বাংলাদেশত পুনৰ হিন্দু লোকৰ বৰ্বৰ হত্যা… ১৮ দিনত ষষ্ঠটো ঘটনা

বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । সোমবাৰে পুনৰ আন এগৰাকী হিন্দু ব্যক্তি হিংসাৰ বলি হয় । বিগত ১৮ দিনত হিন্দু লোকৰ ওপৰত সংঘটিত এইটো ষষ্ঠটো ঘটনা ।

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তথা অত্যাচাৰ অব্যাহত আছে । পেছাত এগৰাকী সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীক গুলীয়াই হত্যা কৰাৰ ২৪ ঘন্টা পাৰ নহওতেই আন এগৰাকী হিন্দু লোক হিংসাৰ বলি হৈছে । শেহতীয়া ঘটনা সংঘটিত হৈছে নৰসিংদ্ধি জিলাত । এই ঘটনাত গেলামালৰ ব্যৱসায়ী মণি চক্ৰৱৰ্তীক দুষ্কৃতিকাৰীয়ে হত্যা কৰে । সোমবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

খবৰ অনুসৰি মণি চক্ৰৱৰ্তীয়ে বাংলাদেশৰ নৰসিংদ্ধি পলাশ উপ-জিলাৰ অন্তৰ্গত চাৰসিন্দুৰ বজাৰত এখন গেলামালৰ দোকান চলাইছিল । শিবপুৰ মহকুমাৰ সধৰচৰ ইউনিয়নৰ বাসিন্দা আছিল ব্যক্তিজন ।

জানিব পৰা মতে, মণি চক্ৰৱৰ্তী সচৰাচৰৰ দৰে নিজৰ দোকানত বহি থকা অৱস্থাত হঠাতে অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰে । এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ পাছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মণি চক্ৰৱৰ্তীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও বাটতে তেওঁৰ মৃত্যু হয় । এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । স্থানীয় ব্যৱসায়ীসকলে কয় যে মণি চক্ৰৱৰ্তী আছিল এজন শান্ত স্বভাৱৰ ব্যক্তি আৰু তেওঁৰ কাৰো লগত কোনো ধৰণৰ সংঘাত বা শত্ৰুতা নাছিল ।

মুকলি বজাৰত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডই ব্যৱসায়ী আৰু সাধাৰণ জনতাৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱ আৰু গভীৰ কৰি তুলিছে । স্থানীয় সচেতন লোকসকলে এই ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁলোকে কয় যে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন ব্যৱসায়ীক ৰাজহুৱাভাৱে এইদৰে হত্যা কৰাটো অত্যন্ত চিন্তনীয় । প্ৰশাসনে অতি সোনকালে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে তেওঁলোকে ।

লগতে পঢ়ক : বাংলাদেশত পুনৰ হিন্দু যুৱকক গুলীয়াই হত্যা… বিগত এমাহতে সংখ্যালঘুৰ ওপৰত পঞ্চমটো আক্ৰমণ

বাংলাদেশত পুনৰ হিন্দু যুৱকক  গুলীয়াই হত্যা… বিগত এমাহতে সংখ্যালঘুৰ ওপৰত পঞ্চমটো আক্ৰমণ

বাংলাদেশত সংখ্যলঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা অব্যাহত আছে । সোমবাৰে পুনৰ আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ।

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে আক্ৰমণৰ ঘটনা । শেহতীয়াকৈ দেশখনৰ সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে আন এক হিংসাৰ ঘটনা পোহৰলৈ আহিছে । জেছৌৰ জিলাৰ মণিৰামপুৰ মহকুমাৰ এক ৰাজহুৱা স্থানত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজন হিন্দু যুৱকক । মৃত যুৱকজন কেশবপুৰ মহকুমাৰ আৰুৱা গাঁৱৰ ৪৫ বছৰীয়া ৰাণা প্ৰতাপ বৈৰাগী বুলি জানিব পৰা গৈছে ।

সোমবাৰে সন্ধিয়া প্ৰায় ৫:৪৫ বজাত মণিৰামপুৰৰ ১৭ নং ৱাৰ্ডৰ কোপালিয়া বজাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা । প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বজাৰত উপস্থিত থকা ৰাণা প্ৰতাপক লক্ষ্য কৰি কোনো অচিনাকি আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । গুলীৰ আঘাতত ৰাণা প্ৰতাপৰ থিতাতে মৃত্যু হয় ।

ঘটনাৰ পিছতে বজাৰ আৰু ইয়াৰ আশে-পাশে আতংকৰ সৃষ্টি হয় । তথ্য লাভ কৰাৰ লগে লগে মণিৰামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে ঘটনাস্থলী ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে ।

মণিৰামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাস্থলীত আৰক্ষী উপস্থিত থকাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে এই গোচৰৰ তদন্ত চলি আছে আৰু আক্ৰমণকাৰীক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

উল্লেখ্য যে, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাণা প্ৰতাপ বৈৰাগীৰ হত্যাকাণ্ড সংঘটিত হৈছে । ইয়াৰ পূৰ্বে দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰিছিল । আন এজন হিন্দু যুৱক অমৃত মণ্ডলকো শেহতীয়াকৈ হত্যা কৰা হৈছিল ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ

ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ ২০২৬ চনৰো আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে । ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে যুদ্ধৰ বিভিষীকাই আগুৰি ধৰিছে…

নতুন বছৰৰ আৰম্ভণিতে বিশ্বত যুদ্ধৰ উকমুকনি । ২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কিয়নো ইখনৰ পিছত সিখন দেশ যুদ্ধ আৰু হিংসাৰ জুয়ে আগুৰি ধৰিছিল । ২০২৫ বৰ্ষটোৱে বিদায় লোৱাৰ পিছত ২০২৬ চনটো শান্তি আৰু যুদ্ধবিহীন ভাৱে পাৰ হ’ব বুলি ভবা হৈছিল যদিও এতিয়া সেই আশাত চেঁচা পানী পৰিছে । কিয়নো ২০২৬ চনৰ আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে ।

বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰবাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ৰাজপথ উত্তাল হৈ আছে, আন ঠাইত নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে । মধ্যপ্ৰাচ্যৰ পৰা দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকালৈকে পৰিস্থিতি দ্ৰুতগতিত অৱনমিত হৈছে । ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ, বাংলাদেশত নিৰ্বাচনী হিংসা, য়েমেনত চলি থকা গৃহযুদ্ধ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তীব্ৰ যুদ্ধ, ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আদি সকলোবোৰে স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ আৰম্ভণিয়ে বিশ্ববাসীক অস্বস্তি, আতংক আৰু অনিশ্চয়তা কঢ়িয়াই আনিছে ।

আমেৰিকাৰ ভেনিজুৱেলা আক্ৰমণ আৰু ৰাষ্ট্ৰপতিক বন্দী-

২০২৬ বৰ্ষ আৰম্ভ হোৱাৰ মাত্ৰ তিনিটা দিন পিছতে আমেৰিকাই ভেনিজুৱেলাত বৃহৎ আক্ৰমণ চলায় । শনিবাৰে আমেৰিকাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ, মিৰাণ্ডা, আৰাগুয়া, লা গুইৰাকে ধৰি চাৰিখন চহৰত ৭টা বিমান আক্ৰমণ চলায় । এই কথা স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে । আক্ৰমণৰ পিছত কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হয় । ভেনিজুৱেলাৰ তেল আৰু খনিজ সম্পদ দখল কৰিবলৈ আমেৰিকাই অভ্যুত্থানৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । ইফালে ট্ৰাম্পে দাবী কৰে যে এই আক্ৰমণৰ পিছত নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে ।

ইৰাণৰ ৰাজপথত প্ৰতিবাদ, শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগান-

ইৰাণত একেৰাহে সপ্তম দিন ধৰি মুদ্ৰাস্ফীতি আৰু সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দেশখনত এই পৰ্যন্ত মৃত্যু হৈছে ৮ জন লোকৰ । পৰিস্থিতি ইমানেই উত্তেজিত হৈ পৰিছে যে নিহত প্ৰতিবাদকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াতো মানুহে মুকলিকৈ “ডেথ টু খোমেইনী” ধ্বনি দি আছে । এই প্ৰতিবাদ এতিয়া কেৱল তেহৰাণতে আবদ্ধ হৈ থকা নাই । ছিয়া ধৰ্মগুৰুসকলৰ দুৰ্গ বুলি গণ্য কৰা পবিত্ৰ চহৰ ক’মলৈয়ো বিয়পি পৰিছে এই প্ৰতিবাদ । ইৰাণ ইণ্টাৰনেশ্যনেলৰ বাতৰি অনুসৰি, তীব্ৰ নিৰাপত্তাৰ মাজতো প্ৰতিবাদকাৰীসকলে ৰাজতন্ত্ৰৰ সমৰ্থনত শ্লোগান দিয়ে । ইয়াৰ মাজতে ইছলামিক শাসন ব্যৱস্থাৰ সম্ভাৱ্য পতনৰ বাতৰিও চৰ্চা চলিছে ।

বাংলাদেশৰ নিৰ্বাচনৰ পূৰ্বে হিংসা, সংখ্যালঘুক আক্ৰমণ-

২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে যদিও ইতিমধ্যে দেশখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । ২০২৫ চনৰ ডিচেম্বৰ মাহত ছাত্ৰ নেতা ওছমান হাদীৰ মৃত্যুৰ লগে লগে এই সংকটৰ আৰম্ভণি হয় । ইয়াৰ পিছতে অগ্নিসংযোগ, ধ্বংসাত্মক কাৰ্য, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দেশখনত বৰ্তমান পৰিস্থিতি আটাইতকৈ চিন্তনীয় হিন্দু সংখ্যালঘুৰ বাবে । শেহতীয়াকৈ সংঘটিত আক্ৰমণত আহত ৫০ বছৰীয়া হিন্দু ব্যৱসায়ী খোকন চন্দ্ৰ দাসৰ চিকিৎসালয়ত মৃত্যু হয় । দিপু দাস, অমৃত মণ্ডল, বিজেন্দ্ৰ বিশ্বাসক নামৰ হিন্দু ব্যক্তিকেইজনকো হত্যা কৰা হয় । দেশখনত এই পৰ্যন্ত চাৰিজন হিন্দুৱে প্ৰাণ হেৰুৱাইছে । এই ঘটনাই বাংলাদেশৰ সমগ্ৰ হিন্দুসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

য়েমেনত পুনৰ উত্তেজনা-

২০১৪ চনৰ পৰাই য়েমেনৰ গৃহযুদ্ধ চলি আছে । সেই বছৰতে হৌথী বিদ্ৰোহীয়ে ৰাজধানী ছানা দখল কৰে । ইয়াৰ পিছত ২০১৫ চনত ছৌদি আৰৱৰ নেতৃত্বত আৰু কেইবাখনো উপসাগৰীয় দেশকে ধৰি সামৰিক মিত্ৰজোঁট গঠন কৰি হৌথীক ক্ষমতাৰ পৰা উৎখাত কৰা হয় । প্ৰথম অৱস্থাত ছৌদি সমৰ্থিত চৰকাৰ আৰু ইৰাণ সমৰ্থিত হৌথীৰ মাজত যুদ্ধ হৈছিল যদিও এতিয়া য়েমেনত নতুন আৰু বিপজ্জনক উত্তেজনাই আৱৰি ধৰিছে ।

এতিয়া এই যুদ্ধত উপসাগৰীয় দেশসমূহৰ মাজত উত্তেজনা স্পষ্ট হৈ পৰিছে । চৌদি আৰৱৰ সেনাই বিমান আক্ৰমণ চলোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । ছৌদি আৰবে দাবী কৰে যে এই আক্ৰমণৰ লক্ষ্য হৈছে য়েমেনৰ বিচ্ছিন্নতাবাদী গোট দক্ষিণ ট্ৰেঞ্জিচনেল কাউন্সিললৈ প্ৰেৰণ কৰা অস্ত্ৰৰ চালান । এই গোটটো সংযুক্ত আৰব আমিৰশ্বাহী (UAE) ৰ দ্বাৰা সমৰ্থিত আৰু দক্ষিণ য়েমেনৰ বহু অঞ্চল নিয়ন্ত্ৰণত আছে । ইতিমধ্যে যুদ্ধ, ক্ষুধা আৰু মানৱীয় সংকটৰ সৈতে যুঁজি থকা য়েমেনৰ অসামৰিক জনসাধাৰণে শেহতীয়া উত্তেজনাৰ বোজা আকৌ এবাৰ বহন কৰিছে ।

অধিক ভয়ংকৰ হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ-

২০২৬ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ চাৰি বছৰ সম্পূৰ্ণ হ’ব । শান্তি আলোচনাৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে । নতুন বছৰৰ আৰম্ভণিতে সংঘাত তীব্ৰতৰ হৈ পৰিছে । পুটিনৰ বাসগৃহত আক্ৰমণৰ দাবীয়ে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে । মস্কোৱে কয় যে ইউক্ৰেইনে এতিয়া ৰাজধানী আৰু মূল স্থানসমূহক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা কিমান সফল হ’ব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী

পুখুৰীত জপিয়াইও প্ৰাণ ৰক্ষা নপৰিল… বাংলাদেশত হিংসাৰ বলি আন এজন হিন্দু

বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে অব্যাহত আছে হিংসা । আন এক হিংসাত্মক ঘটনাত শনিবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন এজন হিন্দু ব্যক্তিৰ ।

বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক হিংসাত্মক ঘটনাত শনিবাৰে পুৱা ঢাকাৰ নেশ্যনেল বাৰ্ন ইনষ্টিটিউটত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় খোকন চন্দ্ৰ দাসৰ । শ্বৰীয়তপুৰ জিলাৰ বজাৰত মেডিকেল ষ্টোৰ চলাই আছিল খোকনে । নৱবৰ্ষৰ পূৰ্বে আক্ৰমণকাৰীয়ে তেওঁক পেট্ৰ’ল ঢিলা জীৱন্তে জ্বলাই দিছিল । এই ঘটনাত গুৰুতৰভাৱে আহত হৈ তেওঁ চিকিৎসাধীন অৱস্থাত আছিল ।

চিকিৎসকৰ মতে, খোকন দাসৰ শৰীৰৰ প্ৰায় ৩০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হয় । তেওঁৰ মুখমণ্ডল আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ যথেষ্ট ক্ষতিসাধন হয় । চিকিৎসালয়খনৰ অধ্যাপক ডাঃ শ্বাউন বিন ৰহমানে কয় যে তেওঁ পুৱা প্ৰায় ৭:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

স্থানীয় বাতৰি কাকত প্ৰথম আলোৰ মতে, বাংলাদেশৰ দমুদিয়া উপজিলাৰ কনেশ্বৰ ইউনিয়নৰ কেউৰভংগা বজাৰৰ সমীপত ৩১ ডিচেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই ঘটনা । দোকান বন্ধ কৰি ঘৰলৈ উভতি অহা খোকন দাসক দুষ্কৃতিকাৰীয়ে ৰখাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে । জুইৰ পৰা ৰক্ষা পাবলৈ খোকন দাসে ওচৰৰ পুখুৰী এটাত জপিয়াই । তেওঁৰ চিঞৰ শুনি ওচৰৰ লোকসকলে ঘটনাস্থলীলৈ উপস্থিত হোৱাত আক্ৰমণকাৰী পলায়ন কৰে । সংকটজনক অৱস্থাত তেওঁক প্ৰথমে শ্বৰীয়তপুৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত ঢাকালৈ প্ৰেৰণ কৰা হয় ।

ঘটনাৰ পিছতে এতিয়া খোকন চন্দ্ৰ দাসৰ পৰিয়ালে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ।

লগতে পঢ়ক : ইৰাণত ক্ষুদ্ধ জনসাধাৰণ,চৌদিশে হিংসাত্মক প্ৰতিবাদ; ৭ জনৰ মৃত্যু

বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী

হিংসাজৰ্জৰ বাংলাদেশত সংখ্যলঘু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন অব্যাহত আছে । সোমবাৰে পুনৰ আন এজন হিন্দু যুৱকক গুলীয়াই হত্যা কৰা হয় দেশখনত ।

বাংলাদেশত পুনৰ হত্যা কৰা হৈছে আন এজন হিন্দু যুৱকক । এই ঘটনা একেখন মইমনসিং জিলাত সংঘটিত হৈছিল য’ত ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাসক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত তেওঁৰ মৃতদেহ জ্বলাই দিছিল । বাংলাদেশত যোৱা ১৫ দিনত এইটো তৃতীয়টো হিন্দু যুৱকক হত্যা কৰাৰ ঘটনা । ইয়াৰ পূৰ্বে ঢাকাত অমৃত মণ্ডলক গুলীয়াই হত্যা কৰা হৈছিল । তেওঁৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

সোমবাৰে (২৯ ডিচেম্বৰ, ২০২৫) সন্ধিয়া ৬:৪৫ বজাত লাবিব গ্ৰুপ গাৰ্মেণ্টছৰ ভালুকা মহকুমা অঞ্চলত অৱস্থিত চুলতান চুৱেটাৰ লিমিটেডৰ এটা কাৰখানাত সংঘটিত হয় এই ঘটনা । নিহত যুৱকজনৰ নাম বজেন্দ্ৰ বিশ্বাস । তেওঁ মুছলমান বন্ধু নোমন মিয়াৰ লগত আছিল । নোমনে গুলী চলোৱাত উৰুত আঘাতপ্ৰাপ্ত হৈ বজেন্দ্ৰৰ মৃত্যু হয় । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নোমনক । বজেন্দ্ৰ আনছাৰৰ সদস্য আছিল । কাৰখানাৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছিল বিশজন আনছাৰ সদস্য । বজেন্দ্ৰ বিশ্বাসৰ বয়স ৪২ বছৰ আৰু নোমন মিয়াৰ বয়স ২৯ বছৰ ।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, বজেন্দ্ৰ আৰু নোমনক কাৰখানাটোত নিৰাপত্তাৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু কাৰখানাৰ ভিতৰত থকা আনছাৰ বেৰেকত বাস কৰিছিল । কথা-বতৰাৰ মাজতে নোমনে বজেন্দ্ৰ বিশ্বাসৰ ফালে বন্দুক টোঁৱাই । কোৱা হৈছে যে তেওঁ ধেমালি কৰিছিল, কিন্তু ট্ৰিগাৰ টানে, গুলী বজেন্দ্ৰৰ বাওঁ উৰুত আঘাত কৰে ।

বাজেন্দ্ৰ বিশ্বাসৰ মৃত্যুত বাংলাদেশত পুনৰ উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে । ইতিমধ্যে তাত পৰিস্থিতি অতি উত্তেজিত, সংখ্যালঘুৰ বিৰুদ্ধেও হিংসাৰ ঘটনা নিয়মীয়াকৈ সংঘটিত হৈছে । ১৮ ডিচেম্বৰত দিপু দাসৰ হত্যাকাণ্ডৰ পিছত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । ভাৰতেও তেওঁৰ হত্যাক লৈ ক্ষোভ প্ৰকাশ কৰে । বিগত এটা বছৰত বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ আৰু হিংসা যথেষ্ট বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

‘আমি আওকাণ কৰিব নোৱাৰো…’ বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ মহম্মদ ইউনুছক তিৰস্কাৰ ভাৰতৰ

বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক ককৰ্থনা কৰে ভাৰতে । ভাৰতে দেশখনত সংখ্যালঘুৰ ওপৰত চলি থকা হিংসা এক চিন্তনীয় বিষয় বুলি কয় ।

বাংলাদেশত চলি থকা ৰাজনৈতিক সংকট আৰু সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত ভাৰত চৰকাৰে এক বিবৃতি প্ৰকাশ কৰিছে । শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা হিংসাত্মক ঘটনা এক চিন্তনীয় বিষয় । তেওঁ কয়, “দীপু দাসৰ হত্যাকাণ্ডক আমি গৰিহণা দিছো । দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব বুলি আমি আশা কৰিছো ।”

‘বাংলাদেশত হিংসাক আওকাণ কৰিব নোৱাৰি’

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “দেশখনত বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত হত্যা, অগ্নিসংযোগ, ভূমি দখলকে ধৰি ২৯০০টা কাণ্ডৰ বাতৰি পোৱা গৈছে । এই প্ৰতিবেদনসমূহক ৰাজনৈতিক হিংসা বুলি উলাই কৰিব নোৱাৰি ।”

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি সক্ৰিয় হৈ পৰিছে আৰু সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে । এই সন্দৰ্ভত বি এন পিৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান ১৭ বছৰৰ নিৰ্বাসনৰ পিছত ঢাকাত উপস্থিত হৈছে । বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ পদৰ আগশাৰীৰ প্ৰতিদ্বন্দ্বী ৰহমানে দেশৰ মাটিত খালী ভৰিৰে থিয় হৈ প্ৰতীকীভাৱে ৰাজনীতিলৈ পুনৰ উভতি অহাটো চিহ্নিত কৰে ।

বাংলাদেশৰ নিৰ্বাচন সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি-

তাৰিক ৰহমানৰ প্ৰত্যাৱৰ্তন আৰু আগন্তুক নিৰ্বাচন সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, “ভাৰতে বাংলাদেশত মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচনক সমৰ্থন কৰে । ভাৰত দেশখনৰ জনসাধাৰণৰ সৈতে সুসম্পৰ্ক স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি দেশখনত শান্তি আৰু স্থিতিশীলতাৰ আশা কৰিছো । সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা উচিত আৰু জনসাধাৰণৰ কণ্ঠ বৃদ্ধি কৰা উচিত ।”

উল্লেখ্য যে, বাংলাদেশত ওচমান হাদীৰ হত্যাকাণ্ডৰ পিছত চৰমপন্থীয়ে সংখ্যালঘু হিন্দুসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে । এটা দলে প্ৰথমে দীপু দাস নামৰ হিন্দু যুৱক এজনক হত্যা কৰাৰ পিছত গছত ওলোমাই থৈ মৃতদেহ জ্বলাই দিয়ে । ইয়াৰ পিছতে ৰাজবাৰীত এটা দলে সম্ৰাট নামেৰে পৰিচিত অমৃত মণ্ডলক প্ৰহাৰ কৰি হত্যা কৰে । ইয়াৰ ফলত ভাৰতৰ লগতে অন্যান্য দেশত ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ আতংক নে শাস্তিৰ ভয় ? কিয় বাংলাদেশৰ পৰা পলায়ন কৰিছিল তাৰিক ৰহমানে ?

শ্বেখ হাছিনাৰ আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা… অংশগ্ৰহণ কৰিব নোৱাৰিব নিৰ্বাচনত

বাংলাদেশত চলি থকা অস্থিৰতাৰ মাজতে শ্বেখ হাছিনাৰ দল আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা । দলটোৱে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে অন্তৰ্ৱতীকালীন চৰকাৰে ।

বাংলাদেশত চলি থকা হিংসা আৰু অস্থিৰতাৰ মাজতে অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাৰ দল আৱামি লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনত আৱামি লীগে অংশগ্ৰহণ কৰিব নোৱাৰিব । অন্তৱৰ্তীকালীন চৰকাৰে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে দলটোৰ সকলো কাম-কাজ নিষিদ্ধ কৰি পঞ্জীয়ন স্থগিত ৰাখিছে ।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ সংবাদ সচিব ছফিকুল আলমে সংবাদমেলযোগে এই কথা ঘোষণা কৰে । বৰ্তমান দেশখনৰ ভিতৰত ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ হৈ থকা আৱামী লীগে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে তেওঁ ।

নিৰ্বাচন আয়োগে বাতিল কৰিলে আৱামি লীগৰ পঞ্জীয়ন-

উপদেষ্টা পৰিষদৰ বৈঠকৰ পাছত এজন সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ কয়, ‘আৱামি লীগৰ কাম-কাজ নিষিদ্ধ আৰু নির্বাচন আয়োগে দলৰ পঞ্জীয়ন বাতিল কৰিছে, গতিকে এই নির্বাচনত তেওঁলোকে অংশ ল’ব নোৱাৰিব ৷

আমেৰিকাৰ সাংসদসকলে মুখ্য উপদেষ্টাগৰাকীলৈ প্ৰেৰণ কৰা কথিত পত্ৰ সন্দৰ্ভত তেওঁ এই বিষয়ে অজ্ঞাত বুলি কয় যদিও চৰকাৰৰ স্থিতি স্পষ্ট ।

শেহতীয়াকৈ অন্তৱৰ্তীকালীন চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জনসাধাৰণৰ সুৰক্ষা বিভাগৰ পৰা গেজেট অধিসূচনা জাৰি কৰি আৱামি লীগ আৰু ইয়াৰ লগত জড়িত সকলো সংগঠনৰ কাৰ্যকলাপ নিষিদ্ধ কৰে । অধিসূচনাখনত উল্লেখ কৰা হৈছে যে এই ব্যৱস্থা সন্ত্ৰাসবাদ বিৰোধী (সংশোধনী) অধ্যাদেশৰ অধীনত গ্ৰহণ কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে প্ৰযোজ্য হৈ থাকিব ।

ভোট অবিহনে শাসন কৰি আছে ইউনুছে-

ইফালে অন্তৱৰ্তীকালীন চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে শ্বেখ হাছিনাই । হাছিনাই কয় যে, “আৱামি লীগ অবিহনে নিৰ্বাচন কেৱল ৰাজ অভিষেকৰ বাহিৰে আন একো নহয় । ইউনুছে ভোট অবিহনে শাসন কৰি আছে আৰু এতিয়া ৯টা জনাদেশ লাভ কৰা দলটোক নিষিদ্ধ কৰিব বিচাৰিছে ।”

হাছিনাই আৰু কয় যে যেতিয়া বাংলাদেশীয়ে নিজৰ পছন্দৰ দলক ভোট দিব নোৱাৰে তেতিয়া তেওঁলোকে ভোটেই নিদিয়ে । এই নিষেধাজ্ঞাৰ ফলত লাখ লাখ ভোটাৰৰ ভোটাধিকাৰ বঞ্চিত হ’ব আৰু তাৰ ফলত সৃষ্টি হোৱা চৰকাৰখনক নৈতিক কৰ্তৃত্বৰ পৰা বঞ্চিত কৰা হ’ব ।

লগতে পঢ়ক : অস্থিৰতাৰ মাজতে বনবাসৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল তাৰিক ৰহমান, ভংগ কৰিলে প্ৰতিশ্ৰুতি !

বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা… আন এজন হিন্দু যুৱকক বৰ্বৰ হত্যা

বাংলাদেশত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । ৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

বাংলাদেশত অবিৰতভাৱে হিংসা অব্যাহত আছে । দীপু চন্দ্ৰ দাসৰ পিছত আন এজন হিন্দু যুৱক দেশখনত গণৰোষৰ বলি হৈছে । দেশখনত পুনৰ এগৰাকী হিন্দু যুকক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি বৃহস্পতিবাৰে পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণ ধন দাবীৰ সৈতে জড়িত ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি বাংলাদেশৰ ৰাজবাৰী জিলাৰ পানছাত বুধবাৰে গভীৰ নিশা এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰে এদল উন্মত্ত বাংলাদেশী নাগৰিকে । আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা ।

দেশখনৰ আৰক্ষীয়ে জনোৱা মতে, মৃত ব্যক্তিজনৰ নাম অমৃত মণ্ডল ওৰফে সম্ৰাট, যাৰ বিৰুদ্ধে ধন দাবীৰ কেইবাটাও গোচৰ ৰুজু হৈ আছিল । আৰক্ষীয়ে জনোৱা মতে অমৃত আছিল “সম্ৰাট বাহিনী”ৰ মুৰব্বী । অমৃত মণ্ডল ওৰফে সম্ৰাট (৩০) হুছেইনদংগাৰ অক্ষয় মণ্ডলৰ পুত্ৰ । সম্ৰাটৰ এজন সহযোগী মহম্মদ চেলিমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, পাংছা চক্ৰৰ সহকাৰী আৰক্ষী অধীক্ষক দেবৰাতা সৰকাৰে জনোৱা মতে, স্থানীয় ৰাইজৰ পৰা এজন লোকক আক্ৰমণ কৰা বুলি তথ্য লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । সম্ৰাট নামেৰেও পৰিচিত অমৃত মণ্ডল নামৰ যুৱকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয় ।

দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুকক হত্যাৰ মাত্ৰ কেইদিনমান পিছতে এই ঘটনা সংঘটিত হৈছে । মইমনছসিঙৰ ভালুক অঞ্চলত ২৭ বছৰীয়া হিন্দু যুৱকগৰাকীক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰে আৰু তাৰ পিছত তেওঁৰ মৃতদেহ জ্বলাই দিয়ে ।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে দীপু চন্দ্ৰক হত্যা কৰা ঘটনাক গৰিহণা দি কয় যে দেশত হিংসা আৰু সাম্প্ৰদায়িক হিংসাৰ কোনো স্থান নাই ।

লগতে পঢ়ক : অস্থিৰতাৰ মাজতে বনবাসৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল তাৰিক ৰহমান, ভংগ কৰিলে প্ৰতিশ্ৰুতি !

অস্থিৰতাৰ মাজতে নিৰ্বাসনৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল তাৰিক ৰহমান, ভংগ কৰিলে প্ৰতিশ্ৰুতি !

১৭ বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই বাংলাদেশলৈ ঘূৰিল খালেদা জিয়াৰ তনয় তাৰিক ৰহমান । ইয়াৰ পিছতে এতিয়া বাংলাদেশৰ ৰাজনীতিত পট পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে ।

বাংলাদেশৰ ৰাজনীতিয়ে আজি এক নতুন মোৰ লৈছে । ১৭ বছৰ ধৰি গোপনে লণ্ডনত থকাৰ পিছত আজি পুনৰ ঢাকালৈ উভতি আহে বাংলাদেশৰ ‘ক্ৰাউন প্ৰিন্স’ তাৰিক ৰহমান । এই ১৭ বছৰত বাংলাদেশৰ ৰাজনীতিয়ে গণতন্ত্ৰ, উদাৰতাবাদ, মৌলবাদৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আহিছে । ২০০৮ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা তাৰিক ৰহমানে ঢাকা এৰিছিল ।

তাৰিক ৰহমান তেতিয়াৰ চৰকাৰৰ ৰাডাৰত আছিল । তেওঁ দুৰ্নীতি, উৎকোচ, ধন সৰবৰাহৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল । তাৰ পিছত তাৰিক ৰহমানে বাংলাদেশৰ তেতিয়াৰ তত্ত্বাৱধায়ক চৰকাৰক লিখিত নিশ্চয়তা আৰু শপতনামা দিছিল যে তেওঁ দেশৰ ৰাজনীতিলৈ ঘূৰি নাহে । কিন্তু ১৭ বছৰত দেশখনৰ বহু কথাই সলনি হ’ল । ইয়াৰ পিছতে বৃহস্পতিবাৰে তাৰিক ৰহমানে নিজৰ আটাইতকৈ ডাঙৰ শপত ভংগ কৰি বাংলাদেশলৈ উভতি আহিছে ।

তাৰিক ৰহমানক আদৰিবলৈ ঢাকাৰ ৰাজপথত লাখ লাখ লোকক দেখা গ’ল । ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব, এইবাৰ জনসাধাৰণে বি এন পিক ক্ষমতা অৰ্পণ কৰিব বুলি বহু আনুমানত প্ৰকাশ পাইছে ।

উল্লেখ্য যে, ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত বাংলাদেশত বি এন পি ক্ষমতাত আছিল । খালেদা জিয়া প্ৰধানমন্ত্ৰী আছিল যদিও তেওঁৰ পুত্ৰ তাৰিক ৰহমানক দেশৰ বাস্তৱিক নেতা হিচাপে গণ্য কৰা হৈছিল । এই সময়ছোৱাত ২০০৪ চনত, সেই সময়ত বিৰোধী দলত থকা শ্বেখ হাছিনাই অংশগ্ৰহণ কৰা এক সভাত গ্ৰেনেড আক্ৰমণ সংঘটিত হৈছিল । এই আক্ৰমণত কেইবাজনো ভি আই পি নিহত হৈছিল । এই আক্ৰমণত তাৰিক ৰহমানক মুখ্য অভিযুক্ত কৰা হৈছিল আৰু ঢাকাৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ।

২০০৬ চনৰ পিছত বাংলাদেশে ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হয় । ২০০৬ চনৰ অক্টোবৰ মাহত খালেদা জিয়াৰ চৰকাৰৰ অন্ত পৰাৰ পিছত ২০০৭ চনৰ জানুৱাৰী মাহত নিৰ্বাচনী বিবাদৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । ফখৰুদ্দিন আহমেদৰ নেতৃত্বত সামৰিক সমৰ্থিত অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰি শ শ ৰাজনীতিবিদ, ব্যৱসায়ী আৰু বিষয়াক গ্ৰেপ্তাৰ কৰে যিটো “মাইনাছ টু” ফৰ্মূলা বুলি জনা গৈছিল ।

এই ফৰ্মূলাৰ উদ্দেশ্য আছিল বাংলাদেশৰ ৰাজনীতিত শ্বেখ হাছিনা আৰু খালেদা জিয়াৰ প্ৰভাৱ হ্ৰাস কৰা । এই সময়ত তাৰিক ৰহমানৰ মাতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ।

এই সময়চোৱা বি এন পিৰ বাবে আছিল এক বৃহৎ সংকটৰ সময় । হাৱা ভৱন দুৰ্নীতিৰ গোচৰত তাৰিক ৰহমানৰ বিৰুদ্ধে ২ কোটি ডলাৰ ধন সৰবৰাহৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে জিয়া চেৰিটেবল ট্ৰাষ্টৰ ২ কোটি ১০ লাখ টকাৰ অপব্যৱহাৰৰ গোচৰো ৰুজু হৈছিল ।

ৰাজনীতিলৈ ঘূৰি নহাৰ প্ৰতিশ্ৰুতি-

ইফালে ২০০৮ চনত খালেদা জিয়াক মুকলি কৰি দিয়া হৈছিল । কিন্তু তাৰিক ৰহমানে ইয়াৰ মূল্য দিব লগা হৈছিল । তেওঁ চিকিৎসাৰ বাবে লণ্ডনলৈ যাবলৈ চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল । তেওঁক অনুমতি দিয়া হৈছিল যদিও বাংলাদেশৰ ৰাজনীতিলৈ ঘূৰি নাহে বুলি লিখিত শপতনামা দাখিল কৰিবলগীয়া হৈছিল ।

তাৰিক ৰহমানৰ এই শপতনামা এতিয়া সময়ৰ সোঁতত হেৰাই গৈছে । ২০২৪ চনত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত তাৰিক ৰহমানৰ বিৰুদ্ধে থকা সকলো অভিযোগ উঠাই লোৱা হয় আৰু তেওঁক দোষমুক্ত কৰা হয় । আনহাতে তেওঁৰ মাতৃ খালেদা জিয়াৰ স্বাস্থ্য অতি দুৰ্বল আৰু ভেণ্টিলেটৰত আছে । এই পৰিস্থিতিত বাংলাদেশে ১৭ বছৰ ধৰি “নিৰ্বাসন”ত থকা নিজৰ “ক্ৰাউন প্ৰিন্স” উভতি অহাৰ বাবে অপেক্ষা কৰি আছে ।

২০০৯ চনৰ ৮ ডিচেম্বৰত ঢাকাত বি এন পিৰ ৫ম ৰাষ্ট্ৰীয় পৰিষদত তাৰিক ৰহমান জ্যেষ্ঠ উপাধ্যক্ষ নিৰ্বাচিত হয় । তেওঁৰ ৰেকৰ্ডিং কৰা ভাষণ দৰ্শকৰ আগত বজোৱা হৈছিল । এই ভাষণত তেওঁ ২০০৭ চনৰ জানুৱাৰী মাহত ক্ষমতালৈ অহা ১/১১ চৰকাৰে তেওঁক আটক কৰি ৰখাৰ সময়ত কৰা গ্ৰেপ্তাৰ আৰু নিৰ্যাতনৰ কথা উল্লেখ কৰে । তেওঁ দাবী কৰে যে তথাকথিত ন্যায়ৰ আৱৰণত তেওঁক নিৰ্যাতন আৰু হত্যাৰ বাবে “ষড়যন্ত্ৰ” ৰচনা কৰা হৈছে ।

লণ্ডনৰ পৰা তাৰিকে তেওঁৰ “ফেচবুক ৰাজনীতি”আৰম্ভ কৰে । এই সময়ছোৱাত তেওঁ দূৰৈৰ পৰা দলীয় কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ