ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০ বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে

বিহাৰৰ ১০ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এৰ জ্যেষ্ঠ নেতাসকলে নীতিশ কুমাৰক সংগ দিয়ে । যোৱা বছৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ২৭ ফেব্ৰুৱাৰীত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰে ৰাজ্যসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল ।

২০০৫ চনৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা নীতিশ কুমাৰে ইয়াৰ পূৰ্বে নতুন মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ নতুন চৰকাৰে তেওঁৰ সম্পূৰ্ণ সমৰ্থন আৰু পথ প্ৰদৰ্শন লাভ কৰিব বুলি উল্লেখ কৰিছিল । তেওঁ কয়, “দুই দশকৰো অধিক সময় ধৰি আপোনালোকে মোৰ ওপৰত নিজৰ আস্থা আৰু সমৰ্থন ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে । সেই আস্থাৰ জৰিয়তেই মই বিহাৰ আৰু আপোনালোক সকলোকে সম্পূৰ্ণ ভক্তিৰে সেৱা আগবঢ়াইছো । আপোনালোকৰ আস্থা আৰু সমৰ্থনৰ শক্তিৰ দ্বাৰাই আজি বিহাৰে উন্নয়ন আৰু মৰ্যাদাৰ নতুন পৰিচয় দাঙি ধৰিছে ।”

ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কুমাৰে কয় যে সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰা বিহাৰ বিধানসভাৰ দুয়োটা সদনৰ লগতে সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাটো তেওঁৰ ইচ্ছা আছিল ।

২০২৫ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক বিজয় উপহাৰ দিয়া কুমাৰে পদত্যাগ কৰাৰ লগে লগে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে । এনে হ’লে বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব । হিন্দী ভাষী ৰাজ্যসমূহৰ ভিতৰত বিহাৰ বিজেপিৰ মুখ্যমন্ত্ৰী নথকা একমাত্ৰ ৰাজ্য । বিহাৰৰ পৰা ৰাজ্যসভাৰ পাঁচখন আসনৰ নিৰ্বাচন অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব, বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হৈ নাথাকে নীতিশ কুমাৰ, ৰাজ্যসভালৈ যোৱাক লৈ দিলে ডাঙৰ মন্তব্য

মুখ্যমন্ত্ৰী হৈ নাথাকে নীতিশ কুমাৰ, ৰাজ্যসভালৈ যোৱাক লৈ দিলে ডাঙৰ মন্তব্য

জল্পনা-কল্পনাৰ অন্ত পেলাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এক বিবৃতি প্ৰকাশ পাইছে

বিগত ২৪ ঘন্টা ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লৈ যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ যাব বুলি তেওঁক লৈ চৰ্চা চলিছে । এই জল্পনা-কল্পনাৰ অন্ত পেলাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এক বিবৃতি প্ৰকাশ পাইছে । বিবৃতিত তেওঁ ৰাজ্যসভালৈ যাব বুলি স্পষ্ট কৰি দিছে । ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে ।

নীতিশ কুমাৰে লিখিছে যে সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰাই তেওঁৰ বিহাৰ বিধানসভা আৰু সংসদ দুয়োটা সদনৰ সদস্য হোৱাৰ হেঁপাহ আছিল । ফলস্বৰূপে তেওঁ এই নিৰ্বাচনত ৰাজ্যসভাৰ সদস্য হোৱাৰ মনস্থ কৰিছে । তেওঁ বিহাৰৰ নতুন চৰকাৰক সমৰ্থন কৰিব ।

নীতিশ কুমাৰে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত লিখিছে, “দুটা দশকৰো অধিক সময় ধৰি আপোনালোকে মোৰ সৈতে ধাৰাবাহিকভাৱে আপোনালোকৰ আস্থা আৰু সমৰ্থন ৰাখিছে আৰু সেই শক্তিৰে মই বিহাৰৰ লগতে আপোনালোক সকলোকে সম্পূৰ্ণ ভক্তিৰে সেৱা আগবঢ়াইছো । আপোনালোকৰ আস্থা আৰু সমৰ্থনৰ বাবেই আজি বিহাৰে উন্নয়ন আৰু সন্মানৰ এক নতুন মাত্ৰা দাঙি ধৰিছে । মই আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো ।”

তেওঁ আৰু লিখিছে যে মোৰ সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰাই মোৰ বিহাৰ বিধানসভাৰ দুয়োটা সদন আৰু সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাৰ হেঁপাহ আছিল । সেয়েহে মই এই নিৰ্বাচনত ৰাজ্যসভাৰ সদস্য হ’ব বিচাৰিছো ।

নীতিশে কয় যে, “মই আপোনালোকক সকলো আন্তৰিকতাৰে আশ্বাস দিব বিচাৰো যে ভৱিষ্যতেও আপোনালোকৰ সৈতে এই সম্পৰ্ক অব্যাহত থাকিব আৰু উন্নত বিহাৰ গঢ়াৰ বাবে একেলগে কাম কৰাৰ মোৰ সংকল্প অক্ষুণ্ণ থাকিব । যিখন নতুন চৰকাৰ গঠন হ’ব, তাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন থাকিব ।”

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

ৰাজ্যসভালৈ নীতিশ কুমাৰ, কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

তিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে

বিহাৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে । জানিব পৰা মতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব পাৰে । ইয়াৰ পিছতে এতিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ । দলে নীতিশৰ মনোনয়নৰ বাবে প্ৰয়োজনীয় সকলো নথি প্ৰস্তুত কৰিছে আৰু বৃহস্পতিবাৰে ​​তেওঁ মনোনয়ন দাখিল কৰিব । ১৬ মাৰ্চৰ পিছত নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে । ১৬ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব ।

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰি ৮৯খন আসন লাভ কৰিছিল । দ্বিতীয় স্থানত আছে ৮৫খন আসন লাভ কৰা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউ । এন ডি এৰ মিত্ৰতাত চিৰাগ পাছোৱানৰ দল (এল জে পি-আৰ ভি), জিতন ৰাম মাঝীৰ এইচ এ এম, উপেন্দ্ৰ কুশৱাহাৰ আৰ এল এম আদিও আছিল ।

নীতিশ কুমাৰৰ পিছত কোন হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী ?

বিহাৰৰ ক্ষমতাৰ গাঁথনিত বিজেপিৰ আধিপত্য সৰ্বোচ্চ সেয়া স্পষ্ট । এই কাৰণেই নীতিশ কুমাৰৰ পাছত বিজেপিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে । এনে হ’লে বিহাৰৰ ইতিহাসৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট হ’ব, কিয়নো বহুদিনৰ মূৰত মুখ্যমন্ত্ৰীৰ চকীখন দখল কৰিব এজন বিজেপি নেতাই ।

ইফালে জানিব পৰা মতে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰেও বিশেষ দায়িত্ব ল’বলৈ সাজু হৈছে । তেওঁক বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব পাৰে ।

উল্লেখ্য যে, ভাৰতীয় সংবিধানত উল্লেখ আছে যে কোনো ব্যক্তি একেলগে দুটা সদনৰ সদস্য হ’ব নোৱাৰে । বৰ্তমান নীতিশ কুমাৰ বিহাৰ বিধানসভাৰ সদস্য আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী । ৰাজ্যসভালৈ নিৰ্বাচিত হ’লে বিহাৰ বিধানসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব তেওঁ ।

লগতে পঢ়ক : ঘোষণা কৰা হ’ল ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা;কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব ?

হিজাব বিতৰ্কৰ মাজতে নিৰাপত্তা বৃদ্ধি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ; সামাজিক মাধ্যমত আহিছে ভাবুকি

হিজাব বিতৰ্কৰ মাজতে নিৰাপত্তা বৃদ্ধি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তা সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। হিজাব বিতৰ্কৰ পিছত লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ পোহৰত মুখ্যমন্ত্ৰীৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে।

সূত্ৰ অনুসৰি, চোৰাংচোৱা সংস্থাসমূহে আশংকা প্ৰকাশ কৰিছে যে কিছুমান অসামাজিক আৰু অপৰাধমূলক উপাদানে নীতিশ কুমাৰৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে,ইয়াৰ পিছত প্ৰশাসন সম্পূৰ্ণ সতৰ্কতা মোডলৈ গৈছে।

সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যৱস্থা ডিজিপি বিহাৰ আৰু এডিজি (এছএছজি ছিকিউৰিটি) পৰ্যায়ত পুনৰীক্ষণ হৈছে।

এই পৰ্যালোচনাৰ পিছত বিশেষ নিৰাপত্তা গোটৰ (এছ এছ জি) নিৰাপত্তা কৰ্ডন পূৰ্বতকৈ আৰু অধিক কঠোৰ কৰাৰ নিৰ্দেশনা দিয়া হৈছে।

এতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ কেৱল হাই-প্ৰফাইল আৰু নিৰ্বাচিত ব্যক্তিয়েহে লগ কৰিব পাৰিব।তেওঁৰ কাৰ্যসূচী, বাসস্থান আৰু চলাচলৰ সময়ত নিৰাপত্তাৰ প্ৰট’কল আৰু অধিক শক্তিশালী কৰা হৈছে।

উল্লেখ্য যে, যোৱা কিছুদিনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্রীক ভাবুকি দিয়াৰ তথ্যও পোহৰলৈ আহিছে৷এই ইনপুটসমূহক গুৰুত্বসহকাৰে লৈ নিৰাপত্তা সংস্থাসমূহে বিপদৰ আশংকা প্ৰকাশ কৰিছে আৰু সেই অনুসৰি নিৰাপত্তাৰ ব্যৱস্থাও উন্নীত কৰা হৈছে।

লগতে পঢ়ক: ‘এইটো ব্যক্তিগত সম্পত্তি নহয়…’; ছোনিয়া গান্ধীক নেহৰুৰ পত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ চৰকাৰৰ

‘মই পৰ্দা প্ৰথা বিৰোধী,কিন্তু নীতিশ কুমাৰৰ আচৰণ ভুল, ক্ষমা খুজিব লাগে…’; জাভেদ আখতাৰৰ বিস্ফোৰক মন্তব্য

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হিজাব বিতৰ্কক লৈ চৰ্চা অব্যাহত আছে। এইবাৰ এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গীতিকাৰ জাভেদ আখতাৰে।

বৰ্তমান সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হিজাব বিতৰ্ক তুংগত উঠিছে। এটা অনুষ্ঠানত নীতিশ কুমাৰে এগৰাকী মহিলা চিকিৎসকৰ মুখৰ পৰা বোৰ্খা আঁতৰাবলৈ চেষ্টা কৰিছিল।

বহু চেলিব্ৰিটিয়ে এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে,এতিয়া বিশিষ্ট কবি তথা গীতিকাৰ জাভেদ আখতাৰেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিশিষ্ট গীতিকাৰ গৰাকীয়ে এই প্ৰতিক্ৰিয়া সেই সময়ত প্ৰকাশ কৰিছে যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি বোৰ্খা সন্দৰ্ভত তেওঁৰ বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জাভেদ আখতাৰে এক্সত পোষ্ট কৰি নিজৰ মতামত প্ৰকাশ কৰে।নীতিশ কুমাৰৰ এই কাৰ্যক গৰিহণা দি তেওঁ লিখিছে- যিসকলে মোক অলপো চিনি পায়…আৰু তেওঁলোকে জানে মই পৰ্দা প্ৰথাৰ পৰম্পৰাগত ধাৰণাটোৰ কিমান বিৰোধী।

কিন্তু ইয়াৰ অৰ্থ এইটো একেবাৰেই নহয় যে মই মুখ্যমন্ত্ৰী গৰাকীয়ে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ সৈতে কৰা আচৰণটো মই মানি ল’ব পাৰো।

এই কথাটো মই অতি কঠোৰভাৱে গৰিহণা দিছো।মহিলাগৰাকীৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীয়ে বিনাচৰ্তে ক্ষমা খুজিব লাগে।

নৱেম্বৰ মাহত বোৰ্খা সন্দৰ্ভত দিয়া এক বক্তব্য ভাইৰেল হোৱাৰ পিছত জাভেদ আখতাৰে এই স্পষ্টীকৰণ দিছে।

লগতে পঢ়ক: মাতৃ হ’বলৈ ওলাইছে নেকি সোভিতা ধূলিপালা? শহুৰ নাগাৰ্জুনে দিলে প্ৰতিক্ৰিয়া

‘ক্ষমা বিচাৰক, অন্যথা…’; হিজাব বিতৰ্কক লৈ নীতিশ কুমাৰক ভাবুকি পাকিস্তানী ডন শ্বাহজাদ ভট্টীৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে জড়িত হিজাব বিতৰ্ক এতিয়া তুংগত আছে। বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীক এতিয়া পাকিস্তানী ডন শ্বাহজাদ ভট্টীয়ে দিছে ভাবুকি।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে জড়িত হিজাব বিতৰ্কক লৈ আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে।

পাকিস্তানৰ কুখ্যাত ডন শ্বাহজাদ ভট্টীয়ে মুছলমান মহিলা গৰাকীৰ সৈতে এক অনুষ্ঠানৰ সময়ত তেওঁৰ হিজাব ষ্পৰ্শ কৰা ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ প্ৰকাশ কৰি বিবৃতি দিছে।

এই ভিডিঅ’টোত ভট্টীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পৰা ক্ষমা বিচৰাৰ দাবীত সতৰ্ক সুৰত কৈছে,ইয়াৰ পিছত বিষয়টো অধিক সংবেদনশীল হৈ পৰিছে।

শ্বাহজাদ ভট্টীয়ে মুকলি কৰা এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত তেওঁ কৈছে যে বিহাৰত উচ্চ পদবীত থকা এজন ব্যক্তিয়ে এগৰাকী মুছলমান মহিলাৰ লগত কৰা ব্যৱহাৰ সকলোৱে দেখিছে।

ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে বুলি অভিযোগ কৰে।ভট্টীয়ে তেওঁৰ ভিডিঅ’ মেছেজত কয় যে সংশ্লিষ্ট ব্যক্তিজনৰ এতিয়াও মহিলাগৰাকীৰ ওচৰত ক্ষমা খুজিবলৈ সময় আছে।

অন্যথা দায়িত্বশীল প্ৰতিষ্ঠানসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয়, “আপোনাক সকীয়াই দিয়া হোৱা নাছিল বুলি পিছত নক’ব।” অৱশ্যে এই সমগ্র বিষয়ত কোনো আনুষ্ঠানিক প্রতিক্রিয়া ওলোৱা নাই৷

লগতে পঢ়ক: কাউন্টডাউন আৰম্ভঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ

‘বংগত বাবৰি মছজিদ নিৰ্মাণ কৰাটো ইতিবাচক পদক্ষেপ…’; JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য

পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণক লৈ JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য কৰিছে।

পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণ সন্দৰ্ভত বিহাৰৰ সাংসদ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে।

সোমবাৰে (৮ ডিচেম্বৰ, ২০২৫) নালন্দাত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰে কয় যে সেয়া সম্পূৰ্ণৰূপে সংবিধানৰ পৰিসৰৰ ভিতৰত আছে।

তেওঁ কয় যে,’ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু সকলো ধৰ্ম-বৰ্ণৰ মানুহৰ ইয়াত সম অধিকাৰ আছে।সংবিধানে প্ৰতিজন নাগৰিকক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাই নহয়, নিজৰ ধৰ্ম পালন আৰু প্ৰচাৰৰ সম্পূৰ্ণ স্বাধীনতাও প্ৰদান কৰে’।

কৌশলেন্দ্ৰ কুমাৰে কয় যে ‘বংগত বাবৰি মছজিদ নিৰ্মাণ কৰাটো এক ইতিবাচক পদক্ষেপ। বিশেষকৈ সেইসকল লোকৰ বাবে যিয়ে ধৰ্মত বিশ্বাস কৰে’।

‘যদি কোনো সম্প্ৰদায়ে নিজৰ ধৰ্মীয় স্থান সাংবিধানিকভাৱে গঢ়ি তোলে তেন্তে ইয়াৰ ওপৰত কোনো আপত্তি থকাৰ কথা নাহে’।

JDU সাংসদ গৰাকীয়ে লগতে কয় যে,’যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা আৰু সংবিধান বলবৎ হোৱাৰ পৰাই প্ৰতিজন নাগৰিকে নিজৰ ধৰ্ম পালন কৰাৰ মৌলিক অধিকাৰ লাভ কৰি আহিছে’।

এটা প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে, ‘বাবৰক কেতিয়াও দেখা নাই, কেৱল ইতিহাসৰ কিতাপত হে পঢ়িছো। সেইবাবেই তেওঁ বাবৰক লৈ কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিব বিচাৰে।আজিৰ ভাৰত ইতিহাসৰ পৰা আগুৱাই গৈছে আৰু আজি আমি সংবিধান, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিয়া উচিত’।

তেওঁ আৰু কয় যে, “যদি বংগত মুছলমান সম্প্ৰদায়ে বাবৰি মছজিদ নিৰ্মাণ কৰি আছে, তেন্তে ইয়াৰ প্ৰতি কাৰো আপত্তি থাকিব নালাগে”।

“কাৰণ সেয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ।দেশক আগুৱাই নিবলৈ হ’লে ধৰ্মৰ নামত বিবাদ নহয়, পাৰস্পৰিক সম্প্ৰীতি আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰয়োজন।”

লগতে পঢ়ক: বাবৰি মছজিদৰ আধাৰশিলা স্থাপনক লৈ বংগত ক্ষোভ; ইটা লৈ ওলাই আহিল হুমায়ুন কবীৰৰ সমৰ্থক

“মই নীতিশ কুমাৰ…”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

বিহাৰৰ নিৰ্বাচনত এন ডি এৰ বৃহৎ জয়ৰ পিছত এতিয়া ৰাজ্যখন নতুন চৰকাৰ গঠন কৰা হয়।দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে

নীতিশ কুমাৰৰ লগতে চৰকাৰৰ ২৬জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত বিজেপিৰ ১৪জন আৰু জেডিইউৰ কোটাৰ ৮জন মন্ত্ৰী অন্তৰ্ভূক্ত আছে। ২৬গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত এগৰাকী মুছলমান আৰু তিনিগৰাকী মহিলা আছে।

পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত এক বিশাল অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে নীতিশ কুমাৰক পদৰ শপত আৰু গোপনীয়তাৰ পাঠ কৰায়।

উল্লেখ্য যে ২০০০ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৭৪ বছৰীয়া নীতিশ কুমাৰ, অৱশ্যে সেই সময়ত তেওঁৰ চৰকাৰ মাত্ৰ ৮ দিনহে চলিছিল।

ইয়াৰ পিছত ২০০৫ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ অবিৰতভাৱে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত নীতিশ কুমাৰে পদত্যাগ কৰিছিল যদিও কেইমাহমানৰ পিছত পুনৰ ক্ষমতালৈ আহে।

এইবাৰ দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বিহাৰৰ কামাণ্ড নিজৰ হাতত লয় নীতিশ কুমাৰে।

লগতে পঢ়ক: পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ; আজি ল’ব শপত

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ; আজি ল’ব শপত

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

আজি দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

পুৱা ১১.৩০ বজাত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। ১৮ গৰাকী মন্ত্ৰীৰ সৈতে শপত ল’ব নীতিশ কুমাৰে।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনিতিবিদ।

শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পাটনা বিমানবন্দৰত বৃদ্ধি পাইছে ভিভিআইপিৰ যাতায়ত। বুধবাৰে নিশা পাটনাত অৱতৰণ কৰে চাৰিখন চাৰ্টাৰ্ড বিমান।

গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয়।ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

নতুন এন ডি এ চৰকাৰত বিজেপিৰ ১৪জন মন্ত্ৰীয়েও আজি শপত গ্ৰহণ কৰিব । পুৰণি মুখৰ ভিতৰত কেৱল মংগল পাণ্ডে আৰু নীতিনহে নতুন মন্ত্ৰী হ’ব।সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ নাম ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ বাহিৰে সকলো মুখ নতুন। বিজেপিৰ দুগৰাকী মহিলা মন্ত্ৰীৰ নামো অন্তৰ্ভূক্ত আছিল।আজি শ্ৰেয়াসী সিং আৰু ৰামা নিশাদে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। সঞ্জয় টাইগাৰো হ’ব মন্ত্ৰী।

লগতে পঢ়ক: কাইলৈ ​​বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে;উপস্থিত থাকিব বহু VVIP