উল্লেখ কৰিছে। সোণমে আদালতক জনাইছে যে তেওঁক এই গোচৰত মিছাকৈ ফচোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ সমগ্ৰ গোচৰটো কেৱল পাৰিপাৰ্শ্বিক প্ৰমাণৰ ওপৰত আধাৰিত। গতিকে কেৱল অভিযোগৰ ভিত্তিত তেওঁক দোষী সাব্যস্ত কৰিব নোৱাৰি। শপতনামাখনত সোণমে কয় যে তেওঁৰ পৰা কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ বাকী থকা নাই। আদালতৰ নিয়ম আৰু চৰ্ত অনুসৰি তেওঁ শ্বিলঙতে বসবাস কৰি আছে। এই গোচৰৰ অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে। গতিকে তেওঁ প্ৰমাণ নষ্ট কৰাৰ কোনো সম্ভাৱনা নাই।

এই সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হোৱা যোৱা শুনানিত ছলিচিটৰ জেনেৰেল (SG) তুষাৰ মেহতাই যুক্তি দৰ্শাইছিল যে, “আদালতে এটা টাইপিং ভুলক (Typo error) জামিনৰ আধাৰ হিচাপে লৈ জামিন মঞ্জুৰ কৰিছে। বি এন এছ (BNS) ৰ ধাৰা ১০৩ ৰ সলনি ভুলবশতঃ ৪০৩ টাইপ হৈছিল।”

যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে যিহেতু সোণম কাৰাগাৰৰ পৰা মুক্ত হৈছে, গতিকে আদালত বৰ্তমান জামিন স্থগিত ৰখাৰ পক্ষপাতী নহয়। মেঘালয় চৰকাৰৰ আবেদনৰ ভিত্তিত আদালতে সোণম ৰঘুবংশীলৈ জাননী জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে আদালতে প্ৰথমে পৰ্যবেক্ষণ কৰিব যে বিচাৰ প্ৰক্ৰিয়া (Trial) কেনেকৈ চলি আছে। ইয়াৰ লগতে সোণম ৰঘুবংশীৰ জামিনো বাহাল ৰাখে।

লগতে পঢ়ক: সোনম ৰঘুবংশীৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মেঘালয় চৰকাৰ

শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

এনকাউন্টাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ধাৰাক লৈ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পোৱা, বিশেষকৈ অভিযুক্তৰ ভৰিত গুলীচালনা কৰি “এনকাউণ্টাৰ” ঘোষণা কৰাৰ ধাৰাক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । প্ৰয়াগৰাজৰ ন্যায়াধীশ অৰুণ কুমাৰ দেশৱালৰ একক বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

আদালতে কয় যে প্ৰচাৰ, হাতচাপৰি বা ছ’চিয়েল মিডিয়াৰ মনোযোগৰ বাবে গুলীচালনা কৰাৰ প্ৰৱণতা কেৱল ভুলেই নহয়, বিপদজনকো । লগতে আদালতে স্পষ্ট কৰি দিয়ে যে অভিযুক্তৰ শৰীৰৰ যিকোনো অপ্ৰয়োজনীয় অংশত গুলীচালনা কৰাটোও আইনগতভাৱে গ্ৰহণযোগ্য নহয় । যদি কোনো এনকাউণ্টাৰত গুলীচালনা বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেন্তে কঠোৰ নিয়ম স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য হ’ব ।

উচ্চ ন্যায়ালয়ে আৰক্ষীৰ বাবে ৬ দফীয়া গাইডলাইন জাৰি কৰি ইয়াক মানি চলাটো বাধ্যতামূলক কৰি পি ইউ চি এল বনাম মহাৰাষ্ট্ৰ গোচৰত উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ গাইডলাইন কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়ে । এই নিৰ্দেশনাসমূহ পালন নকৰিলে সংশ্লিষ্ট আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক পোনপটীয়াকৈ দায়ী কৰা হ’ব আৰু ব্যক্তিগত অৱজ্ঞাৰ গোচৰৰ সন্মুখীন হ’ব পাৰে বুলি আদালতে সকীয়াই দিয়ে ।

আদালতে আৰক্ষী সঞ্চালক প্ৰধান আৰু গৃহ সচিবক আৰক্ষী বিষয়াক অভিযুক্তৰ ভৰিত গুলী মাৰিবলৈ বা এনকাউণ্টাৰৰ দাবী কৰিবলৈ কোনো মৌখিক বা লিখিত নিৰ্দেশনা দিয়া হৈছে নেকি বুলিও প্ৰশ্ন কৰে । আদালতে মন্তব্য কৰে যে এই প্ৰথা এতিয়া নিয়মিত হৈ পৰিছে, হয় উৰ্ধতন বিষয়াক সন্তুষ্ট কৰিবলৈ নহয় অভিযুক্তক শিক্ষা দিবলৈ ।

মিৰ্জাপুৰৰ দুজন অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে উচ্চ ন্যায়ালয়ে । আৰক্ষীৰে পৃথক সংঘৰ্ষত এই অভিযুক্ত আহত হৈছিল । এই ঘটনাত কোনো আৰক্ষী বিষয়া আহত হোৱা নাই বুলি আদালতে লক্ষ্য কৰি অস্ত্ৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ; অনুমতি অবিহনে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

ৰাজহুৱা কৰা নহয় প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী… উচ্চ ন্যায়ালয়ে বাতিল কৰিলে চি আই চিৰ নিৰ্দেশ

ৰাজহুৱা কৰা নহয় প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰী সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়া কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰে ।

২৭ ফেব্ৰুৱাৰীত ৰায় সংৰক্ষিত কৰি ৰখা চি আই চিৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী বিশ্ববিদ্যালয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশ শচীন দত্তই এই ৰায়দান কৰে ।

উল্লেখ্য যে, নীৰজ নামৰ এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী সন্দৰ্ভত আৰ টি আই আবেদন দাখিল কৰিছিল । ২০১৬ চনৰ ২১ ডিচেম্বৰত নৰেন্দ্ৰ মোদীয়ে ১৯৭৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ ৰেকৰ্ড পৰীক্ষণ কৰাৰ অনুমতি দিছিল চি আই চিয়ে ।

২০১৭ চনৰ ২৩ জানুৱাৰীত কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশক উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছে । দিল্লী বিশ্ববিদ্যালয়ৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰিব লাগে বুলি যুক্তি আগবঢ়ায় । অৱশ্যে মেহতাই কয় যে বিশ্ববিদ্যালয়ৰ অভিলেখ আদালতক দেখুৱাবলৈ কোনো আপত্তি নাই । ১৯৭৮ চনৰ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পূৰ্বে তথ্যৰ অধিকাৰ আইনৰ উদ্ধৃতি দি আৰ টি আই আবেদনকাৰীৰ অধিবক্তাই এই আদেশৰ পক্ষ লৈছিল ।

লগতে পঢ়ক : তেওঁলোকে চেষ্টা কৰি আছে যে যদি কেতিয়াবা জেললৈ যায়…’সাংবিধানিক সংশোধনী বিধেয়ক’ক লৈ অমিত শ্বাহৰ মন্তব্য

ম’হ যুঁজৰ অনুমতিৰ বাবে প্ৰণয়ন কৰিব নতুন আইন ! উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল হিমন্ত চৰকাৰৰ এছ অ’ পি

যুগ যুগ ধৰি অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ থকা ম’হ যুঁজৰ অনুমতিৰ বাবে অসম চৰকাৰে নতুন আইন আনিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে । এক ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে উদ্যোগ ল’ব ৷

তেওঁ কয় যে আহঁতগুৰিৰ ম’হ যুঁজ আমাৰ পৰম্পৰা আৰু ঐতিহ্য । আনকি উচ্চতম ন্যায়ালয়েও ইয়াক পৰম্পৰাগত খেল হিচাপে স্বীকৃতি দিছে । ন্যায়ালয়ৰ নিৰ্দেশনা মানি আমি অতি সোনকালে ম’হ যুঁজৰ দৰে পৰম্পৰাগত খেলৰ অনুমতি দিবলৈ আইন প্ৰণয়ন কৰিম ।

ম’হ যুঁজৰ আইনী সুৰক্ষা বিচাৰি ৰাজ্য চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব বুলি তেওঁ কয় ৷ এই আইন প্ৰণয়নৰ লগে লগে ৰাইজে পৰম্পৰাগত ম’হ যুঁজ চাব আৰু উপভোগ কৰিব পাৰিব বুলি কয় তেওঁ ।

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গৌহাটী উচ্চ ন্যায়ালয়ে অসমত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) বাতিল কৰিছিল । তেতিয়া আদালতে কৈছিল যে ৰাজ্য চৰকাৰৰ এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন উলংঘা কৰিছে ।

আদালতে এই কথা কৈছিল-

উচচ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাশীষ বৰুৱাৰ বিচাৰপীঠে পেটা ইণ্ডিয়াই দাখিল কৰা আৱেদনৰ উত্তৰত অসম চৰকাৰৰ এছ অ’ পিক বাতিল কৰিছিল ৷ বিচাৰপীঠখনে কয় যে ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ফ্ৰেমৱৰ্ক কৰা এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে । অসম চৰকাৰে আইন সংশোধন কৰি এই যুঁজৰ খেলৰ অনুমতি দিব লাগিছিল । আন ৰাজ্যসমূহেও একে কাম কৰিছে । কিন্তু কাৰ্যবাহী আদেশ জাৰি কৰি বৰ্তমানৰ বিধানসমূহ আওকাণ কৰিবলৈ অনুমতি দিব নোৱাৰি । ২০২৩ চনৰ ডিচেম্বৰৰ অধিসূচনা বাতিল কৰা হৈছে বুলি আদালতে কৈছিল ।

যুগ যুগ ধৰি অসমৰ পৰম্পৰাৰ অংশ-

যুগ যুগ ধৰি ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে । এই অনুষ্ঠানটো আহোম শাসনৰ সময়ত বিশেষকৈ ৰংঘৰত আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছিল । ইয়াক প্ৰধানকৈ মাঘ বিহু উৎসৱৰ সময়ত পালন কৰা হয় । জীৱ-জন্তুৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এনে কাৰ্যক নিষিদ্ধ কৰিছিল । ২০১৪ চনৰ পৰা বন্ধ হৈ আছিল এই খেল । ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা এছ অ’ পি অনুসৰণ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত দুয়োটা কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হৈছিল ।

‘মহিলা চিকিৎসকৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়া উচিত’…আৰ জি কৰ গোচৰত উচ্চ ন্যায়ালয়ত আবেদন

আৰ জি কৰ মেডিকেল কলেজৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰয়ক শিয়ালদহ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে পশ্চিম বংগ চৰকাৰ । এডভোকেট জেনেৰেল কিশোৰ দত্তই সঞ্জয় ৰয়ৰ মৃত্যুদণ্ড বিচাৰি ন্যায়াধীশ দেবাংশু বাচাকৰ বিচাৰপীঠৰ সন্মুখত এখন আবেদন দাখিল কৰিছে । গোচৰটো দাখিল কৰাৰ অনুমতি দিয়া হৈছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ে আৰ জি কৰ হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা শিয়ালদহ আদালতে দিয়া নিৰ্দেশৰ বিৰুদ্ধে আবেদন দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰে । এই গোচৰৰ একমাত্ৰ দোষী ৰয়ৰ মৃত্যুদণ্ড বিচাৰি ন্যায়াধীশ দেবাংশু বাছাকৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠৰ সন্মুখত আবেদন জনায় এডভোকেট জেনেৰেল কিশোৰ দত্তই । ৰাজ্য চৰকাৰে শিয়ালদহ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিৰ্বান দাসৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ অনুমতি বিচাৰিছিল ।

আদালতৰ এই সিদ্ধান্তত সুখী নাছিল মমতা চৰকাৰ-

আৰ জি কৰ হাস্পতালত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আদালতে । এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল । তেওঁ কৈছিল যে এইটো আটাইতকৈ বিৰল অপৰাধ আৰু দোষীক মৃত্যুদণ্ড দিয়া উচিত আছিল । সোমবাৰে তেওঁ কৈছিল যে সঞ্জয় ৰয়ৰ মৃত্যুদণ্ড বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বংগ চৰকাৰ ।

আদালতে কি সিদ্ধান্ত দিলে ?

ইয়াৰ পূৰ্বে সোমবাৰে আৰ জি কৰ গোচৰত এই শাস্তি ঘোষণা কৰা হৈছিল । দুপৰীয়া ২.৪৫ বজাত ৰায়দানৰ সময়ত আদালতে দোষী সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । সঞ্জয় ৰয়ক ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে শিয়ালদহ আদালতে । শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিৰ্বান দাসে কয় যে এইটো আটাইতকৈ বিৰল গোচৰ নহয় । ভুক্তভোগীৰ মৃত্যুৰ বাবে পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু অতিৰিক্ত ৭ লাখ টকা দিব লাগে ।