বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি

অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে

মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু অসমৰ চহকী ইতিহাসক দেশ তথা বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । অসমৰ এই মহান নায়কগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন বৃহৎ বাজেটৰ বলীউড পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰে শেহতীয়া ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ সৈতে আলোচনা চলাই আছে । বৃহস্পতিবাৰে এক ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

আগষ্টত হ’ব বিশেষ বৈঠক

মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে যে প্ৰস্তাৱিত বায়’পিকখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ অহা আগষ্ট মাহত তেওঁ পৰিচালক আদিত্য ধৰক সাক্ষাৎ কৰিব । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদিহে কোনো কাৰণত আদিত্য ধৰৰ সৈতে এই আলোচনা সফল নহয়, তেন্তে চৰকাৰে অন্য পৰিচালকৰ কাষ চাপিব । কিন্তু লাচিত বৰফুকনৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰাটো চৰকাৰে নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যদি আদিত্য ধৰে এই ছবিখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে আন পৰিচালকৰ কাষ চাপিব বুলিও উল্লেখ কৰে ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰী পদক্ষেপ

যদিহে এই প্ৰকল্পটোৱে চূড়ান্ত ৰূপ লাভ কৰে, তেন্তে লাচিত বৰফুকনৰ জীৱনক কেন্দ্ৰ কৰি অসম চৰকাৰে প্ৰযোজনা বা সহযোগ কৰা ই হ’ব প্ৰথমখন বলীউড পৰ্যায়ৰ পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি । এই ছবিখনৰ মূল লক্ষ্য হৈছে সমগ্ৰ ভাৰত তথা বিশ্বৰ দৰ্শকৰ সন্মুখত অসমৰ গৌৰৱময় ইতিহাস আৰু লাচিত বৰফুকনৰ অপৰিসীম বীৰত্বক মহিমামণ্ডিত কৰা ।

লগতে পঢ়ক : অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা

ভাৰতত নহয়, আমেৰিকাত মুক্তি পাব ৪০০০ কোটিটকীয়া ‘ৰামায়ণ’ৰ ট্ৰেইলাৰ!

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি এনিমেলৰ দৰেই ৰামায়ণৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব

বৰ্তমান সময়ত ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ চৰ্চিত আৰু আটাইতকৈ ডাঙৰ ছবিখন হৈছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ’ । ছবিখনক লৈ দৰ্শকৰ মাজত উছাহৰ অন্ত নাই । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ তাৰিখ আৰু স্থানক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে, যিয়ে অনুৰাগীসকলক আচৰিত কৰি তুলিছে । ভাৰতত নহয়, এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বজুৰি মুক্তি দিয়া হ’ব এই মেগা বাজেট ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ।

ছান ডিয়েগো কমিক-কন ২০২৬ ত মুক্তি পাব ট্ৰেইলাৰ

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি ‘এনিমেল’ৰ দৰেই ‘ৰামায়ণ’ৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব । কিন্তু সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই এতিয়া নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ছবিখনৰ ট্ৰেইলাৰ আমেৰিকাৰ ছান ডিয়েগো চহৰত অনুষ্ঠিত হ’বলগীয়া বিখ্যাত ‘ছান ডিয়েগো কমিক-কন ২০২৬’ (San Diego Comic-Con 2026) ত মুকলি কৰা হ’ব ।

অহা ২৪ জুলাই ২০২৬ তাৰিখে বিশ্বজুৰি এই ট্ৰেইলাৰৰ প্ৰিমিয়াৰ কৰা হ’ব । মেকাৰ্ছে ছচিয়েল মিডিয়াত পোষ্ট কৰি কয়-

“ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ । হাজাৰ হাজাৰ বছৰ ধৰি ৰামায়ণে ধৰ্ম, মৰ্যাদা, সাহস আৰু কৰুণাৰ দৰে জীৱনবোধেৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে । এতিয়া ইয়াৰ আৰম্ভণি এটা নতুন যাত্ৰাৰে হৈছে । ভাৰতৰ এই মহান সাংস্কৃতিক মহাকাব্যখন সমগ্ৰ বিশ্বৰ সন্মুখত এক ভব্য ৰূপত উপস্থাপন কৰা হ’ব ।”

ভাৰতৰ দৰ্শকে কেতিয়া আৰু ক’ত দেখিবলৈ পাব?

ভাৰতীয় অনুৰাগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে তেওঁলোকে কেতিয়া এই ট্ৰেইলাৰটো চাবলৈ পাব ?

তাৰিখ: ২৪ জুলাই ২০২৬ (ভাৰতীয় সময় অনুসৰি)

সময়: পুৱা ৩:১৫ বজাত

স্থান: আমেৰিকাৰ স্থানীয় সময় অনুসৰি ২৩ জুলাইৰ আবেলি ৩:১৫ বজাত কমিক-কন ২০২৬-ৰ ‘বলৰুম ২০’ ত ইয়াৰ ভব্য মুকলি হ’ব ।

এই হলটোত প্ৰায় ৪৮০০ লোক বহাৰ ক্ষমতা আছে । এই বিশেষ অনুষ্ঠানত ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰ, চাউথৰ ছুপাৰষ্টাৰ য়শ, পৰিচালক নিতেশ তিৱাৰী আৰু প্ৰযোজক নমিত মালহোত্ৰা উপস্থিত থাকিব ।

৪০০০ কোটি টকাৰ মেগা বাজেট আৰু দুটা খণ্ড

নিৰ্দেশক নিতেশ তিৱাৰী আৰু হলিউডৰ প্ৰখ্যাত VFX কোম্পানী DNEG-ৰ মালিকে নমিত মালহোত্ৰাৰ যুটীয়া প্ৰচেষ্টাত এই ভিজুৱেল মাৰ্ভেলটো নিৰ্মাণ কৰা হৈছে । জানিব পৰা মতে, প্ৰায় ৪০০০ কোটি টকাৰ বিশাল বাজেটৰে ‘ৰামায়ণ’ৰ দুটা খণ্ড নিৰ্মাণ কৰা হৈছে ।

২০২৬ ৰ দীপাৱলীত ছবিৰ মুক্তি!

এইবাৰৰ দীপাৱলী চিনেপ্ৰেমীসকলৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে, কাৰণ দীপাৱলী ২০২৬ ৰ শুভ ক্ষণতে ছবিখনে ছবিগৃহত মুক্তিৰ মুখ দেখিব । উৎসৱলৈ মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত, এতিয়া ট্ৰেইলাৰ মুক্তিৰ জৰিয়তে টিম ‘ৰামায়ণে’ ছবিখনৰ অফিচিয়েল মাৰ্কেটিং আৰু প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ।

লগতে পঢ়ক : পুনৰ কাৰাগাৰলৈ যাব লাগিব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে ‘দ্য চাইকেল অৱ লাভ’ ৰ ট্ৰেইলাৰ; মুক্তিৰ তাৰিখো ঘোষণা

গ্ল’বেল তাৰকা প্ৰিয়ংকা চোপ্ৰাই প্ৰযোজনা কৰা তথ্যচিত্ৰ ‘দ্য চাইকেল অৱ লাভ’ ৰ ট্ৰেইলাৰ মুকলি কৰিছে। এই ছবিখনত দৰ্শকে এক অনন্য প্ৰেম কাহিনী চাবলৈ পাব।

গ্ল’বেল তাৰকা প্ৰিয়ংকা চোপ্ৰা পুনৰ শিৰোনামত আহিছে। অৱশ্যে এইবাৰৰ কাৰণ নতুন ছবি নহয়, বৰঞ্চ কাৰ্যবাহী প্ৰযোজকৰ ক্ষমতাত নিৰ্মিত তথ্যচিত্ৰ ‘দ্য চাইকেল অৱ লাভ’ ৰ বাবে। ৯ জুলাই বৃহস্পতিবাৰে প্ৰিয়ংকাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে, যিটো দ্ৰুতগতিত ভাইৰেল হৈছে। ট্ৰেইলাৰত বাস্তৱ জীৱনৰ এক প্ৰেম কাহিনী প্ৰকাশ পাইছে যিটো চিনেমাৰ কাহিনীতকৈ কম নহয়।এই ডক্যুমেন্ট্ৰীখন ভাৰতীয় শিল্পী পি. মহানন্দিয়াৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে নিজৰ প্ৰেমক পাবলৈ কেৱল এখন চাইকেলেৰে হাজাৰ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল।

‘দ্য চাইকেল অৱ লাভ’ৰ কাহিনীটো ১৯৭০ চনৰ এটা বাস্তৱ ঘটনা।সেই সময়ছোৱাত ভাৰতীয় শিল্পী পি. মহানন্দিয়া ছুইডেনৰ বাসিন্দা চাৰ্লট ভন শ্বেডভিনৰ প্ৰেমত পৰিছিল। দুয়োৰে সাক্ষাৎ ভাৰতত হৈছিল আৰু লাহে লাহে এই সম্পৰ্ক গভীৰ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। যেতিয়া চাৰ্লট নিজৰ দেশলৈ উভতি গৈছিল, তেতিয়াও মহানন্দিয়াই হাৰ মনা নাছিল।

চাৰ্লট যোৱাৰ পিছত, পি. মহানন্দিয়াই উৰাজাহাজ বা অন্য কোনো মাধ্যমৰ পৰিৱৰ্তে নিজৰ চাইকেলখনকে বাছি লৈছিল আৰু ভাৰতৰ পৰা ছুইডেনলৈ প্ৰায় ৬,০০০ মাইল অৰ্থাৎ প্ৰায় ১০,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। কেইবাখনো দেশৰ মাজেৰে পাৰ হৈ তেওঁ কেৱল নিজৰ প্ৰেমক পাবলৈ এই দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছিল। এই অনন্য আৰু প্ৰেৰণাদায়ক কাহিনীটোৱেই এই ডক্যুমেন্ট্ৰীখনত দেখুওৱা হ’ব।

ডক্যুমেন্ট্ৰীখনৰ ট্ৰেইলাৰটো যথেষ্ট আৱেগিক, য’ত প্ৰেম, সংগ্ৰাম, আশা আৰু মানৱীয় প্ৰত্যয়ক অতি সুন্দৰভাৱে তুলি ধৰা হৈছে। ট্ৰেইলাৰটো চাই স্পষ্টকৈ অনুভৱ হয় যে এয়া কেৱল এক প্ৰেমৰ কাহিনী নহয়, বৰঞ্চ নিজৰ সপোন আৰু সম্পৰ্কৰ বাবে সকলো বাধা-বিপত্তিৰ মুখামুখি হোৱাৰ এক কাহিনীও। সুন্দৰ লোকেচন, চমৎকাৰ চিনেমেটোগ্ৰাফী আৰু হৃদয় স্পৰ্শ কৰা মুহূৰ্তবোৰে ট্ৰেইলাৰটোক অধিক বিশেষ কৰি তুলিছে। ছচিয়েল মিডিয়াত ট্ৰেইলাৰটো মুকলি হোৱাৰ পিছৰে পৰা অনুৰাগীসকলে ইয়াৰ তীব্ৰ প্ৰশংসা কৰিছে। বহুতৰ মতে, দীৰ্ঘদিনৰ পিছত এনে এখন সঁচা আৰু হৃদয়স্পৰ্শী প্ৰেমৰ কাহিনী দেখিবলৈ পোৱা যাব।

ট্ৰেইলাৰটো শ্বেয়াৰ কৰাৰ লগতে প্ৰিয়ংকা চোপ্ৰাই এক্সত ইয়াৰ মুক্তিৰ তাৰিখো ঘোষণা কৰে। তেওঁ জনায় যে ‘দ্য চাইকেল অৱ লাভ’ আমেৰিকাত ২৮ আগষ্টত ছবিগৃহত মুক্তি পাব, আনহাতে যুক্তৰাজ্যত (UK) ১৮ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব। প্ৰিয়ংকাই লগতে কয় যে আন দেশসমূহত চলচ্চিত্ৰখন কেতিয়া মুক্তি পাব, তাৰ তথ্যও অতি সোনকালে শ্বেয়াৰ কৰা হ’ব। এই ঘোষণাৰ পিছত সমগ্ৰ বিশ্বতে থকা তেওঁৰ অনুৰাগীসকলে এই ডক্যুমেন্ট্ৰীখনলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে।

প্ৰিয়ংকা চোপ্ৰাই আজিকালি কেৱল ছবি নিৰ্মাণ কৰাই নহয়, নিজৰ অভিনয় প্ৰকল্পসমূহতো একেৰাহে ব্যস্ত হৈ আছে। অলপতে তেওঁৰ হলিউডৰ একচন-থ্ৰিলাৰ ছবি ‘দ্য ব্লাফ’ (The Bluff) চৰ্চালৈ আহিছিল। ইয়াৰ উপৰিও তেওঁৰ হাতত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প আছে।

লগতে পঢ়ক: মুক্তিৰ ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰতত নিষিদ্ধ হ’ল দিলজিৎ দোসাঞ্জৰ ছবি ‘সতলুজ’  

বহু প্ৰত্যাশিত ‘টক্সিক’ৰ টিজাৰ মুকলি; য়শৰ পৰিচিত গেংষ্টাৰ লুকত মোহিত অনুৰাগী!

য়শৰ বহু প্ৰত্যাশিত ছবি “টক্সিক”ৰ টিজাৰ আজি ৰিলিজ কৰা হয় । ছবিখনৰ টিজাৰে এতিয়া কঁপাইছে সামাজিক মাধ্যম ।

“কে জি এফ” ষ্টাৰ য়শৰ বহু প্ৰত্যাশিত ছবি “টক্সিক”ৰ টিজাৰ আজি ৰিলিজ কৰা হয় । বহু প্ৰত্যাশিত এই ছবিখনৰ টিজাৰে এতিয়া কঁপাইছে সামাজিক মাধ্যম ।

১ মিনিট ৫৫ ছেকেণ্ডৰ টিজাৰত কোনো অনন্য বা নতুন বস্তু দিয়া হোৱা নাই । সমগ্ৰ টিজাৰটোত একচনৰ বৈশিষ্ট্য আছে, ছবিখনৰ কাহিনীভাগৰ বিষয়ে একো প্ৰকাশ কৰা হোৱা নাই । টিজাৰটোৰ আৰম্ভণিতে এটা মিছনৰ বাবে প্ৰস্তুতি চলোৱা দেখা গৈছে, য’ত এক ডাঙৰ বিপদৰ বিষয়ে উল্লেখ কৰা হৈছে । গোটেই টিজাৰটোত দেখা পোৱা একমাত্ৰ চৰিত্ৰটোৱেই হৈছে য়শ । বাকী অভিনেতা-অভিনেত্ৰীসকলক টিজাৰত দেখা পোৱা হোৱা নাই ।  কে জি এফ আৰু অন্যান্য একচন ছবিৰ দৰেই টক্সিক যে পৰৱৰ্তী পৰ্যায়ৰ একচন ছবি হ’ব সেয়া নিশ্চিত । বৰফেৰে আবৃত পাহাৰৰ পৰা আৰম্ভ কৰি ডান্স বাৰলৈকে টিজাৰত একচন প্ৰদৰ্শন কৰা হৈছে ।

দ্বৈত চৰিত্ৰত দেখা যাব নেকি য়শক ?

টিজাৰৰ শেষত এটা ছাৰপ্ৰাইজ পেকেজ আছে, য’ত দেখা গৈছে যে এজন মানুহে যুঁজৰ বাবে প্ৰশিক্ষণ লৈছে আৰু যথেষ্ট তীব্ৰ দেখা গৈছে । অৱশ্যে এইজন ব্যক্তিৰ সম্পূৰ্ণ আভাস এতিয়াও দেখা পোৱা নাই । কিন্তু জল্পনা-কল্পনা কৰা হৈছে যে ছবিখনত য়শক দুটা চৰিত্ৰত দেখা যাব পাৰে আৰু টিজাৰৰ শেষত দেখা মানুহজন আন কোনো নহয় সেয়া য়শ হ’ব পাৰে । চুটি চুলি আৰু চুটি দাড়িৰ এই মানুহজনৰ চমু আভাসহে দেখা গৈছে । ইয়াৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে ছবিখনত য়শৰ দুটা ভূমিকা থাকিব পাৰে ।

গীতু মোহনদাসৰ পৰিচালনাত নিৰ্মিত “টক্সিক: এ ফেয়াৰী টেল ফৰ গ্ৰ’ন আপছ”ত য়শে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত কিয়াৰা আদৱানী, নয়নতাৰা, হুমা কুৰেশী, তাৰা সুতাৰিয়া আৰু ৰুক্মিণী বসন্ত আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ১৯ মাৰ্চত ছবিগৃহত মুক্তি পাব “টক্সিক” । ছবিখনৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে । য়শৰ ফাৰ্ষ্ট লুক ভিডিঅ’ মুক্তি পোৱাটোৱে কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি চেলিম খান, পিতৃক সাক্ষাতৰ বাবে উপস্থিত ছলমান খান

নিৰ্বাপিত হ’ল ভাৰতৰ আশা… ‘হোমবাউণ্ড’ৰ অস্কাৰ যাত্ৰাত যতি

কোটি কোটি ভাৰতীয় চিনে প্ৰেমীক হতাশ কৰি অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল “হোমবাউণ্ড” । লগে লগে পুনৰ এবাৰ ভাৰতৰ অস্কাৰ লাভৰ আশা নিৰ্বাপিত হয় ।

২০২৬ বৰ্ষৰ অস্কাৰৰ বাবে প্ৰকাশ পালে চূড়ান্ত মনোনয়ন তালিকা । এইবাৰ একাডেমী বঁটাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইখনমান শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিয়ে । কিন্তু ভাৰতৰ পৰা নিৰ্বাচন হোৱা “হোমবাউণ্ড” য়ে এই মনোননত স্থান লাভ কৰাত ব্যৰ্থ হয় । চূড়ান্ত ৰাউণ্ডত ছবিখন অস্কাৰৰ মনোনয়নৰ পৰা বাহিৰ হয় ।

একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সে (AMPAS) প্ৰতি বছৰে অস্কাৰৰ আয়োজন কৰে । এইবাৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হৈছিল “হোমবাউণ্ড” । কিন্তু এই মনোনয়নে ভাৰতৰ বাবে কঢ়িয়াই আনিলে হতাশা । কিয়নো “হোমবাউণ্ড”য়ে মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় আৰু ছবিখনৰ অস্কাৰ যাত্ৰা ইমানতে সমাপ্ত হয় । ইফালে “চিনাৰ্ছ”-এ ১৬টা মনোনয়ন লাভ কৰি অস্কাৰত ইতিহাস সৃষ্টি কৰে । “ফ্ৰেংকেনষ্টাইন” আৰু “ৱান বেটল আফটাৰ অনাদাৰ”য়েও আধিপত্য বিস্তাৰ কৰে । উল্লেখ্য চলিত বৰ্ষৰ ১৫ মাৰ্চত অনুষ্ঠিত হ’ব অস্কাৰ ।

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ দৌৰত আছিল “হোমবাউণ্ড”-

৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে ভাৰতৰ আশা “হোমবাউণ্ড”ত স্থিৰ আছিল । শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ দৌৰত আছিল “হোমবাউণ্ড”। অৱশ্যে মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় ছবিখনে । “কান্তাৰা চেপ্তাৰ ১”, “তনভি দ্য গ্ৰেট”, “মহাৱতাৰ নৰসিংহ”, “টুৰিষ্ট ফেমিলি” আদি ছবিকো শ্ৰেষ্ঠ ছবিৰ ৰিমাইণ্ডাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু এই ছবিসমূহেও অস্কাৰৰ কোনো মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় । এনেদৰে ভাৰতৰ অস্কাৰ লাভৰ আশা আকৌ পুনৰ এবাৰ নিৰ্বাপিত হয় ।

“হোমবাউণ্ড”ক অতিক্ৰমি স্থান নিশ্চিত কৰে এইসমূহ ছবিয়ে-

“হোমবাউণ্ড”ৰ উপৰিও শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ বাবে মনোনীত হোৱা আন ছবিসমূহৰ ভিতৰত আছে “দ্য ছিক্ৰেট এজেণ্ট” (ব্ৰাজিল), “ইট ৱাজ জাষ্ট এ এক্সিডেণ্ট” (ফ্ৰান্স), “চেন্টিমেণ্টেল ভেল্যু” (নৰৱে), “চিৰাট” (স্পেইন), আৰু “দ্য ভইচ অৱ হিন্দ ৰজাব” (টিউনিছিয়া)।

লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ

২০২৬ৰ জানুৱাৰী মাহত অটিটি প্লেটফৰ্মত মুক্তি পাব বহু প্ৰত্যাশিত এই ছবিসমূহ…

২০২৬ বৰ্ষৰ আৰম্ভণিতে অটিটি প্লেটফৰ্মত ধুমুহাৰ সৃষ্টি কৰিব সদ্য মুক্তিপ্ৰাপ্ত কেইবাখনো জনপ্ৰিয় তথা ব্লকবাষ্টাৰ ছবিয়ে…

২০২৬ চনৰ আৰম্ভণি চিনেমাপ্ৰেমীৰ বাবে বিশেষ হ’বলৈ গৈ আছে । কিয়নো জানুৱাৰী মাহত অটিটি প্লেটফৰ্মত মুক্তি পাব বহু প্ৰত্যাশিত কেইবাখনো ছবিয়ে । ২০২৬ৰ জানুৱাৰী মাহত বিভিন্ন অ’টিটি প্লেটফৰ্মত মুক্তি পাবলৈ সাজু হৈছে বলীউডৰ বহু আকৰ্ষণীয় ছবি । এই তালিকাত ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি “ধুৰন্ধৰ”ৰ পৰা আৰম্ভ কৰি য়ামী গৌতমৰ “হক”লৈকে সকলো আছে ।

হক-

“হক” শ্বাহ বানো গোচৰৰ আধাৰত নিৰ্মিত কৰ্ট ৰূম ড্ৰামা । এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে য়ামী গৌতম আৰু ইমৰাণ হাছমীয়ে । যোৱা ৭ নৱেম্বৰত চিনেমাগৃহত মুক্তি পোৱা ছবিখন এতিয়া অটিটি প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে । OTT Play ৰ এক প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ ২ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব “হক” ।

দে দে প্যাৰ দে ২-

অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙৰ কমেডী ছবি “দে দে প্যাৰ দে ২”ও জানুৱাৰী মাহত অটিটি প্লেটফৰ্মত মুক্তি পাব । খবৰ অনুসৰি ছবিখন ২০২৬ চনৰ ৯ জানুৱাৰীত নেটফ্লিক্সত প্ৰচাৰ হ’ব । ছবিখনত অভিনয় কৰিছে আৰ মাধৱন, ৰবি কিষণ, ৰোশনী ৱালিয়া আৰু গৌতমী কাপুৰে ।

মস্তি ৪-

ৰিতেশ দেশমুখ, আফতাব শিৱদাসানী আৰু বিবেক অবেৰয়ক একেলগে পুনৰ দেখা যাব ‘মস্তি ৪’ত । এই কমেডী ফ্ৰেঞ্চাইজি এতিয়া অ’টিটিত মুক্তি পাব । ২০২৬ চনৰ ১৬ জানুৱাৰীৰ পৰা ZEE5 ত প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে ‘মস্তি ৪’ ।

১২০ বাহাদুৰ-

ফাৰহান আখতাৰৰ যুদ্ধভিত্তিক ছবি ‘১২০ বাহাদুৰ’ও অচিৰেই অ’টিটি প্লেটফৰ্মত মুক্তি পাব । ২০২৬ চনৰ ১৬ জানুৱাৰীৰ পৰা প্ৰাইম ভিডিঅ’ত প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে ছবিখন ।

ধুৰন্ধৰ-

বক্স অফিচত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰণবীৰ সিং অভিনীত “ধুৰন্ধৰ” য়ে । এতিয়া বাতৰি অনুসৰি জানুৱাৰী মাহৰ শেষৰ সপ্তাহত ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাব পাৰে । নেটফ্লিক্সে ২৮৫ কোটি টকাত “ধুৰন্ধৰ”ৰ OTT অধিকাৰ লাভ কৰিছে ।

তেৰে ইছক মেইন-

কৃতি ছেনন আৰু ধনুশৰ ছবি “তেৰে ইছক মেইন” বক্স অফিচত বিপুল জনপ্ৰিয়তা লাভ কৰিছে । এতিয়া জানুৱাৰী মাহৰ শেষ সপ্তাহত ছবিখনে অ’টিটি প্লেটফৰ্মত মুক্তি পোৱাৰ সম্ভাৱনা আছে । OTT Play ৰ মতে তেৰে ইছক মেইন ছবিখনে নেটফ্লিক্সত মুক্তি পাব ।

গুস্তাখ ইছক-

গুস্তাখ ইছকত ডিজাইনাৰ মনীষ মালহোত্ৰাই প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে । বিজয় বাৰ্মা আৰু ফাতিমা চানা শ্বেখ অভিনীত ছবিখনৰ প্ৰিমিয়াৰ জানুৱাৰী মাহৰ শেষ সপ্তাহত জিঅ’ হটষ্টাৰত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ‘মই জীয়াই আছো’; ভয়ংকৰ দুৰ্ঘটনাৰ পিছত নোৰা ফতেহীৰ প্ৰতিক্ৰিয়া

শীঘ্ৰেই ৰূপালী পৰ্দালৈ উভতিব থ্ৰী ইডিয়টছ! ১৫ বছৰৰ পাছত পুনৰ দেখা যাব ৰেঞ্চো-ৰাজু-ফাৰহানৰ যুটী !

২০০৯ চনত মুক্তিৰ পিছতেই খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা থ্ৰী ইডিয়টছ পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে । প্ৰকাশিত খবৰ অনুসৰি শীঘ্ৰেই এই জনপ্ৰিয় ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব ।

“আল ইজ ৱেল!” ১৫ বছৰ পূৰ্বে “থ্ৰী ইডিয়টছ”ৰ এই ডায়লগ দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । ইফালে খবৰ প্ৰকাশ পাইছে যে, এই জনপ্ৰিয় ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ সাজু হৈছে । এয়া নিশ্চিতভাৱে এক ভাল খবৰ । এতিয়া এই আইকনিক ছবিখনৰ কাহিনী আগবঢ়াই নিয়া হ’ব বুলি খবৰ প্ৰকাশ পাইছে । দৰ্শকৰ মাজত এই ছবিখন এতিয়াও জনপ্ৰিয় হৈয়েই আছে আৰু এক সুকীয়া স্থান দখল কৰি আছে । গতিকে ছবিখনৰ ছিকুৱেলে নিৰ্মাণৰ খবৰে অনুৰাগীক উন্মাদ কৰাটো প্ৰায় নিশ্চিত ।

পুনৰ আহিছে ৰেঞ্চো-ৰাজু-ফাৰহানৰ যুটী!

থ্ৰী ইডিয়টছৰ দ্বিতীয় খণ্ডৰ বাবে ঘূৰি আহিব ছবিখনৰ আইকনিক ষ্টাৰ কাষ্ট । এই বহু প্ৰত্যাশিত ছবিখনত পুনৰ একত্ৰিত হ’ব আমিৰ খান, কৰীনা কাপুৰ খান, আৰ মাধৱন আৰু শ্বাৰ্মান যোশী । ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰিব এই ছবিখন, লগতে বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰানী আৰু আমিৰ খানে যৌথভাৱে এই ছবিখন প্ৰযোজনা কৰিব । পিংকভিলাৰ মতে, ১৫ বছৰৰ পাছত অৱশেষত থ্ৰি ইডিয়টছৰ ছিকুৱেল ছবিখন আহি আছে ।

প্ৰকাশিত এক খবৰ অনুসৰি ২০২৬ চনৰ দ্বিতীয়াৰ্ধৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । খবৰ অনুসৰি “চিত্ৰনাট্য স্থিৰ কৰা হৈছ  আৰু দলটো অত্যন্ত আগ্ৰহী ।”

খবৰ অনুসৰি  প্ৰথম ছবিখনে য’ত শেষ হৈছিল তাৰ পৰাই কাহিনী আগবাঢ়িব । প্ৰায় ১৫ বছৰৰ পিছত, যেতিয়া সকলো চৰিত্ৰই নিজৰ নিজৰ নিজৰ বাট লৈ নতুন দুঃসাহসিক অভিযানৰ বাবে পুনৰ একত্ৰিত হ’ব । অৰ্থাৎ দৰ্শকে আকৌ এবাৰ ৰেঞ্চো, ফাৰহান, ৰাজু আৰু পিয়াৰ নষ্টালজিক কেমিষ্ট্ৰী উপভোগ কৰিব পাৰিব, কিন্তু এইবাৰ তেওঁলোকৰ জীৱনৰ অগ্ৰগতি চিত্ৰিত কৰা নতুন আৰু মজাৰ টুইষ্টো আহিব ।

উল্লেখ্য যে, ২০০৯ চনত মুক্তি পোৱা থ্ৰী ইডিয়টছ বহুল চৰ্চিত তথা জনপ্ৰিয় ছবি আছিল । এই ছবি মুক্তিৰ পিছতে  ভাৰতৰ শিক্ষা ব্যৱস্থাক লৈ বিতৰ্কৰ সূচনা হয় । ২০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি বলীউডৰ বাবে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এইখনেই আছিল প্ৰথম ভাৰতীয় ছবি । এতিয়া আমিৰ, কৰীনা আৰু সমগ্ৰ দলটো পুনৰ একত্ৰিত হোৱাৰ লগে লগে আৰু কাহিনীটোৱে নষ্টালজিয়া আৰু সতেজতা দুয়োটাকে কঢ়িয়াই অনাৰ লগে লগে থ্ৰী ইডিয়টছ ২ এই দশকৰ অন্যতম প্ৰত্যাশিত ছবি হ’বলৈ সাজু হৈছে ।

লগতে পঢ়ক : ‘ধুৰন্ধৰ’ৰ ধামাকা… গভীৰ নিশাও দেখা গৈছে অনুৰাগীৰ উন্মাদনা

তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…

‘কান্তাৰা চেপ্তাৰ ১’ৰ অভিলেখ

‘কান্তাৰা চেপ্তাৰ ১’এ শেহতীয়াকৈ বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বন্ধৰ দিনটোত অনুমানৰ তুলনাত শত্তিশালী আৰম্ভণি কৰে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা এই ছবিখনে । বুধবাৰে সম্পূৰ্ণ দেশজুৰি ছবিখনৰ আগতীয়া বুকিং মুকলি কৰা হয় । গতিকে আগতীয়াকৈ বুকিঙত আশা কৰা ধৰণে পৰিসংখ্যা চকুত পৰা নাছিল । কিন্তু প্ৰত্যক্ষভাৱে থিয়েটাৰত উপস্থিত হোৱা লোকসকলে ইয়াৰ ক্ষতিপূৰণ কৰে ।

দেওবাৰে ‘কান্তাৰা চেপ্তাৰ ১’এ বক্স অফিচত দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰে । বহু ঠাইত বৃহস্পতিবাৰৰ আৰম্ভণিৰ সংগ্ৰহতকৈ ইয়াৰ দেওবাৰৰ সংগ্ৰহ ভাল আছিল । হিন্দীত ছবিখনে এনেদৰে উপাৰ্জন কৰিছে যে ইয়াৰ উইকেণ্ড সংগ্ৰহ বহু বৃহৎ বলীউডৰ ছবিতকৈ ভাল । ইফালে দেওবাৰৰ শক্তিশালী সংগ্ৰহৰ সৈতে এই ছবিখনে বিশ্বব্যাপী ডাঙৰ ৰেকৰ্ড অতিক্ৰম কৰিছে ।

ছবিখনৰ হিন্দী সংস্কৰণে শনিবাৰৰ ভিতৰত বক্স অফিচত ৫২ কোটি টকা সংগ্ৰহ কৰিছিল । প্ৰথম দিনটোত ১৮.৫ কোটি টকাৰ পৰা আৰম্ভ হোৱা ‘কান্তাৰা চেপ্তাৰ ১’ৰ হিন্দী সংস্কৰণটোৰ সংগ্ৰহ শুকুৰবাৰে অলপ লেহেমীয়া আছিল আৰু মাত্ৰ ১৩.৫ কোটি উপাৰ্জন কৰিছিল । কিন্তু শনিবাৰে শক্তিশালী উত্থানৰ সৈতে সংগ্ৰহ ২০ কোটিলৈ বৃদ্ধি পাই আৰু এতিয়া বাণিজ্যিক প্ৰতিবেদনে কৈছে যে দেওবাৰে সংগ্ৰহ আৰু অধিক বৃদ্ধি পাইছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনা প্ৰায় ২৩ কোটি টকা সংগ্ৰহ কৰিছে ‘কান্তাৰা চেপ্তাৰ ১’এ । অৰ্থাৎ হিন্দী সংস্কৰণত ছবিখনৰ আৰম্ভণিৰ সপ্তাহটোৰ সংগ্ৰহ প্ৰায় ৭৫ কোটি টকাৰ ওচৰ চাপিছে ।

আন এক তথ্যই প্ৰকাশ কৰিছে যে ‘কান্তাৰা চেপ্তাৰ ১’ বিশ্বব্যাপী বক্স অফিচত সপ্তাহৰ শেষৰ ফালে তৃতীয়খন বৃহত্তম ছবি আছিল । দেওবাৰে ঋষভ শ্বেট্টীৰ ছবিখনে গ্ল’বেল বক্স অফিচত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰে । বৰ্ধিত সপ্তাহৰ শেষৰ ফালে এই ছবিখনে বিশ্বব্যাপী ৩৫.৭৩ মিলিয়ন ডলাৰ অৰ্থাৎ ৩১৭ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে ।

লগতে পঢ়ক : ২৩ বছৰৰ পিছত কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান…

ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

‘জুবিনৰ খুউব হেঁপাহৰ কাম এটা আছিল । অনবৰতে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল…’ । শেহতীয়াকৈ মুক্তি পাবলগা আদৰৰ শিল্পী জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ নামৰ চলচ্চিত্ৰখনৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিব কৰিলে গৰিমা শইকীয়া গাৰ্গে ।

জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে কয় যে, এই চিনেমাখন জুবিনৰ খুউব হেঁপাহৰ কাম আছিল । অনবৰতে জুবিনে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল । কিন্তু জুবিন গাৰ্গৰ ডাবিং কৰা নহ’ল আৰু সেই কথাই দুখ দিয়া বুলি উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে । তেওঁ কয় যে, চিনেমাখনৰ সকলো শিল্পীৰে ডাবিং হৈ গ’ল কিন্তু জুবিনৰ ডাবিং থাকি গ’ল । ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা কৈছিল কৈছিল বুলি কয় গৰিমা শইকীয়া গাৰ্গে ।

চিনেমাখনৰ কাৰণে যি পৰা যায় সকলো কৰা হ’ব বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ তাৰিখো জুবিন গাৰ্গে নিৰ্ধাৰণ কৰিছিল বুলি জনায় । অক্টোবৰৰ ৩১ তাৰিখে এই চিনেমাখন মুক্তি দিয়াৰ কথা জুবিনে কৈছিল বুলি কয় তেওঁ । সেয়েহে ৩১ অক্টোবৰতে এই চলচ্চিত্ৰখন মুক্তি দিয়া হ’ব বুলি জনাই গৰিমা শইকীয়া গাৰ্গে ।

গৰিমা গাৰ্গে কয়, ‘চিনেমাখনৰ লাইন আপ এটা তেওঁ চাবলে পালে । তেওঁ সুখী কামটোত । নিজৰ এষ্টাব্লিছমেন্ট শ্বটতো নিজৰ মতে ৰি-শ্বুট কৰি গৈছে তেওঁ । চিনেমাখন বহুত ভাল হব বুলি কৈছিল তেওঁ । সেয়েহে তেওঁ ভাল পোৱা মতেই হওক কামটো ।“

লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য