বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত উত্তেজনা বৃদ্ধি পাইছে । পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে পদত্যাগ কৰিছে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত বৃদ্ধি পাইছে উত্তেজনা।পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে পদত্যাগ কৰিছে। বৃহস্পতিবাৰে দিল্লীত আছিল ৰাজ্যপালগৰাকী।
দিল্লী ভ্ৰমণৰ সময়ত চিভি আনন্দ বসুৱে ৰাজ্যপাল পদৰ পৰা পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।অৱশ্যে পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যপালৰ পদত্যাগক ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ পিছত চিভি আনন্দ বসুৱে জনায় যে তেওঁ ৰাজ্যপালৰ কাৰ্যালয়ত বহু সময় কটালে।
২০২২ চনৰ ১৭ নৱেম্বৰত ড° চি ভি আনন্দ বসুক পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।বসুক তেতিয়া পশ্চিম বংগৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল, যেতিয়া ৰাজ্যপাল জগদীপ ধনখৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।।
লগতে পঢ়ক: বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত









