২০০৯ চনত মুক্তিৰ পিছতেই খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা থ্ৰী ইডিয়টছ পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে । প্ৰকাশিত খবৰ অনুসৰি শীঘ্ৰেই এই জনপ্ৰিয় ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব ।
“আল ইজ ৱেল!” ১৫ বছৰ পূৰ্বে “থ্ৰী ইডিয়টছ”ৰ এই ডায়লগ দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । ইফালে খবৰ প্ৰকাশ পাইছে যে, এই জনপ্ৰিয় ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ সাজু হৈছে । এয়া নিশ্চিতভাৱে এক ভাল খবৰ । এতিয়া এই আইকনিক ছবিখনৰ কাহিনী আগবঢ়াই নিয়া হ’ব বুলি খবৰ প্ৰকাশ পাইছে । দৰ্শকৰ মাজত এই ছবিখন এতিয়াও জনপ্ৰিয় হৈয়েই আছে আৰু এক সুকীয়া স্থান দখল কৰি আছে । গতিকে ছবিখনৰ ছিকুৱেলে নিৰ্মাণৰ খবৰে অনুৰাগীক উন্মাদ কৰাটো প্ৰায় নিশ্চিত ।
পুনৰ আহিছে ৰেঞ্চো-ৰাজু-ফাৰহানৰ যুটী!
থ্ৰী ইডিয়টছৰ দ্বিতীয় খণ্ডৰ বাবে ঘূৰি আহিব ছবিখনৰ আইকনিক ষ্টাৰ কাষ্ট । এই বহু প্ৰত্যাশিত ছবিখনত পুনৰ একত্ৰিত হ’ব আমিৰ খান, কৰীনা কাপুৰ খান, আৰ মাধৱন আৰু শ্বাৰ্মান যোশী । ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰিব এই ছবিখন, লগতে বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰানী আৰু আমিৰ খানে যৌথভাৱে এই ছবিখন প্ৰযোজনা কৰিব । পিংকভিলাৰ মতে, ১৫ বছৰৰ পাছত অৱশেষত থ্ৰি ইডিয়টছৰ ছিকুৱেল ছবিখন আহি আছে ।
প্ৰকাশিত এক খবৰ অনুসৰি ২০২৬ চনৰ দ্বিতীয়াৰ্ধৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । খবৰ অনুসৰি “চিত্ৰনাট্য স্থিৰ কৰা হৈছ আৰু দলটো অত্যন্ত আগ্ৰহী ।”
খবৰ অনুসৰি প্ৰথম ছবিখনে য’ত শেষ হৈছিল তাৰ পৰাই কাহিনী আগবাঢ়িব । প্ৰায় ১৫ বছৰৰ পিছত, যেতিয়া সকলো চৰিত্ৰই নিজৰ নিজৰ নিজৰ বাট লৈ নতুন দুঃসাহসিক অভিযানৰ বাবে পুনৰ একত্ৰিত হ’ব । অৰ্থাৎ দৰ্শকে আকৌ এবাৰ ৰেঞ্চো, ফাৰহান, ৰাজু আৰু পিয়াৰ নষ্টালজিক কেমিষ্ট্ৰী উপভোগ কৰিব পাৰিব, কিন্তু এইবাৰ তেওঁলোকৰ জীৱনৰ অগ্ৰগতি চিত্ৰিত কৰা নতুন আৰু মজাৰ টুইষ্টো আহিব ।
উল্লেখ্য যে, ২০০৯ চনত মুক্তি পোৱা থ্ৰী ইডিয়টছ বহুল চৰ্চিত তথা জনপ্ৰিয় ছবি আছিল । এই ছবি মুক্তিৰ পিছতে ভাৰতৰ শিক্ষা ব্যৱস্থাক লৈ বিতৰ্কৰ সূচনা হয় । ২০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি বলীউডৰ বাবে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এইখনেই আছিল প্ৰথম ভাৰতীয় ছবি । এতিয়া আমিৰ, কৰীনা আৰু সমগ্ৰ দলটো পুনৰ একত্ৰিত হোৱাৰ লগে লগে আৰু কাহিনীটোৱে নষ্টালজিয়া আৰু সতেজতা দুয়োটাকে কঢ়িয়াই অনাৰ লগে লগে থ্ৰী ইডিয়টছ ২ এই দশকৰ অন্যতম প্ৰত্যাশিত ছবি হ’বলৈ সাজু হৈছে ।
লগতে পঢ়ক : ‘ধুৰন্ধৰ’ৰ ধামাকা… গভীৰ নিশাও দেখা গৈছে অনুৰাগীৰ উন্মাদনা









