ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০ বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে বিহাৰৰ ১০ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এৰ জ্যেষ্ঠ

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০ বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে

বিহাৰৰ ১০ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এৰ জ্যেষ্ঠ নেতাসকলে নীতিশ কুমাৰক সংগ দিয়ে । যোৱা বছৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ২৭ ফেব্ৰুৱাৰীত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰে ৰাজ্যসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল ।

২০০৫ চনৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা নীতিশ কুমাৰে ইয়াৰ পূৰ্বে নতুন মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ নতুন চৰকাৰে তেওঁৰ সম্পূৰ্ণ সমৰ্থন আৰু পথ প্ৰদৰ্শন লাভ কৰিব বুলি উল্লেখ কৰিছিল । তেওঁ কয়, “দুই দশকৰো অধিক সময় ধৰি আপোনালোকে মোৰ ওপৰত নিজৰ আস্থা আৰু সমৰ্থন ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে । সেই আস্থাৰ জৰিয়তেই মই বিহাৰ আৰু আপোনালোক সকলোকে সম্পূৰ্ণ ভক্তিৰে সেৱা আগবঢ়াইছো । আপোনালোকৰ আস্থা আৰু সমৰ্থনৰ শক্তিৰ দ্বাৰাই আজি বিহাৰে উন্নয়ন আৰু মৰ্যাদাৰ নতুন পৰিচয় দাঙি ধৰিছে ।”

ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কুমাৰে কয় যে সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰা বিহাৰ বিধানসভাৰ দুয়োটা সদনৰ লগতে সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাটো তেওঁৰ ইচ্ছা আছিল ।

২০২৫ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক বিজয় উপহাৰ দিয়া কুমাৰে পদত্যাগ কৰাৰ লগে লগে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে । এনে হ’লে বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব । হিন্দী ভাষী ৰাজ্যসমূহৰ ভিতৰত বিহাৰ বিজেপিৰ মুখ্যমন্ত্ৰী নথকা একমাত্ৰ ৰাজ্য । বিহাৰৰ পৰা ৰাজ্যসভাৰ পাঁচখন আসনৰ নিৰ্বাচন অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব, বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হৈ নাথাকে নীতিশ কুমাৰ, ৰাজ্যসভালৈ যোৱাক লৈ দিলে ডাঙৰ মন্তব্য