'বংগত বাবৰি মছজিদ নিৰ্মাণ কৰাটো ইতিবাচক পদক্ষেপ...'; JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য

‘বংগত বাবৰি মছজিদ নিৰ্মাণ কৰাটো ইতিবাচক পদক্ষেপ…’; JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য

পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণক লৈ JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য কৰিছে। পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণ সন্দৰ্ভত বিহাৰৰ সাংসদ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে। সোমবাৰে (৮ ডিচেম্বৰ, ২০২৫) নালন্দাত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত JDU ৰ সাংসদ কৌশলেন্দ্ৰ

পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণক লৈ JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ বিস্ফোৰক মন্তব্য কৰিছে।

পশ্চিম বংগত বাবৰি মছজিদ নিৰ্মাণ সন্দৰ্ভত বিহাৰৰ সাংসদ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে।

সোমবাৰে (৮ ডিচেম্বৰ, ২০২৫) নালন্দাত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত JDU ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰে কয় যে সেয়া সম্পূৰ্ণৰূপে সংবিধানৰ পৰিসৰৰ ভিতৰত আছে।

তেওঁ কয় যে,’ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু সকলো ধৰ্ম-বৰ্ণৰ মানুহৰ ইয়াত সম অধিকাৰ আছে।সংবিধানে প্ৰতিজন নাগৰিকক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাই নহয়, নিজৰ ধৰ্ম পালন আৰু প্ৰচাৰৰ সম্পূৰ্ণ স্বাধীনতাও প্ৰদান কৰে’।

কৌশলেন্দ্ৰ কুমাৰে কয় যে ‘বংগত বাবৰি মছজিদ নিৰ্মাণ কৰাটো এক ইতিবাচক পদক্ষেপ। বিশেষকৈ সেইসকল লোকৰ বাবে যিয়ে ধৰ্মত বিশ্বাস কৰে’।

‘যদি কোনো সম্প্ৰদায়ে নিজৰ ধৰ্মীয় স্থান সাংবিধানিকভাৱে গঢ়ি তোলে তেন্তে ইয়াৰ ওপৰত কোনো আপত্তি থকাৰ কথা নাহে’।

JDU সাংসদ গৰাকীয়ে লগতে কয় যে,’যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা আৰু সংবিধান বলবৎ হোৱাৰ পৰাই প্ৰতিজন নাগৰিকে নিজৰ ধৰ্ম পালন কৰাৰ মৌলিক অধিকাৰ লাভ কৰি আহিছে’।

এটা প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে, ‘বাবৰক কেতিয়াও দেখা নাই, কেৱল ইতিহাসৰ কিতাপত হে পঢ়িছো। সেইবাবেই তেওঁ বাবৰক লৈ কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিব বিচাৰে।আজিৰ ভাৰত ইতিহাসৰ পৰা আগুৱাই গৈছে আৰু আজি আমি সংবিধান, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিয়া উচিত’।

তেওঁ আৰু কয় যে, “যদি বংগত মুছলমান সম্প্ৰদায়ে বাবৰি মছজিদ নিৰ্মাণ কৰি আছে, তেন্তে ইয়াৰ প্ৰতি কাৰো আপত্তি থাকিব নালাগে”।

“কাৰণ সেয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ।দেশক আগুৱাই নিবলৈ হ’লে ধৰ্মৰ নামত বিবাদ নহয়, পাৰস্পৰিক সম্প্ৰীতি আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰয়োজন।”

লগতে পঢ়ক: বাবৰি মছজিদৰ আধাৰশিলা স্থাপনক লৈ বংগত ক্ষোভ; ইটা লৈ ওলাই আহিল হুমায়ুন কবীৰৰ সমৰ্থক