য়শৰ বহু প্ৰত্যাশিত ছবি “টক্সিক”ৰ টিজাৰ আজি ৰিলিজ কৰা হয় । ছবিখনৰ টিজাৰে এতিয়া কঁপাইছে সামাজিক মাধ্যম ।
“কে জি এফ” ষ্টাৰ য়শৰ বহু প্ৰত্যাশিত ছবি “টক্সিক”ৰ টিজাৰ আজি ৰিলিজ কৰা হয় । বহু প্ৰত্যাশিত এই ছবিখনৰ টিজাৰে এতিয়া কঁপাইছে সামাজিক মাধ্যম ।
১ মিনিট ৫৫ ছেকেণ্ডৰ টিজাৰত কোনো অনন্য বা নতুন বস্তু দিয়া হোৱা নাই । সমগ্ৰ টিজাৰটোত একচনৰ বৈশিষ্ট্য আছে, ছবিখনৰ কাহিনীভাগৰ বিষয়ে একো প্ৰকাশ কৰা হোৱা নাই । টিজাৰটোৰ আৰম্ভণিতে এটা মিছনৰ বাবে প্ৰস্তুতি চলোৱা দেখা গৈছে, য’ত এক ডাঙৰ বিপদৰ বিষয়ে উল্লেখ কৰা হৈছে । গোটেই টিজাৰটোত দেখা পোৱা একমাত্ৰ চৰিত্ৰটোৱেই হৈছে য়শ । বাকী অভিনেতা-অভিনেত্ৰীসকলক টিজাৰত দেখা পোৱা হোৱা নাই । কে জি এফ আৰু অন্যান্য একচন ছবিৰ দৰেই টক্সিক যে পৰৱৰ্তী পৰ্যায়ৰ একচন ছবি হ’ব সেয়া নিশ্চিত । বৰফেৰে আবৃত পাহাৰৰ পৰা আৰম্ভ কৰি ডান্স বাৰলৈকে টিজাৰত একচন প্ৰদৰ্শন কৰা হৈছে ।
দ্বৈত চৰিত্ৰত দেখা যাব নেকি য়শক ?
টিজাৰৰ শেষত এটা ছাৰপ্ৰাইজ পেকেজ আছে, য’ত দেখা গৈছে যে এজন মানুহে যুঁজৰ বাবে প্ৰশিক্ষণ লৈছে আৰু যথেষ্ট তীব্ৰ দেখা গৈছে । অৱশ্যে এইজন ব্যক্তিৰ সম্পূৰ্ণ আভাস এতিয়াও দেখা পোৱা নাই । কিন্তু জল্পনা-কল্পনা কৰা হৈছে যে ছবিখনত য়শক দুটা চৰিত্ৰত দেখা যাব পাৰে আৰু টিজাৰৰ শেষত দেখা মানুহজন আন কোনো নহয় সেয়া য়শ হ’ব পাৰে । চুটি চুলি আৰু চুটি দাড়িৰ এই মানুহজনৰ চমু আভাসহে দেখা গৈছে । ইয়াৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে ছবিখনত য়শৰ দুটা ভূমিকা থাকিব পাৰে ।
গীতু মোহনদাসৰ পৰিচালনাত নিৰ্মিত “টক্সিক: এ ফেয়াৰী টেল ফৰ গ্ৰ’ন আপছ”ত য়শে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত কিয়াৰা আদৱানী, নয়নতাৰা, হুমা কুৰেশী, তাৰা সুতাৰিয়া আৰু ৰুক্মিণী বসন্ত আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ১৯ মাৰ্চত ছবিগৃহত মুক্তি পাব “টক্সিক” । ছবিখনৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে । য়শৰ ফাৰ্ষ্ট লুক ভিডিঅ’ মুক্তি পোৱাটোৱে কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে ।
লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি চেলিম খান, পিতৃক সাক্ষাতৰ বাবে উপস্থিত ছলমান খান









