কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান
খান পৰিয়ালে এটি ৰাজকুমাৰীক আদৰণি জনাইছে।২৩ বছৰৰ পিছত পুনৰ পিতৃ হ’ল আৰবাজ খান।আৰবাজ খানৰ পত্নী শূৰাই আজি এটি কন্যা সন্তান জন্ম দিয়ে।
খান পৰিয়াললৈ এটি কণমানি দেৱদূতৰ আগমনে সমগ্ৰ পৰিয়ালটোলৈ উৎসৱমুখৰ পৰিৱেশ কঢ়িয়াই আনিছে। পিতৃ-মাতৃ হোৱাৰ পিছত আৰবাজ আৰু শূৰাক সকলোৱে অভিনন্দন জনাইছে।
৪ অক্টোবৰৰ দিনা শূৰাক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু আজি শূৰাই এগৰাকী কণমানি ৰাজকুমাৰী জন্ম দিছে।
ইতিমধ্যে আৰবাজৰ এটি পুত্ৰ সন্তান আছে, আৰু এতিয়া কন্যা সন্তানৰ পিতৃ হোৱাত আনন্দিত হৈছে অভিনেতা গৰাকী।
আৰবাজৰ ভাতৃ সোহেইল খান আৰু পুত্ৰ আৰহানেও শূৰাক লগ কৰিবলৈ হস্পিতালত উপস্থিত হৈছে।চিকিৎসালয়ৰ বাহিৰত সোহেইল আৰু আৰহানক দেখা পোৱা গৈছে। সকলোকে বৰ সুখী যেন লাগিছে।
লগতে পঢ়ক: বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই গোপনে সম্পন্ন কৰিলে বাগদান!









