কংগ্ৰেছে প্ৰকাশ কৰিলে ৰাজ্যসভাৰ তালিকা; ‘তপস্যা’ৰ ফল পালে পৱন খেড়াই

২০২৬ চনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা । পৱন খেড়া আৰু মল্লিকাৰ্জুন খৰ্গে কৰ্ণাটকৰ প্ৰাৰ্থী, মধ্যপ্ৰদেশৰ মীনাক্ষী নটৰাজন আৰু ঝাৰখণ্ডৰ প্ৰণৱ ঝা প্ৰাৰ্থী।

ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অনুমোদন জনোৱা এই তালিকাৰ আটাইতকৈ আশ্চৰ্যজনক নামটো হ’ল দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়া, যাক কৰ্ণাটক কোটাৰ অধীনত উচ্চ সদনলৈ প্ৰেৰণ কৰা হৈছে।

এই তালিকাত আটাইতকৈ বেছি চৰ্চা লাভ কৰা নামটো হ’ল দলৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেড়াৰ।তেওঁক কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ টিকট দিয়া হৈছে। দৰাচলতে ২০২২ চনৰ ৩০ মে’ত যেতিয়া কংগ্ৰেছে ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১০ জন প্ৰাৰ্থী(প. চিদাম্বৰম, জয়ৰাম ৰমেশ, ৰাজীৱ শুক্লা, প্ৰমোদ তিৱাৰী, ইমৰান প্ৰতাপগড়ী, ইত্যাদি)নাম ঘোষণা কৰাৰ সময়ত সেই তালিকাত পৱন খেড়াৰ নাম নাছিলে।

টিকটৰ পৰা বঞ্চিত হৈ আঘাতপ্ৰাপ্ত খেড়ই ছ’চিয়েল মিডিয়াত এটা লাইন পোষ্ট কৰি নিজৰ যন্ত্ৰণা প্ৰকাশ কৰে, যিটো অত্যন্ত ভাইৰেল হৈ পৰিছিল-“হয়তো মোৰ তপস্যাত কিছু অভাৱ আছিল।” ২০২৬ বৰ্ষৰ এই নতুন তালিকাখনে খেড়াক সংসদীয় টিকট দি খেড়াৰ সেই ‘তপস্যা’কে পূৰণ কৰিছে।

কংগ্ৰেছ দলৰ আটাইতকৈ শক্তিশালী দুৰ্গ কৰ্ণাটকৰ পৰা তিনিগৰাকী হেভীৱেট নেতাক নিৰ্বাচনী যুঁজত নমোৱা হৈছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খৰ্গে নিজে কৰ্ণাটকৰ পৰা উচ্চ সদনৰ বাবে ভাগ্য পৰীক্ষা কৰিব।

পৱন খেড়া-দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু কণ্ঠস্বৰ।

মনছুৰ আলী খানঃ সংখ্যালঘু সম্প্ৰদায়ৰ এজন বিশিষ্ট ব্যক্তি হিচাপে তেওঁক কৰ্ণাটকৰ পৰা তৃতীয়খন আসনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

লগতে পঢ়ক: বিৰোধী মিত্ৰজোঁটত মোক্ষম  আঘাত; INDIA ব্লকৰ বৈঠক বৰ্জন ডি এম কেৰ

বিহাৰ ৰাজ্যসভাৰ নিৰ্বাচনত এন ডি এৰ ক্লিন ছুইপ

ৰাজ্যসভাৰ নিৰ্বাচন বিহাৰত এন ডি এয়ে ক্লিন ছুইপেৰে বৃহৎ বিজয় সাব্যস্ত কৰিছে

ৰাজ্যসভাৰ নিৰ্বাচন বিহাৰত এন ডি এয়ে ক্লিন ছুইপেৰে বৃহৎ বিজয় সাব্যস্ত কৰিছে । ৫খনকৈ আসনত জয়লাভ কৰিছে এন ডি এ । পঞ্চম আসনখনত জয়ী হ’বলৈ এন ডি এক প্ৰয়োজন আছিল তিনিজন বিধায়কৰ । এই প্ৰয়োজনীয়তাৰ মাজতে গ্ৰেণ্ড এলায়েন্সৰ চাৰিজন বিধায়কে ভোটদানৰ পৰা বিৰত থাকে । গ্ৰেণ্ড এলায়েন্সক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ছয়জন বিধায়কৰ । তেজস্বী যাদৱে এআইএমআইএমৰ পৰা পাঁচজন আৰু বিএছপিৰ পৰা এজন বিধায়ক লাভ কৰি এই কাম পৰিচালনা কৰিছিল যদিও অনুপস্থিত আছিল আৰজেডিৰ এজন বিধায়ক আৰু তিনিজন কংগ্ৰেছ বিধায়ক ।

এই চাৰিজন বিধায়ক ভোটদানৰ পৰা বিৰত থকাত অৱশেষত ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল এন ডি এৰ পক্ষত যায় । লগে লগে পঞ্চম আসনখনো এন ডি এলৈ যায় । ভোটদান নকৰা বিধায়কসকলৰ ভিতৰত আছে বাল্মিকীনগৰৰ কংগ্ৰেছৰ বিধায়ক সুৰেন্দ্ৰ কুশৱাহা, ফৰ্বছগঞ্জৰ কংগ্ৰেছ বিধায়ক মনোজ বিশ্বাস, মণিহাৰীৰ কংগ্ৰেছ বিধায়ক মনোহৰ সিং, ঢাকাৰ আৰজেডিৰ বিধায়ক ফৈছাল ৰহমান ।

এই নির্বাচনত নীতিশ কুমাৰে প্রথম অগ্রাধিকাৰৰ ৪৪টা ভোট লাভ কৰে ৷ নীতিন নবীনে ৪৪টা, উপেন্দ্ৰ কুশৱাহা আৰু ৰামনাথ ঠাকুৰে ৪২টা ভোট লাভ কৰে । ইফালে গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী এ ডি সিঙে ৩৭টা ভোট লাভ কৰে ।

জেডিইউৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী শ্ৰৱণ কুমাৰে দাবী কৰে যে এনডিএৰ ২০২ গৰাকী বিধায়কে ভোটদান কৰাৰ বিপৰীতে বিৰোধী গ্ৰেণ্ড এলায়েন্সৰ চাৰিজন বিধায়কে ভোটদানৰ পৰা বিৰত থাকে । মিত্ৰজোঁটে পূৰ্ণ শক্তিৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত প্ৰৱেশ কৰে । আমাৰ মিত্ৰতাই নিজৰ ঐক্য আৰু কৌশলগত শক্তি প্ৰদৰ্শন কৰিছে ।

লগতে পঢ়ক : বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত সুবেন্দু অধিকাৰী

ওড়িশা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকা কংগ্ৰেছৰ; বেংগালুৰুৰ ৰিজ’ৰ্টলৈ স্থানান্তৰ ১২ গৰাকী বিধায়ক

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে। সেইবাবেই কংগ্ৰেছে এটা ডাঙৰ পদক্ষেপ লৈ তেওঁলোকৰ ১২ জন বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে।

ওড়িশাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ আশংকাই কংগ্ৰেছ দলক জুৰুলা কৰিছে।সেইবাবেই তেওঁলোকৰ নিজৰ ১২ গৰাকীকৈ বিধায়কক বেংগালুৰুৰ এখন ৰিজ’ৰ্টলৈ স্থানান্তৰিত কৰিছে। এই আটাইকেইজন বিধায়ক যোৱা নিশা বেংগালুৰুত উপস্থিত হয়।

জানিব পৰা মতে, বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ এখন ৰিজৰ্টত তেওঁলোকক ৰখা হৈছে। য’ত কোনো লোকৰে অহা-যোৱা নিষিদ্ধ।এই বিধায়কসকলক ভোটদানৰ দিনা অৰ্থাৎ ১৬ মাৰ্চত ইয়াৰ পৰা পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয় যে, মই কাকো নিমন্ত্ৰণ কৰা নাই।তেওঁলোক আহিছে, এনেদৰে মোক কোৱা হৈছে। তাত থকা পিচিচিৰ সভাপতিজনে মোক ফোন কৰি ক’লে যে মই তেওঁলোকৰ বাবে ব্যৱস্থা কৰিলোঁ।তেওঁলোকে হয়তো বেংগালুৰু আৰু মহীচুৰু ভ্ৰমণ কৰিবলৈ ওলাইছে। চাওক, দলে আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাটো আমাৰ কৰ্তব্য।মই তেওঁলোকক জনাইছো যে বিধানসভাৰ কাম-কাজ সমাপ্ত হোৱাৰ পিছত তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিম।

লগতে পঢ়ক: ১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০ বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে

বিহাৰৰ ১০ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এৰ জ্যেষ্ঠ নেতাসকলে নীতিশ কুমাৰক সংগ দিয়ে । যোৱা বছৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ২৭ ফেব্ৰুৱাৰীত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰে ৰাজ্যসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল ।

২০০৫ চনৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা নীতিশ কুমাৰে ইয়াৰ পূৰ্বে নতুন মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ নতুন চৰকাৰে তেওঁৰ সম্পূৰ্ণ সমৰ্থন আৰু পথ প্ৰদৰ্শন লাভ কৰিব বুলি উল্লেখ কৰিছিল । তেওঁ কয়, “দুই দশকৰো অধিক সময় ধৰি আপোনালোকে মোৰ ওপৰত নিজৰ আস্থা আৰু সমৰ্থন ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে । সেই আস্থাৰ জৰিয়তেই মই বিহাৰ আৰু আপোনালোক সকলোকে সম্পূৰ্ণ ভক্তিৰে সেৱা আগবঢ়াইছো । আপোনালোকৰ আস্থা আৰু সমৰ্থনৰ শক্তিৰ দ্বাৰাই আজি বিহাৰে উন্নয়ন আৰু মৰ্যাদাৰ নতুন পৰিচয় দাঙি ধৰিছে ।”

ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কুমাৰে কয় যে সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰা বিহাৰ বিধানসভাৰ দুয়োটা সদনৰ লগতে সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাটো তেওঁৰ ইচ্ছা আছিল ।

২০২৫ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক বিজয় উপহাৰ দিয়া কুমাৰে পদত্যাগ কৰাৰ লগে লগে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে । এনে হ’লে বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী হ’ব । হিন্দী ভাষী ৰাজ্যসমূহৰ ভিতৰত বিহাৰ বিজেপিৰ মুখ্যমন্ত্ৰী নথকা একমাত্ৰ ৰাজ্য । বিহাৰৰ পৰা ৰাজ্যসভাৰ পাঁচখন আসনৰ নিৰ্বাচন অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব, বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হৈ নাথাকে নীতিশ কুমাৰ, ৰাজ্যসভালৈ যোৱাক লৈ দিলে ডাঙৰ মন্তব্য

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৰ

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত এই মনোনয়ন দাখিল কৰে বিজেপি নেতা তথা মন্ত্ৰী যোগেন মহন আৰু বিজেপি বিধায়ক তেৰছ গোৱালাই

সমাগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুগৰাকী প্ৰাৰ্থীয়ে অসমৰ পৰা মনোনয়ন দাখিল কৰে । ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত এই মনোনয়ন দাখিল কৰে বিজেপি নেতা তথা মন্ত্ৰী যোগেন মহন আৰু বিজেপি বিধায়ক তেৰছ গোৱালাই । ইফালে তৃতীয়খন আসনৰ বাবে মিত্ৰদল ইউপিপিএলৰ প্ৰমোদ বড়োৱে দাখিল কৰে মনোনয়ন ।

ৰাজ্যখনৰ তিনিখন খালী ৰাজ্যসভা আসনৰ ভিতৰত দুখনৰ বাবে বিজেপিয়ে কেবিনেট মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । তৃতীয়খন আসন বিজেপিৰ মিত্ৰদল ইউপিপিএলক এৰি দিয়া হৈছে । মনোনয়ন দাখিলত প্ৰাৰ্থীকেইগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অশোক সিংহল, ৰঞ্জিত কুমাৰ দাস, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা । ইফালে পূৰ্বতে BTC মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰমোদ বড়োৱে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সময়ত ইউপিপিএলৰ কেইবাজনো নেতা তেওঁৰ সৈতে উপস্থিত থাকে ।

মনোনয় দাখিল কৰিবলৈ আহি যোগেন মহনে উচ্চ সদনলৈ তেওঁক প্ৰেৰণৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় । মন্ত্ৰী মহনে বিগত দহ বছৰে তেওঁ বিধায়ক তথা মন্ত্ৰী হৈ থকাৰ সময়ছোৱাত যদি কিবা ভুল কৰিছিল তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচৰা বুলি মন্তব্য কৰে । তেওঁ লগতে ৰাজ্যখনৰ সমস্যা সমূহ কেন্দ্ৰত শক্তিশালীভাৱে উপস্থাপন কৰি অসমক আগুৱাই নিবলৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে । আনহাতে ৰাজ্যসভা নিৰ্বাচনৰ বাবে চাইকেলেৰে মনোনয়ন দাখিল কৰিবলৈ উপস্থিত হয় বিধায়ক তেৰছ গোৱালা ।  

উল্লেখ্য যে, বৰ্তমানৰ সদস্যসকলৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত খালী হ’বলগীয়া অসমৰ তিনিখন আসন পূৰণৰ বাবে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । নিৰ্বাচনী সূচী অনুসৰি, ৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ৯ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে । ১৬ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

ৰাজ্যসভালৈ যাব নীতিন নবীন, বিজেপিয়ে প্ৰকাশ কৰিলে ৯ জনীয়া প্ৰাৰ্থী তালিকা

ৰাজ্যসভা নিৰ্বাচনৰ টিকট বিতৰণৰ ক্ষেত্ৰত বিজেপিয়ে প্ৰবল সাংগঠনিক প্ৰভাৱ থকা নেতাক অগ্ৰাধিকাৰ দিছে

ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । বিহাৰ, অসম, ছত্তীশগড়, হাৰিয়ানা, ওড়িশা আৰু পশ্চিম বংগৰ ৯ গৰাকী প্ৰাৰ্থীক চূড়ান্ত কৰিছে দলটোৱে । ৰাজ্যসভা নিৰ্বাচনৰ টিকট বিতৰণৰ ক্ষেত্ৰত বিজেপিয়ে প্ৰবল সাংগঠনিক প্ৰভাৱ থকা নেতাক অগ্ৰাধিকাৰ দিছে । ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে ভোটদানৰ দিন ১৬ মাৰ্চত । ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে আৰু মনোনয়নৰ শেষ তাৰিখ ৫ মাৰ্চ ।

বিহাৰৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে । পাটনাৰ বাংকীপুৰৰ পৰা পাঁচবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিন নবীনৰ বিহাৰৰ ৰাজনীতিত সবল উপস্থিতি আছে । পশ্চিম বংগৰ বাবে বিজেপি দলৰ ৰাজনৈতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ৰাহুল সিনহাক মনোনীত কৰিছে । বিহাৰৰ পৰা ৰাজ্যসভাৰ বাবে মনোনীত হৈছে যুৱ নেতা শিৱেশ কুমাৰ । বিহাৰত ৰাজ্যসভাৰ পাঁচখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বিজেপিয়ে অসমৰ পৰা তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰক্ষেপ কৰিছে । দুয়োগৰাকী নেতাই ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । বিজেপিয়ে ওড়িশাৰ পৰা মনমোহন সমল আৰু সুজিত কুমাৰক প্ৰক্ষেপ কৰিছে । ৰাজ্যখনত বিজেপিৰ চৰকাৰ থকাত দলৰ বাবে এক শক্তিশালী স্থিতি হিচাপে বিবেচিত হৈছে ।

চত্তীশগড়ৰ পৰা লক্ষ্মী বাৰ্মাক মনোনীত কৰিছে গেৰুৱা দলটোৱে । ছত্তীশগড়ত খালী হৈছে ৰাজ্যসভাৰ দুখন আসন । ইফালে সঞ্জয় ভাটিয়াক হাৰিয়ানাৰ পৰা মনোনীত কৰা হৈছে । হাৰিয়ানাত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে

ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । বিজেপিৰ হৈ তেৰছ গোৱালা আৰু যোগেন মহন হ’ব ৰাজ্য সভা নিৰ্বাচনৰ প্ৰাৰ্থী । আনহাতে তৃতীয়খন আসনত UPPLৰ প্ৰমোদ বড়োক প্ৰাৰ্থী হিচাবে ঘোষণা কৰা হৈছে ।

মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে দুলীয়াজান সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ ঠাইত বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে সমষ্টিটোত চৰ্চাত থকা তথা শেহতীয়াকৈ বিজেপিত যোগদান কৰা এগৰাকী যুৱ নেতাৰ কথা সোধাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“নতুন যুৱ নেতাক যোগদান কৰোতেই এইবাৰ টিকট লাভ নকৰে বুলি কোৱা হৈছিল ।“

লগতে পঢ়ক : কংগ্ৰেছে নিজৰ আত্মা বাংলাদেশী মূলৰ মুছলমানৰ ওচৰত বন্ধক দিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে মনোনয়ন আৰম্ভ; ১৬ মাৰ্চত নিৰ্বাচন

সকলোবোৰ ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব আৰু ৫ মাৰ্চলৈকে চলিব ।

১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে । এই সকলোবোৰ ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব আৰু ৫ মাৰ্চলৈকে চলিব । যদি কোনো ৰাজ্যত আবণ্টিত আসনতকৈ অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে ১৬ মাৰ্চত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান হ’ব আৰু সেইদিনা সন্ধিয়াৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব ।

মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ, ওড়িশা, অসম, তেলেংগানা, তামিলনাডুকে ধৰি ১০খন ৰাজ্যৰ ৩৭খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । এই আসনসমূহ এপ্ৰিল মাহত খালী হ’ব, যাৰ বাবে নিৰ্বাচন আয়োগে ১৬ মাৰ্চত নিৰ্বাচন ঘোষণা কৰে ।

অসমৰো তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । অন্ত পৰিব ভুবনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল । অসমৰ এই তিনিখন খালী আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । ইফালে এন চি পি (এছ পি)ৰ মুৰব্বী শাৰদ পাৱাৰ, অভিষেক মনু সিংৱী আৰু প্ৰিয়ংকা চতুৰ্বেদীৰ কাৰ্যকালৰ অন্ত পৰিছে । ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ সিং আৰু উপেন্দ্ৰ কুশৱাহাৰ কাৰ্যকালৰো অন্ত পৰিছে । ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ আসন বৃদ্ধি পাব পাৰে যদিও বিৰোধী ইণ্ডিয়া ব্লকৰ আসন হ্ৰাস পাব পাৰে, আনহাতে কংগ্ৰেছৰ আসন বৃদ্ধি পাব পাৰে ।

ৰাজ্যসভাৰ আসনত সৰ্বাধিক সংখ্যক আসন আছে মহাৰাষ্ট্ৰত । ৰাজ্যখনৰ ৭ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ’ব । বিজেপিৰ দুখন আসন, শৰদ পাৱাৰৰ এন চি পিৰ দুখন আসন । কংগ্ৰেছ, শিৱসেনা (ইউ বি টি), আৰ পি আইৰ এখনকৈ আসন আছে । বিহাৰত ৰাজ্যসভাৰ পাঁচখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব, য’ত এন ডি এয়ে সহজেই ৪খন আসন লাভ কৰাৰ বিপৰীতে এখন আসন বিৰোধী দললৈ যাব পাৰে ।

আনহাতে তামিলনাডুৰ ৰাজ্যসভাৰ ছখন আসনৰ ভিতৰত ডি এম কেৰ চাৰিখন, এ আই এ ডি এম কেৰ এখন আৰু টি এম চিৰ এখন আসন আছে । বংগৰ ৰাজ্যসভাৰ ৫খন আসনৰ ভিতৰত টিএমচিৰ চাৰিখন, চিপিআই(এম)ৰ এখন আসন । পশ্চিম বংগৰ পাঁচখন আসনৰ ভিতৰত চাৰিখন আসন টিএমচিয়ে অক্ষুণ্ণ ৰাখিব, কিন্তু চিপিআই (এম)এ এখন আসন হেৰুৱাব পাৰে, যিখন বিজেপিলৈ যাব পাৰে ।

একেদৰে ওড়িশাত চাৰিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে, য’ত বিজেপি আৰু বিজেডিৰ হাতত ৰাজ্যসভাৰ দুখনকৈ আসন আছে । পৰিৱৰ্তিত বিধানসভাৰ গণিতৰ ভিত্তিত বিজেপিয়ে সহজেই তিনিখন আসন লাভ কৰিব, আনহাতে বিজেডিয়ে হয়তো এখন আসনতে সন্তুষ্ট হ’ব লাগিব ।

অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত বিজেপিৰ দুখন আৰু অসম গণ পৰিষদৰ এখন আসন । হাৰিয়ানা, ছত্তীশগড় আৰু তেলেংগানাৰ দুখনকৈ, হিমাচল প্ৰদেশৰ এখনকৈ আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ’ব । অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত দুখন আসন বিজেপিয়ে সহজে দখল কৰিব বুলি আশা কৰা হৈছে ৷

তেলেংগানাৰ ৰাজ্যসভাৰ দুয়োখন আসন কংগ্ৰেছলৈ যাব পাৰে । ছত্তীশগড়ৰ দুখন আসনৰ ভিতৰত এখন বিজেপি আৰু আনখন কংগ্ৰেছলৈ যাব পাৰে । কংগ্ৰেছে এখন আসন হেৰুৱাব পাৰে ।

লগতে পঢ়ক : ইনষ্টাগ্ৰামত ১০ কোটীৰ ক্লাবত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমজন নেতা, প্ৰধানমন্ত্ৰী মোদীৰ আন এক অভিলেখ

ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ৰাজ্যসভা নিৰ্বাচন ২০২৬ৰ দিন ঘোষণা কৰা হৈছে। বুধবাৰে নিৰ্বাচন আয়োগে ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ১০খন ৰাজ্যত খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিকভাৱে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

২০২৬ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে ভোটদান ১৬ মাৰ্চত হোৱাৰ লগতে সেইদিনাই ঘোষণা কৰা হ’ব ফলাফলো।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তীশগড়, পশ্চিম বংগ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰৰ খালী ৰাজ্যসভাৰ আসনসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ তিনিখন আসনৰ বাবেও হ’ব নিৰ্বাচন। অন্ত পৰিব ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকাল।

১৬ মাৰ্চত পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ২৬ ফেব্ৰুৱাৰীত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৫ মাৰ্চ ২০২৬।

লগতে পঢ়ক: বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ