বিহাৰত সম্ৰাট চৌধুৰীৰ নতুন চৰকাৰ গঠনৰ পাছতে এতিয়া সকলো মন্ত্ৰীকে নিজৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
বিহাৰত নতুন চৰকাৰ গঠনৰ পিছতে মন্ত্ৰীসকলৰ মাজত বিভাগৰ ভাগ-বতৰা কৰা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া শপতগ্ৰহণৰ পিছত বিভাগৰ দায়িত্ব দিয়া হয়। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে সাধাৰণ প্ৰশাসন,গৃহ,কেবিনেট সচিবালয়, নিৰীক্ষণ, নিৰ্বাচন, অসামৰিক বিমান পৰিবহণ সকলো বিভাগ তেওঁ নিজৰ লগত ৰাখিছে।চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে প্ৰশাসনিক কাম-কাজ ত্বৰান্বিত কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে।
উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধাৰীক জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগ দিয়া হৈছে।ইফালে আনজন উপ মুখ্যমন্ত্ৰী বিজেন্দ্ৰ প্ৰসাদ যাদৱক বিত্ত আৰু বাণিজ্যিক কৰ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।মন্ত্ৰী শ্ৰৱণ কুমাৰক গ্ৰামোন্নয়ন আৰু তথ্য আৰু জনসংযোগ বিভাগ, বিজয় কুমাৰ সিনহাক কৃষি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ইয়াৰ উপৰিও ডাঃ দিলীপ কুমাৰ জয়ছৱালক ৰাজহ আৰু ভূমি সংস্কাৰ বিভাগৰ দায়িত্ব দিয়াৰ লগতে নিশান্ত কুমাৰক স্বাস্থ্য বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ লগে লগে নিশান্তৰ ৰাজনীতিত গ্ৰেণ্ড এন্ট্ৰি হয়।
লগতে পঢ়ক: পশ্চিম বংগত ভংগ হ’ল বিধানসভা; শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ









