বাংলাদেশত পুনৰ হিন্দু যুৱকক  গুলীয়াই হত্যা… বিগত এমাহতে সংখ্যালঘুৰ ওপৰত পঞ্চমটো আক্ৰমণ

বাংলাদেশত পুনৰ হিন্দু যুৱকক  গুলীয়াই হত্যা… বিগত এমাহতে সংখ্যালঘুৰ ওপৰত পঞ্চমটো আক্ৰমণ

বাংলাদেশত সংখ্যলঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা অব্যাহত আছে । সোমবাৰে পুনৰ আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে আক্ৰমণৰ ঘটনা । শেহতীয়াকৈ দেশখনৰ সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে আন এক হিংসাৰ ঘটনা পোহৰলৈ আহিছে । জেছৌৰ

বাংলাদেশত সংখ্যলঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা অব্যাহত আছে । সোমবাৰে পুনৰ আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ।

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে আক্ৰমণৰ ঘটনা । শেহতীয়াকৈ দেশখনৰ সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে আন এক হিংসাৰ ঘটনা পোহৰলৈ আহিছে । জেছৌৰ জিলাৰ মণিৰামপুৰ মহকুমাৰ এক ৰাজহুৱা স্থানত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজন হিন্দু যুৱকক । মৃত যুৱকজন কেশবপুৰ মহকুমাৰ আৰুৱা গাঁৱৰ ৪৫ বছৰীয়া ৰাণা প্ৰতাপ বৈৰাগী বুলি জানিব পৰা গৈছে ।

সোমবাৰে সন্ধিয়া প্ৰায় ৫:৪৫ বজাত মণিৰামপুৰৰ ১৭ নং ৱাৰ্ডৰ কোপালিয়া বজাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা । প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বজাৰত উপস্থিত থকা ৰাণা প্ৰতাপক লক্ষ্য কৰি কোনো অচিনাকি আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । গুলীৰ আঘাতত ৰাণা প্ৰতাপৰ থিতাতে মৃত্যু হয় ।

ঘটনাৰ পিছতে বজাৰ আৰু ইয়াৰ আশে-পাশে আতংকৰ সৃষ্টি হয় । তথ্য লাভ কৰাৰ লগে লগে মণিৰামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে ঘটনাস্থলী ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে ।

মণিৰামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাস্থলীত আৰক্ষী উপস্থিত থকাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে এই গোচৰৰ তদন্ত চলি আছে আৰু আক্ৰমণকাৰীক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

উল্লেখ্য যে, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাণা প্ৰতাপ বৈৰাগীৰ হত্যাকাণ্ড সংঘটিত হৈছে । ইয়াৰ পূৰ্বে দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰিছিল । আন এজন হিন্দু যুৱক অমৃত মণ্ডলকো শেহতীয়াকৈ হত্যা কৰা হৈছিল ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ