'মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়'... মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য অসমীয়াৰ আপোন, মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিছাৰি সামাজিক মাধ্যমৰ লগতে সংগ্ৰ ৰাজ্য এতিয়া উত্তাল । সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিক তদন্ত আৰু এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা সকলো ব্যক্তিক

‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

অসমীয়াৰ আপোন, মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিছাৰি সামাজিক মাধ্যমৰ লগতে সংগ্ৰ ৰাজ্য এতিয়া উত্তাল । সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিক তদন্ত আৰু এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা সকলো ব্যক্তিক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে ৰাজ্যবাসীয়ে । জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ এদিন পিছতে এতি এই দাবী সজোৰে উত্থাপন হৈছে । জুবিন অনুৰাগী, বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যবাসীয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ প্ৰতি এই ঘটনাৰ উচতি তদন্তৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে ।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মন্ত্ৰী হাজৰীকাই কয় যে, ৰাইজে যি কৈছে সেয়া মুখ্যমন্ত্ৰীয়ে কৰিব । সকলোৱে দেখিছে জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে প্ৰত্যেকটো বস্তু বা বিষয়ৰ নিজাকৈ উদ্যোগ লৈছিল । গতিকে আজি পুৱা মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত দিছে যে, ছিংগাপুৰৰ যিটো ফেষ্টিভেলত জুবিন দা গৈছিল সেই ফেষ্টিভেল অনুষ্ঠিত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । গতিকে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আৰু উচিত সিদ্ধান্ত লব বুলি আশাবাদী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে নিজেও কথা পাতি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এই বিষয়ত উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো অন্ত্যন্ত গুৰুত্বসহকাৰে লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । সেই কেইটা দিনত জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্বাচনকে ধৰি সকলো কথাই বাদ দিছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে । উক্ত কেইদিন মুখ্যমন্ত্ৰীয়ে কেৱল জুবিন গাৰ্গৰ অন্তিম বিদায়কে ধৰি এই বিষয়সমূহৰ ওপৰতহে মনোযোগ দিছিল বুলি কয় মন্ত্ৰী হাজৰীকাই ।

জুবিন গাৰ্গ অসমৰ সম্পদ বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে, এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অন্ত্যন্ত গুৰুত্বসহকাৰে লৈছে । জুবিন গাৰ্গ প্ৰত্যেকগৰাকী অসমীয়াৰ নিকটাত্মীয় । গতিকে জুবিন দাক কোনোবাই যদি বিপদত পেলাইছিল তেন্তে তেনে ব্যক্তিক সাৰি যাবলৈ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যেই নিদিয়ে ।

লগতে পঢ়ক : মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি : গৰিমা শইকীয়া গাৰ্গ