সোণৰ বাংলাক মমতা বেনার্জীয়ে চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰ কৰাৰ অভিযোগ অমিত শ্বাহৰ

সোণৰ বাংলাক মমতা বেনার্জীয়ে চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰ কৰাৰ অভিযোগ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক “সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ” ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে

তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক “সোণৰ বাংলাক চিণ্ডিকেট ৰাজলৈ” ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে “বিজেপিয়ে গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰা ধৰণে সোণৰ বাংলা গঢ়ি তোলাৰ কাম কৰিব ।”

এখন সমাৱেশক সম্বোধন কৰি অমিত শ্বাহে মমতা বেনাৰ্জীক “মা, মাটি, মানুহ” শ্লোগানটোক “মাফিয়া, মাচলমেন আৰু মানি পাৱাৰ গেং” (মাফিয়া, বাহুবলী আৰু ধনশক্তিৰ দল) লৈ পৰিবৰ্তিত কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “বিজেপিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰা সোণাৰ বাংলা গঢ়ি তোলাৰ কাম কৰিব ।”

বীৰভূমতো নিৰ্বাচনী সভাত ভাষণ দিয়া শ্বাহে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে সীমান্তৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ভূমি নিদিয়াৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “সীমান্তত বেৰ দিবলৈ বিএছএফক ৬০০ একৰ মাটিৰ প্ৰয়োজন । কিন্তু মমতা দিদিয়ে মাটি দিবলৈ অস্বীকাৰ কৰে, যাৰ ফলত অনুপ্ৰৱেশ ঘটে । মমতা জীয়েই অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়ে আৰু তেওঁলোকে বিনিময়ত তেওঁক নিৰ্বাচিত কৰে । ৪ মে’ত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে আৰু আমি নিশ্চিত কৰিম যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব ।”

তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ শাসনকালত বংগৰ পৰা হাজাৰ হাজাৰ কল-কাৰখানা স্থানান্তৰিত হৈছে । তেওঁ লগতে কয়, “এসময়ত সমগ্ৰ ভাৰতৰে ঔদ্যোগিক কেন্দ্ৰ হিচাপে গণ্য কৰা বংগৰ যুৱক-যুৱতীসকলক মমতা দিদিয়ে নিবনুৱা কৰি তুলিছে ।”

ইয়াৰ লগতে তেওঁ ইউনিফৰ্ম চিভিল ক’ড আৰু সপ্তম দৰমহা আয়োগ ৰূপায়ণৰ বিজেপিৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে । তেওঁ কয়, “মমতাৰ চৰকাৰক বিদায় জনোৱাৰ সময় আহি পৰিছে । মমতাৰ চৰকাৰ আঁতৰোৱাৰ অৰ্থ হৈছে এক অনুপ্ৰৱেশকাৰী মুক্ত বংগ গঢ়ি তোলা । যদি আপুনি বংগৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাব বিচাৰে, তেন্তে কেৱল আৰু কেৱল বিজেপিয়েহে এই কাম কৰিব পাৰে ।”

লগতে পঢ়ক : তৃণমূলৰ ভেটি কঁপাই বংগত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’, গেৰুৱা হৈ পৰিল বৰ্ধমান