শান্তি চুক্তিৰ পিছতেই প্ৰথমবাৰলৈ আমেৰিকাত প্ৰৱেশ ইৰাণৰ ফুটবল টীম...

শান্তি চুক্তিৰ পিছতেই প্ৰথমবাৰলৈ আমেৰিকাত প্ৰৱেশ ইৰাণৰ ফুটবল টীম…

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি ঘোষণাৰ কিছু সময়ৰ পূৰ্বে ইৰাণৰ ফুটবল দলটোৱে বিশ্বকাপৰ বাবে আমেৰিকাত উপস্থিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰি জনায় যে ইৰাণৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে। এই ঘোষণাৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলটো ফিফা বিশ্বকাপ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি ঘোষণাৰ কিছু সময়ৰ পূৰ্বে ইৰাণৰ ফুটবল দলটোৱে বিশ্বকাপৰ বাবে আমেৰিকাত উপস্থিত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰি জনায় যে ইৰাণৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে। এই ঘোষণাৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলটো ফিফা বিশ্বকাপ ২০২৬-ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাত উপস্থিত হয়। ইৰাণে ১৫ জুনত কেলিফৰ্ণিয়াৰ ইংলউড চহৰত নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব।

ইৰাণৰ ফুটবল দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ পাতিছিল আৰু এতিয়ালৈকে সমগ্ৰ দলটো মেক্সিকোতে আছিল। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হোৱাৰ কেইঘণ্টামান পূৰ্বে ইৰাণৰ দলটোৱে মেক্সিকোৰ টিজুয়ানাৰ পৰা উৰা মাৰি লছ এঞ্জেলছত উপস্থিত হয়।

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিলৈ চাই ইৰাণৰ দলটো আমেৰিকালৈ অহাটো অনিশ্চিত হৈ পৰিছিল।প্ৰথমবাৰলৈ এনে হৈছে যেতিয়া বিশ্বকাপৰ সময়ত ইৰাণী দল এটা আমেৰিকাৰ মাটিত ভৰি দিয়ে। দলটো থকা হোটেলখনৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু নিৰাপত্তা বাহিনীয়ে একাংশ পথত যাতায়ত বন্ধ কৰি দিছে।

বিশ্বকাপৰ প্ৰথমখন খেল খেলাৰ পূৰ্বৰে পৰা ইৰাণৰ দলটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। প্ৰথম অৱস্থাত দলটোৰ প্ৰশিক্ষণ শিবিৰ এৰিজোনাত হোৱাৰ কথা আছিল, কিন্তু ইৰাণ আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে দলটোৱে মেক্সিকোত প্ৰশিক্ষণ শিবিৰ স্থাপন কৰে।

ইফালে, বিশ্বকাপৰ প্ৰথমখন খেলৰ পূৰ্বে ইৰাণৰ ষ্ট্ৰাইকাৰ তথা অধিনায়ক মেহদী তাৰেমীয়ে কয় যে এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ বাবে আনন্দৰ পৰিৱেশ গঢ়ি উঠিব পৰা নাই। তেওঁ লগতে কয় যে ইৰাণৰ বাহিৰেও আন পক্ষসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। তাৰেমীয়ে আৰু কয় যে এই বিশ্বকাপৰ বাবে আমেৰিকা মহাদেশত উপস্থিত হোৱাৰ পৰা খেলুৱৈসকলৰ মাজত উত্তেজনা আৰু ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে।

ফিফা বিশ্বকাপত ইৰাণৰ দলটোক গ্ৰুপ ‘জি’ (Group G)-ত ৰখা হৈছে। এই একেটা গ্ৰুপতে নিউজিলেণ্ড, ইজিপ্ত আৰু বেলজিয়ামো আছে। ইৰাণৰ প্ৰথমখন খেল ১৫ জুনত (ভাৰতীয় সময় অনুসৰি ১৬ জুন) নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব। দ্বিতীয়খন খেল ২১ জুনত বেলজিয়ামৰ সৈতে আৰু ২৬ জুনত ইজিপ্তৰ বিৰুদ্ধে খেলা হ’ব।

উল্লেখযোগ্য যে, ফিফা বিশ্বকাপ ২০২৬ যুটীয়াভাৱে আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিছে। আনহাতে, ইৰাণ দলৰ আটাইকেইখন গ্ৰুপ পৰ্যায়ৰ খেল আমেৰিকাতে খেলা হ’ব।

লগতে পঢ়ক: কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

শেহতীয়া প্ৰৱন্ধসমূহ