বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰৰ বিধান পৰিষদৰ পৰা পদত্যাগক লৈ জল্পনা-কল্পনা অব্যাহত আছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে।
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এম এল চি পদৰ পৰা পদত্যাগক লৈ তীব্ৰ জল্পনা-কল্পনা চলি আছিল। কিন্তু বিহাৰ ৰাজনীতিৰ পৰা এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। তেওঁ বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে, জেডিইউয়ে তেওঁৰ পদত্যাগৰ পত্ৰ তেওঁলোকৰ হাতত থকা বুলি উল্লেখ কৰে। অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।তেওঁ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰাই পোনপটীয়াকৈ অধ্যক্ষ আৱাধেশ নাৰায়ণ সিঙক পদত্যাগ পত্ৰ দাখিল কৰে।
নীতিশ কুমাৰ ২০০৬ চনৰ পৰা ধাৰাবাহিকভাৱে বিধান পৰিষদৰ সদস্য হৈ আছিল। ২০২৪ চনৰ ৭ মে’ত চতুৰ্থবাৰৰ বাবে তেওঁ কাউন্সিলৰ সদস্য হয় আৰু তেওঁৰ কাৰ্যকাল ২০৩০ চনলৈকে আছিল।
অৱশ্যে ২০২৬ চনৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে এতিয়া তেওঁ পৰিষদৰ সদস্যপদ ত্যাগ কৰিব লাগিব। এতিয়া অনুমান কৰা হৈছে যে তেওঁ অতি সোনকালে মুখ্যমন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিব।বিহাৰত গঠন হ’ব নতুন চৰকাৰ।ইফালে জেডিইউৰ নেতা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈয়েই আছে।
দৰাচলতে,নীতিশ কুমাৰে মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰাক লৈ অব্যাহত আছে চাচপেন্স৷ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ নিয়ম অনুসৰি পৰিষদৰ সদস্যপদ ত্যাগ কৰিব লাগিব। অৱশ্যে এম এল চি পদৰ পৰা পদত্যাগ কৰাৰ পিছতো নীতিশ কুমাৰে ছমাহ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰে। কিন্তু ১০ এপ্ৰিলত ৰাজ্যসভাৰ সদস্য হিচাপে নীতিশ কুমাৰ শপত গ্ৰহণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক: মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ মূৰত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী









