ছ’চিয়েল মিডিয়াত মায়ানগৰী মুম্বাইৰ এটা ভিডিঅ’ই খলকনি সৃষ্টি কৰিছে। মুম্বাইৰ কাঞ্জুৰ মাৰ্গৰ সমীপৰ পানীৰে ভৰা ৰে’লপথৰ মাজেৰে গৈ আছে বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈছে ।
মুম্বাইত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে । মুম্বাইৰ কাঞ্জুৰ মাৰ্গ (Kanjur Marg) ৰেলৱে ষ্টেচনৰ ওচৰত সম্পূৰ্ণৰূপে জলমগ্ন হৈ থকা ট্ৰেকৰ মাজেৰে ভাৰতৰ হাই-স্পীড ৰেল বন্দে ভাৰত এক্সপ্ৰেছ অত্যন্ত সুকলমে পাৰ হৈ যোৱা দেখা গৈছে । এই ভাইৰেল ভিডিঅ’টোৱে এফালে যেনেকৈ মুম্বাইৰ বাৰিষাৰ ভয়াৱহ ৰূপটো দাঙি ধৰিছে, আনফালে ভাৰতীয় ৰেলৱেৰ আধুনিক প্ৰযুক্তি আৰু সহনশীলতাকো প্ৰমাণ কৰিছে ।
পানী ফালি আগবাঢ়িল বন্দে ভাৰত এক্সপ্ৰেছ
ভাইৰেল হোৱা ফুটেজত দেখা গৈছে যে ছেমি-হাইড স্পীড ৰেল বন্দে ভাৰতে বৰষুণৰ পানীত বুৰ গৈ থকা ৰেলপথৰ মাজেৰেও নিজৰ স্থিৰতা বজাই ৰাখিছে । ৰেলখন আগবাঢ়ি যাওঁতে দুয়োকাষে প্ৰৱলভাৱে পানী চিটিকি পৰাৰ দৃশ্যই নেটনাগৰিকসকলক আকৰ্ষিত কৰিছে । ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে- এচামে যিয়ে ৰেলখনৰ মসৃণ গতিৰ প্ৰশংসা কৰিছে, আনহাতে আন একাংশই মুম্বাইৰ দুৰ্বল পৰিবহন আন্তঃগাঁথনিক লৈ চিন্তা প্ৰকাশ কৰিছে ।
মুম্বাই আৰু ৰায়গড়ত ‘ৰেড এলাৰ্ট’ জাৰি
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মুম্বাই আৰু ইয়াৰ প্ৰতিৱেশী ৰায়গড় জিলাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে । জানিব পৰা মতে, শনিবাৰৰ নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইৰ কিছুমান অঞ্চলত মাত্ৰ ২৩ ঘণ্টাতে ২৫০ ৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ ৰেকৰ্ড কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, অনাগত কেইটামান দিনত বৰষুণৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
মুম্বাইত বাৰিষাৰ ভয়াৱহতা:
নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ নিম্ন অঞ্চলসমূহৰ লগতে মূল পথ আৰু ৰেলপথসমূহ পানীৰ তলত বুৰ গৈছে । উপ-নগৰীয় অঞ্চলৰ ৰাজপথসমূহৰ গাঁতবোৰ পানীৰ তলত লুকাই থকাৰ বাবে দৈনিক যাত্ৰীসকলৰ নিৰাপত্তা বিপদাপন্ন হৈ পৰিছে । চহৰখনৰ স্বাভাৱিক কাম-কাজ আৰু যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে ।
প্ৰত্যাহ্বানৰ মাজতো থমকি ৰোৱা নাই ভাৰতীয় ৰেল
পৰিস্থিতি যিমানেই প্ৰত্যাহ্বানমূলক নহওক কিয়, মুম্বাইৰ লাইফলাইন বুলি জনাজাত ৰেল সেৱা সম্পূৰ্ণ সতৰ্কতাৰে চলাই থকা হৈছে । ৰেলৱে কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে যাতে যাত্ৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ নহয় । ভাইৰেল ভিডিঅ’টোক লৈ ৰেল বিভাগে স্পষ্ট কৰি দিছে যে এই যাত্ৰাৰ ফলত ৰেলখনৰ কোনো ধৰণৰ কাৰিকৰী বা পৰিচালনগত ক্ষতি হোৱা নাই ।









