ৰাজ্যসভালৈ নীতিশ কুমাৰ, কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ৰাজ্যসভালৈ নীতিশ কুমাৰ, কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

তিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে বিহাৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে । জানিব পৰা মতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব পাৰে । ইয়াৰ পিছতে এতিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ

তিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে

বিহাৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে । জানিব পৰা মতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব পাৰে । ইয়াৰ পিছতে এতিয়া নীতিশ কুমাৰৰ বিদায়ৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ । দলে নীতিশৰ মনোনয়নৰ বাবে প্ৰয়োজনীয় সকলো নথি প্ৰস্তুত কৰিছে আৰু বৃহস্পতিবাৰে ​​তেওঁ মনোনয়ন দাখিল কৰিব । ১৬ মাৰ্চৰ পিছত নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে । ১৬ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব ।

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰি ৮৯খন আসন লাভ কৰিছিল । দ্বিতীয় স্থানত আছে ৮৫খন আসন লাভ কৰা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউ । এন ডি এৰ মিত্ৰতাত চিৰাগ পাছোৱানৰ দল (এল জে পি-আৰ ভি), জিতন ৰাম মাঝীৰ এইচ এ এম, উপেন্দ্ৰ কুশৱাহাৰ আৰ এল এম আদিও আছিল ।

নীতিশ কুমাৰৰ পিছত কোন হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী ?

বিহাৰৰ ক্ষমতাৰ গাঁথনিত বিজেপিৰ আধিপত্য সৰ্বোচ্চ সেয়া স্পষ্ট । এই কাৰণেই নীতিশ কুমাৰৰ পাছত বিজেপিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে । এনে হ’লে বিহাৰৰ ইতিহাসৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট হ’ব, কিয়নো বহুদিনৰ মূৰত মুখ্যমন্ত্ৰীৰ চকীখন দখল কৰিব এজন বিজেপি নেতাই ।

ইফালে জানিব পৰা মতে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰেও বিশেষ দায়িত্ব ল’বলৈ সাজু হৈছে । তেওঁক বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব পাৰে ।

উল্লেখ্য যে, ভাৰতীয় সংবিধানত উল্লেখ আছে যে কোনো ব্যক্তি একেলগে দুটা সদনৰ সদস্য হ’ব নোৱাৰে । বৰ্তমান নীতিশ কুমাৰ বিহাৰ বিধানসভাৰ সদস্য আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী । ৰাজ্যসভালৈ নিৰ্বাচিত হ’লে বিহাৰ বিধানসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব তেওঁ ।

লগতে পঢ়ক : ঘোষণা কৰা হ’ল ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা;কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব ?