বিহাৰত ৰাজনৈতিক পট পৰিৱৰ্তনৰ যো-জা, আজি জেডিইউত যোগ দিব নীতিশ পুত্ৰ নিশান্ত কুমাৰে

সক্ৰিয় ৰাজনীতিলৈ নীতিশ পুত্ৰ, আজি জেডিইউত যোগ দিব নিশান্ত কুমাৰে

সক্ৰিয় ৰাজনীতিলৈ নীতিশ পুত্ৰ । আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে । আজি অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত-এ । দিনৰ ১ বজাত জেডিইউৰ মুখ্য কাৰ্যালয়ত তেওঁ দলত যোগদান কৰিব । এই কাৰ্যসূচীত উপস্থিত

সক্ৰিয় ৰাজনীতিলৈ নীতিশ পুত্ৰ । আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে ।

আজি অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত-এ । দিনৰ ১ বজাত জেডিইউৰ মুখ্য কাৰ্যালয়ত তেওঁ দলত যোগদান কৰিব । এই কাৰ্যসূচীত উপস্থিত থাকিব জেডিইউৰ জ্যেষ্ঠ নেতাসকল । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘনিষ্ঠ বিধায়ক হৰি নাৰায়ণ সিঙে শনিবাৰে দাবী কৰে যে দলৰ অধ্যক্ষৰ পুত্ৰ নিশান্তক পিতৃৰ পদত্যাগৰ পিছত গঠন হ’বলগীয়া নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব ।

হৰি নাৰায়ণ সিং নালন্দা জিলাৰ হৰনাউটৰ বিধায়ক, য’ৰ পৰা কুমাৰে নিজেই আশীৰ দশকত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । লগতে তেওঁ দাবী কৰে যে নিশান্তে ৪০ বছৰ বয়সত ৰাজনীতিত প্ৰৱেশ কৰিছে আৰু অহা মাহত ৰাজ্যিক বিধান পৰিষদলৈ নিৰ্বাচিত হ’ব । জেডিইউৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰি ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে সতীৰ্থসকলক অৱগত কৰাৰ এদিন পিছতে সিঙে সাংবাদিকৰ আগত কয় যে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত সৰ্বসন্মতিক্ৰমে নিশান্তক নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে সিদ্ধান্ত লোৱা হয় যে নিশান্তে আনুষ্ঠানিকভাৱে জেডি(ইউ)ত যোগদান কৰিব । যিহেতু তেওঁ সাংবিধানিক পদত অধিষ্ঠিত হ’বলৈ বিধায়িনী দলৰ সদস্য হ’ব লাগিব, সেয়েহে এপ্ৰিল মাহত তেওঁ বিধান পৰিষদলৈ নিৰ্বাচিত হ’ব, য’ত প্ৰতি দুবছৰৰ মূৰে মূৰে ৯খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় । তেতিয়া তেওঁ পিতৃৰ পদত্যাগৰ ফলত খালী হোৱা আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰয়োজন নাথাকিব ।

ইফালে, দেওবাৰে নিশান্ত কুমাৰে আনুষ্ঠানিকভাৱে দলত যোগদান কৰিব বুলি নিশ্চিত কৰিছে জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই । ঝাই কয় যে দলে দিয়া যিকোনো দায়িত্ব ল’বলৈ তেওঁ সাজু । নতুন চৰকাৰে নীতিশ কুমাৰৰ নিৰ্দেশনাত কাম কৰিব ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিক অপমান কৰি টিএমচিয়ে সকলো সীমা অতিক্ৰম কৰিলেঃ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ