বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী

বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী

বাংলাদেশ হিংসা আৰু চলি থকা অস্থিৰতাৰ মাজতে অসমত তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে । চুবুৰীয়া দেশখনত সংঘটিত হোৱা প্ৰতিটো ঘটনা ৰাজ্য চৰকাৰে চোকা দৃষ্টি ৰাখিছে । বাংলাদেশত চলি থকা হিংসা আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া একচন মোডত অহা পৰিলক্ষিত হৈছে

বাংলাদেশ হিংসা আৰু চলি থকা অস্থিৰতাৰ মাজতে অসমত তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে । চুবুৰীয়া দেশখনত সংঘটিত হোৱা প্ৰতিটো ঘটনা ৰাজ্য চৰকাৰে চোকা দৃষ্টি ৰাখিছে ।

বাংলাদেশত চলি থকা হিংসা আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া একচন মোডত অহা পৰিলক্ষিত হৈছে । পৰিস্থিতিৰ ভয়াৱহতাক স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সোমবাৰে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা উদ্বেগজনক । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বাংলাদেশৰ প্ৰতিটো ঘটনা চোকা দৃষ্টিৰে লক্ষ্য ৰখা হৈছে, কিয়নো সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু ভাৰতৰ নিৰাপত্তাৰ সৈতে জড়িত বক্তব্যই উদ্বেগ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে ।

এক অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বাংলাদেশৰ পৰিস্থিতি ভাল নহয়, সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ খবৰ প্ৰকাশ পাইছে ৷ তেওঁ লগতে দাবী কৰে যে বাংলাদেশৰ ক্ষমতাত থকা একাংশ লোকে উত্তৰ-পূব ভাৰতক নিজৰ অধীনস্থ কৰাৰ কথা কৈছে, যিটো অতি গুৰুতৰ আৰু চিন্তনীয় ।

মুখ্যমন্ত্রী শর্মাৰ মতে, বাংলাদেশৰ পৰা বিভিন্ন সময়ত অবৈধ নাগৰিক অসমত প্রৱেশ কৰিছে, সেয়েহে ৰাজ্যখন অধিক সতর্ক হোৱাৰ প্রয়োজন ৷ তেওঁ কয় যে দেশখনৰ সকলো ঘটনাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । যোৱা সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে একাংশ “বাংলাদেশী উপাদান”য়ে উত্তৰ-পূব ভাৰতক বাংলাদেশৰ অধীনস্থ কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে । এই কথাটো তেওঁ বিপদজনক বুলি অভিহিত কৰে ।

তদুপৰি মুখ্যমন্ত্ৰী শৰ্মাই এনে বিষয়ত ভাৰত মৌন নাথাকে বুলিও উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে ভাৰত এখন বৃহৎ দেশ, পাৰমাণৱিক শক্তিসম্পন্ন আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি । তেওঁ লগতে কয় যে এনে ক্ষেত্ৰত বাংলাদেশে এনে এটা কথা চিন্তাও কেনেকৈ কৰিব পাৰে । ইফালে অসমৰ কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে নিষেধাজ্ঞা । বিষয়াসকলৰ মতে, অবৈধ চলাচল ৰোধ আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ