তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…

তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…

‘কান্তাৰা চেপ্তাৰ ১’ৰ অভিলেখ ‘কান্তাৰা চেপ্তাৰ ১’এ শেহতীয়াকৈ বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বন্ধৰ দিনটোত অনুমানৰ তুলনাত শত্তিশালী আৰম্ভণি কৰে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা এই ছবিখনে । বুধবাৰে সম্পূৰ্ণ দেশজুৰি ছবিখনৰ আগতীয়া বুকিং মুকলি কৰা হয় । গতিকে আগতীয়াকৈ বুকিঙত আশা

‘কান্তাৰা চেপ্তাৰ ১’ৰ অভিলেখ

‘কান্তাৰা চেপ্তাৰ ১’এ শেহতীয়াকৈ বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বন্ধৰ দিনটোত অনুমানৰ তুলনাত শত্তিশালী আৰম্ভণি কৰে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা এই ছবিখনে । বুধবাৰে সম্পূৰ্ণ দেশজুৰি ছবিখনৰ আগতীয়া বুকিং মুকলি কৰা হয় । গতিকে আগতীয়াকৈ বুকিঙত আশা কৰা ধৰণে পৰিসংখ্যা চকুত পৰা নাছিল । কিন্তু প্ৰত্যক্ষভাৱে থিয়েটাৰত উপস্থিত হোৱা লোকসকলে ইয়াৰ ক্ষতিপূৰণ কৰে ।

দেওবাৰে ‘কান্তাৰা চেপ্তাৰ ১’এ বক্স অফিচত দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰে । বহু ঠাইত বৃহস্পতিবাৰৰ আৰম্ভণিৰ সংগ্ৰহতকৈ ইয়াৰ দেওবাৰৰ সংগ্ৰহ ভাল আছিল । হিন্দীত ছবিখনে এনেদৰে উপাৰ্জন কৰিছে যে ইয়াৰ উইকেণ্ড সংগ্ৰহ বহু বৃহৎ বলীউডৰ ছবিতকৈ ভাল । ইফালে দেওবাৰৰ শক্তিশালী সংগ্ৰহৰ সৈতে এই ছবিখনে বিশ্বব্যাপী ডাঙৰ ৰেকৰ্ড অতিক্ৰম কৰিছে ।

ছবিখনৰ হিন্দী সংস্কৰণে শনিবাৰৰ ভিতৰত বক্স অফিচত ৫২ কোটি টকা সংগ্ৰহ কৰিছিল । প্ৰথম দিনটোত ১৮.৫ কোটি টকাৰ পৰা আৰম্ভ হোৱা ‘কান্তাৰা চেপ্তাৰ ১’ৰ হিন্দী সংস্কৰণটোৰ সংগ্ৰহ শুকুৰবাৰে অলপ লেহেমীয়া আছিল আৰু মাত্ৰ ১৩.৫ কোটি উপাৰ্জন কৰিছিল । কিন্তু শনিবাৰে শক্তিশালী উত্থানৰ সৈতে সংগ্ৰহ ২০ কোটিলৈ বৃদ্ধি পাই আৰু এতিয়া বাণিজ্যিক প্ৰতিবেদনে কৈছে যে দেওবাৰে সংগ্ৰহ আৰু অধিক বৃদ্ধি পাইছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনা প্ৰায় ২৩ কোটি টকা সংগ্ৰহ কৰিছে ‘কান্তাৰা চেপ্তাৰ ১’এ । অৰ্থাৎ হিন্দী সংস্কৰণত ছবিখনৰ আৰম্ভণিৰ সপ্তাহটোৰ সংগ্ৰহ প্ৰায় ৭৫ কোটি টকাৰ ওচৰ চাপিছে ।

আন এক তথ্যই প্ৰকাশ কৰিছে যে ‘কান্তাৰা চেপ্তাৰ ১’ বিশ্বব্যাপী বক্স অফিচত সপ্তাহৰ শেষৰ ফালে তৃতীয়খন বৃহত্তম ছবি আছিল । দেওবাৰে ঋষভ শ্বেট্টীৰ ছবিখনে গ্ল’বেল বক্স অফিচত ৩০০ কোটিৰ সীমা অতিক্ৰম কৰে । বৰ্ধিত সপ্তাহৰ শেষৰ ফালে এই ছবিখনে বিশ্বব্যাপী ৩৫.৭৩ মিলিয়ন ডলাৰ অৰ্থাৎ ৩১৭ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে ।

লগতে পঢ়ক : ২৩ বছৰৰ পিছত কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান…