নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে বিজেপিত যোগদান কৰে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া । দল এৰি ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে মুখ্যমন্ত্ৰীৰ উপস্থিতিত

নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে বিজেপিত যোগদান কৰে

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া । দল এৰি ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে ।

গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ তিনিগৰাকী বিধায়ক- কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত তেওঁলোকক দললৈ আদৰণি জনোৱা হয় ।

দলত যোগদান কৰাৰ পিছত ভাষণ প্ৰদান কৰি কমলাক্ষ দে পুৰকায়স্থই কয় যে দেশ আৰু অসমৰ নিৰাপত্তা তথা উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে যে তিনিওগৰাকী বিধায়কে বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ কাম কৰিবলৈ আৰু অসম তথা ভাৰতক আগুৱাই নিবলৈ বিজেপিত যোগদান কৰিছে । লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দলটোৰ “তোষণৰ ৰাজনীতিয়ে” ইয়াক দুৰ্বল কৰি পেলাইছে । তেওঁ সকীয়াই দিয়ে যে যদিহে কংগ্ৰেছে ভৱিষ্যতে নিজৰ আদৰ্শ সলনি নকৰে, তেন্তে দলটো দুৰ্বল হৈ পৰিব পাৰে ।

আনহাতে, বসন্ত দাসে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নমূলক কাম-কাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এই সিদ্ধান্ত লৈছে । তেওঁৰ সমষ্টিত বৰ্তমানৰ চৰকাৰৰ দিনত উল্লেখনীয় উন্নয়ন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত অসম তথা দেশৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰা বুলি জনায় ।

ইফালে শশীকান্ত দাসে মন্তব্য কৰে যে অসমৰ মানুহক একগোট কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই তেওঁক অভিভূত কৰিছে । তেওঁ লগতে কয় যে মহাত্মা গান্ধীৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ যি কংগ্ৰেছ গঠন হৈছিল, বৰ্তমানৰ কংগ্ৰেছ তেনে হৈ থকা নাই । গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলি থকা অভিযোগৰ প্ৰসংগত দাসে কয় যে অনাগত নিৰ্বাচনত কংগ্ৰেছে বিৰোধীৰ মৰ্যাদা লাভ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে । তেওঁ ভৱিষ্যদ্বাণী কৰে যে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক : APSCৰ কোচিং চেণ্টাৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী