তৃণমূলৰ ভেটি কঁপাই বংগত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’, গেৰুৱা হৈ পৰিল বৰ্ধমান

তৃণমূলৰ ভেটি কঁপাই বংগত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’, গেৰুৱা হৈ পৰিল বৰ্ধমান

পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে অমিত শ্বাহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । গৃহমন্ত্ৰীগৰাকীয়ে বৃহত

পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত তেওঁৰ নিৰন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি সোমবাৰে পশ্চিম বৰ্ধমান জিলাৰ দুৰ্গাপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । গৃহমন্ত্ৰীগৰাকীয়ে বৃহত সংখ্যক সমৰ্থকক লৈ এই বিশাল ৰোড শ্ব’ত অংশ লয় আৰু তেওঁৰ কনভয়টো জনাকীৰ্ণ পথৰ মাজেৰে লাহে লাহে আগবাঢ়ি যাওঁতে চাৰিওফালে কেৱল গেৰুৱা ৰংহে দেখা যায় ।

এক্সত এটা পোষ্টত অমিত শ্বাহে কয় যে পশ্চিম বৰ্ধমানৰ ৰাইজ তৃণমূল কংগ্ৰেছক পুলিয়ে-পোখাই উভালিবলৈ সাজু হৈছে । ইয়াৰ পূৰ্বে ময়ুৰেশ্বৰৰ পল্লী মংগল ক্লাব ফিল্ডত এখন জনসভাত ভাষণ দি শ্বাহে আৰ জি কৰ ধৰ্ষণকাণ্ডৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহিলাসকলক সন্ধিয়া ৭ বজাৰ পাছত ঘৰৰ বাহিৰলৈ নোলাবলৈ দিয়া পৰামৰ্শক কঠোৰ সমালোচনা কৰে । তেওঁ টিএমচি চৰকাৰক ৰাজ্যত মহিলাৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ কয়- “মমতা দিদিয়ে কয় যে মহিলাসকলে সন্ধিয়া ৭ বজাৰ পিছত বাহিৰলৈ ওলাই যাব নালাগে । মমতা দিদি, আপোনাৰ অলপ লাজ থকা উচিত আছিল; এগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱা স্বত্বেও আপুনি বংগৰ ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰিলে ।”

বিজেপিক এক বিকল্প হিচাপে প্ৰক্ষেপ কৰি শ্বাহে কয়, “আপোনালোকে এবাৰ বিজেপি চৰকাৰ গঠন কৰক, আমি এনেকুৱা এখন বংগ গঢ়িম য’ত এগৰাকী সৰু ছোৱালীয়েও মাজনিশা ১ বজাত স্কুটাৰ চলাই যাব পাৰিব । সন্দেশখালি, আৰ জি কৰ, দুৰ্গাপুৰ ল’ কলেজ বা দক্ষিণ কলকাতা ল’ কলেজৰ দৰে কোনো ঘটনা আৰু নঘটিব ।”

মমতা বেনাৰ্জীক আক্ৰমণ কৰি শ্বাহে মন্তব্য কৰে, “এইমাত্ৰ মই মমতা দিদিৰ এটা ভাষণ চাই আছিলোঁ । তেওঁ ইয়াত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক ভয় খুৱাই আছিল যে যদি টিএমচি নাথাকে, তেন্তে সংখ্যাগৰিষ্ঠ সম্প্ৰদায় জীয়াই নাথাকিব । তেওঁলোকৰ শাসনকালত মুৰ্শিদাবাদত হিংসা হৈছিল, ৰাম নৱমীত আক্ৰমণ হৈছিল, সৰস্বতী পূজাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেতিয়া তেওঁ ক’লৈ গৈছিল ?”

শ্বাহে লগতে কয় যে আগন্তুক বিধানসভা নিৰ্বাচন ৰাজ্যখনৰ বাবে এক টাৰ্ণিং পইণ্ট হ’ব । তেওঁ কয়, “টিএমচিৰ গুণ্ডাসকলে এতিয়া আৰু বংগৰ ৰাইজক সন্ত্ৰাসিত কৰিব নোৱাৰিব । বংগৰ ৰাইজে বোমাৰ উত্তৰ বেলটেৰে আৰু ভয়ৰ উত্তৰ বিশ্বাসেৰে দিব । মই বংগৰ ৰাইজক ক’ব বিচাৰো যে আপোনালোকে বেলট মেচিনত কেৱল পদুম ফুলৰ চিহ্নটো বিচাৰি লওক । টিএমচিৰ সকলো গুণ্ডাক বিচাৰি উলিওৱাৰ দায়িত্ব বিজেপি চৰকাৰে ল’ব ।”

তেওঁ লগতে কয়, “মই আজি টিএমচিৰ গুণ্ডাসকলক কৈছোঁ ২৩ এপ্ৰিলত নিজৰ ঘৰত তলা লগাই সোমাই থাকক, নহ’লে ৪ মে’ত আপোনালোকক বাছি বাছি উলিয়াই জেলৰ ভাত খুওৱা হ’ব ।”

লগতে পঢ়ক : একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ সাজু ভাৰতঃ প্ৰধানমন্ত্ৰী মোদী