বৰ্তমান চেলিম খান চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে সমগ্ৰ খান পৰিয়াল চিন্তিত হৈ পৰিছে ।
বলীউডৰ অভিনেতা ছলমান খানৰ পিতৃ তথা প্ৰখ্যাত চিত্ৰনাট্যকাৰ চেলিম খান অসুস্থ বুলি খবৰ প্ৰকাশ পাইছে । চেলিম খানক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে । এই খবৰে অনুৰাগীসকলক ব্যৰ্থিত কৰিছে । অনুৰাগীসকলে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ।
চেলিম খানৰ কি হৈছে জানিবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে । অৱশ্যে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই পৰিয়ালে ।
পিতৃৰ ওচৰলৈ গ’ল ছলমান খান-
বৰ্তমান চেলিম খান চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে সমগ্ৰ খান পৰিয়াল চিন্তিত হৈ পৰিছে । পিতৃৰ স্বাস্থ্যৰ খবৰ পোৱাৰ লগে লগে ছলমান খান ততাতৈয়াকৈ লীলাৱতী চিকিৎসালয়ত উপস্থিত হয় । চিকিৎসালয়ৰ বাহিৰত ছলমান খানৰ ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁৰ মুখত দুখ আৰু চিন্তা স্পষ্টকৈ দেখা গৈছে । আলভিৰা খানেও পিতৃৰ ওচৰলৈ যায় । অৱশ্যে চেলিম খান ৰুটিন চেকআপৰ বাবে চিকিৎসালয়লৈ গৈছিল নে কোনো গুৰুতৰ অসুস্থতাৰ বাবে গৈছে সেয়া এতিয়াও নিশ্চিত কৰা নাই পৰিয়ালে ।
লগতে পঢ়ক : অৱশেষত সকাহ! শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অভিনেতা ৰাজপাল যাদৱ









