জেডিইউত যোগদানৰ পূৰ্বেই বৃহস্পতিবাৰে দলীয় নেতাৰ সৈতে বৈঠকত মিলিত হয় নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত। জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা সাংসদ সঞ্জয় ঝাৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হয়।
বিহাৰৰ ৰাজনীতিত এক নতুন যোগৰ সুচনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে জনতা দল ইউনাইটেডত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পূৰ্বেই নিজৰ সক্ৰিয়তা বৃদ্ধি কৰি ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে।
শনিবাৰে পুৱা নিশান্ত কুমাৰে হঠাতে জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা সাংসদ সঞ্জয় ঝাৰ বাসগৃহত উপস্থিত হয়।য’ত তেওঁ দলৰ জ্যেষ্ঠ নেতা আৰু যুৱ বিধায়কৰ সৈতে বহু সময় ধৰি বৈঠকত মিলিত হয়।
নিশান্ত কুমাৰ এতিয়ালৈকে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে,কিন্তু তেওঁৰ শেহতীয়া কাৰ্যকলাপে স্পষ্ট কৰি দিছে যে সংগঠনটোৰ দায়িত্ব ল’বলৈ তেওঁ এতিয়া সম্পূৰ্ণ সাজু হৈছে।
সঞ্জয় ঝাৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত নীতিশ কুমাৰৰ আটাইতকৈ বিশ্বাসযোগ্য বুলি গণ্য কৰা এম এল চি সঞ্জয় গান্ধী আৰু লালন সৰফ উপস্থিত থকাৰ লগতে দলটোৰ কেইবাজনো যুৱ বিধায়কেও অংশগ্ৰহণ কৰে।
এই বৈঠকৰ মূল এজেণ্ড বিহাৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু জে ডি ইউৰ সাংগঠনিক গাঁথনি শক্তিশালী কৰাৰ আছিল।
এই নেতা সকলৰ পৰা নিশান্তই পিতৃ নীতিশ কুমাৰৰ কৰ্মশৈলী,চৰকাৰী আঁচনিসমূহৰ স্থল পৰ্যায়ৰ ৰূপায়ণ আৰু সংস্থাটোৰ প্ৰতি ভৱিষ্যত প্ৰত্যাহ্বানৰ বাবে কেনেদৰে ইয়াক কেনেকৈ শক্তিশালী কৰিব লাগে সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
লগতে পঢ়ক: কাইলৈ জেডিইউত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই; হ’ব উপ মুখ্যমন্ত্ৰী









