দীৰ্ঘদিন ধৰি বিতৰ্কৰ মাজত থকা দিলজিৎ দোসাঞ্জৰ ছবি ‘পঞ্জাৱ ৯৫’ যিখন এতিয়া ‘সতলুজ’ নামেৰে মুক্তি লাভ কৰিছিল। কিন্তু মুক্তিৰ ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰতত নিষিদ্ধ হ’ল ছবিখন।
দিলজিৎ দোসাঞ্জৰ ছবি ‘সতলুজ’ -এ দৰ্শকৰ হৃদয় আৰু মন জোকাৰি গৈছে। ছবিখন চোৱাৰ পিছত চকুপানী ধৰি ৰখাটো কঠিন হৈ পৰিছে। ছবিখনত সক্ৰিয়কৰ্মী যশৱন্ত সিং খালৰাৰ জীৱন আৰু বেদনাদায়ক অন্তক দেখুওৱা হৈছে। নিৰ্মাতাসকলে ইয়াক Zee5ত মুকলি কৰিছিল, কিন্তু মাত্ৰ দুদিন পিছতে ভাৰতত ইয়াৰ ষ্ট্ৰীমিঙৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। জি৫-এ এক বিবৃতি জাৰি কৰি কয় যে দেশৰ বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ছবিখন ভাৰতত প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে, জি৫-এ কয় যে ছবিখনে দৰ্শকৰ পৰা যি সঁহাৰি লাভ কৰিছিল, সেয়া সঁচাকৈয়ে আশ্বৰ্যজনক আছিল। তেওঁলোকে ইয়াক অতি সোনকালে প্লেটফৰ্মলৈ ঘূৰাই আনিবলৈ যথাসাধ্য চেষ্টা চলাইছে। ছবিখনৰ ওপৰত হঠাৎ লগোৱা নিষেধাজ্ঞাই ছচিয়েল মিডিয়াত এক নতুন বিতৰ্কৰ সূচনা কৰিছে।
ছবিখনত ১৯৯০ চনৰ পঞ্জাৱৰ সেই ক’লা অধ্যায়ৰ কাহিনী বৰ্ণনা কৰা হৈছে, য’ত যশৱন্ত সিং খালৰাৰ জীৱন আৰু সংগ্ৰামক প্ৰদৰ্শন কৰা হৈছে। ছবিখনত আৰক্ষীৰ অত্যাচাৰ, ভুৱা এনকাউণ্টাৰ আৰু হাজাৰ হাজাৰ সন্ধানহীন লোকৰ স্পৰ্শকাতৰ বিষয়সমূহ উত্থাপন কৰা হৈছে। চেন্সৰ ব’ৰ্ডেও ছবিখন পাছ কৰিবলৈ প্ৰায় ৩-৪ বছৰ সময় লৈছিল। ইয়াত ১২৭টা কাট লগোৱাৰ দাবী উত্থাপন কৰা হৈছিল। ব’ৰ্ডে বিচাৰিছিল যে ছবিখনৰ মুখ্য চৰিত্ৰটোৰ নাম সলনি কৰা হওক আৰু পঞ্জাৱ আৰক্ষীৰ সৈতে জড়িত কেইবাটাও দৃশ্য আঁতৰোৱা হওক। পৰিচালক হনী ত্ৰেহান আৰু দিলজিৎ দোসাঞ্জ এই কথাত অটল আছিল যে ছবিখন কোনো কাট নোহোৱাকৈয়ে মুক্তি পাব। এই টনাটনিৰ বাবেই ছবিখনৰ নাম ‘পঞ্জাৱ ৯৫’ৰ পৰা সলনি কৰি ‘সতলুজ’ কৰিবলগীয়া হৈছিল।
সকলো বাধা-বিপত্তিৰ অন্ত পেলাই ৩ জুলাইত ছবিখন কোনো কাট নোহোৱাকৈয়ে জি৫ত মুক্তি পাইছিল। মুক্তিৰ লগে লগেই ছবিখনে সঁহাৰি লাভ কৰে আৰু সমালোচকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোৱে দিলজিৎ দোসাঞ্জৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰে। কিন্তু মুক্তিৰ ৪৮ ঘণ্টাৰ ভিতৰতে ইয়াক আঁতৰাইও দিয়া হয়। এফালে মানুহে ইয়াৰ কাহিনীক আদৰি লৈছিল, আনফালে আকৌ একাংশ লোকে স্পৰ্শকাতৰ বিষয়সমূহ একপক্ষীয়ভাৱে দেখুওৱাৰ অভিযোগ উত্থাপন কৰি আপত্তি দৰ্শায়। প্ৰচণ্ড চাপৰ বাবেই মুক্তিৰ মাত্ৰ দুদিন পিছতে জি৫ পিছুৱাই যাবলৈ বাধ্য হয় আৰু ছবিখন আঁতৰাই দিয়ে। এতিয়া চাবলগীয়া বিষয় এয়া যে দিলজিতৰ এই ছবিখন পুনৰ ভাৰতৰ দৰ্শকৰ সন্মুখলৈ আহিব পাৰিবনে নাই।
লগতে পঢ়ক; আমিৰ-গৌৰীৰ বিবাহত লাগিল মোহৰ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা









