ম’হ যুঁজৰ অনুমতিৰ বাবে প্ৰণয়ন কৰিব নতুন আইন !

ম’হ যুঁজৰ অনুমতিৰ বাবে প্ৰণয়ন কৰিব নতুন আইন ! উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল হিমন্ত চৰকাৰৰ এছ অ’ পি

যুগ যুগ ধৰি অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ থকা ম’হ যুঁজৰ অনুমতিৰ বাবে অসম চৰকাৰে নতুন আইন আনিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে । এক ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে উদ্যোগ

যুগ যুগ ধৰি অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ থকা ম’হ যুঁজৰ অনুমতিৰ বাবে অসম চৰকাৰে নতুন আইন আনিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে । এক ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে উদ্যোগ ল’ব ৷

তেওঁ কয় যে আহঁতগুৰিৰ ম’হ যুঁজ আমাৰ পৰম্পৰা আৰু ঐতিহ্য । আনকি উচ্চতম ন্যায়ালয়েও ইয়াক পৰম্পৰাগত খেল হিচাপে স্বীকৃতি দিছে । ন্যায়ালয়ৰ নিৰ্দেশনা মানি আমি অতি সোনকালে ম’হ যুঁজৰ দৰে পৰম্পৰাগত খেলৰ অনুমতি দিবলৈ আইন প্ৰণয়ন কৰিম ।

ম’হ যুঁজৰ আইনী সুৰক্ষা বিচাৰি ৰাজ্য চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব বুলি তেওঁ কয় ৷ এই আইন প্ৰণয়নৰ লগে লগে ৰাইজে পৰম্পৰাগত ম’হ যুঁজ চাব আৰু উপভোগ কৰিব পাৰিব বুলি কয় তেওঁ ।

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গৌহাটী উচ্চ ন্যায়ালয়ে অসমত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) বাতিল কৰিছিল । তেতিয়া আদালতে কৈছিল যে ৰাজ্য চৰকাৰৰ এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন উলংঘা কৰিছে ।

আদালতে এই কথা কৈছিল-

উচচ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাশীষ বৰুৱাৰ বিচাৰপীঠে পেটা ইণ্ডিয়াই দাখিল কৰা আৱেদনৰ উত্তৰত অসম চৰকাৰৰ এছ অ’ পিক বাতিল কৰিছিল ৷ বিচাৰপীঠখনে কয় যে ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ফ্ৰেমৱৰ্ক কৰা এছ অ’ পিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ বিভিন্ন আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে । অসম চৰকাৰে আইন সংশোধন কৰি এই যুঁজৰ খেলৰ অনুমতি দিব লাগিছিল । আন ৰাজ্যসমূহেও একে কাম কৰিছে । কিন্তু কাৰ্যবাহী আদেশ জাৰি কৰি বৰ্তমানৰ বিধানসমূহ আওকাণ কৰিবলৈ অনুমতি দিব নোৱাৰি । ২০২৩ চনৰ ডিচেম্বৰৰ অধিসূচনা বাতিল কৰা হৈছে বুলি আদালতে কৈছিল ।

যুগ যুগ ধৰি অসমৰ পৰম্পৰাৰ অংশ-

যুগ যুগ ধৰি ম’হ আৰু বুলবুলি চৰাইৰ যুঁজ অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে । এই অনুষ্ঠানটো আহোম শাসনৰ সময়ত বিশেষকৈ ৰংঘৰত আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছিল । ইয়াক প্ৰধানকৈ মাঘ বিহু উৎসৱৰ সময়ত পালন কৰা হয় । জীৱ-জন্তুৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এনে কাৰ্যক নিষিদ্ধ কৰিছিল । ২০১৪ চনৰ পৰা বন্ধ হৈ আছিল এই খেল । ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা এছ অ’ পি অনুসৰণ কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত দুয়োটা কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হৈছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ