অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াই। ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে তেওঁৰ। বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল । সংগ্ৰাম, শক্তি আৰু সাহসৰ প্ৰতীক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াই। ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে তেওঁৰ।

বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল । সংগ্ৰাম, শক্তি আৰু সাহসৰ প্ৰতীক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াৰ ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে । বি এন পি দলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে এই কথা ঘোষণা কৰিছে ।

দলটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি খালেদা জিয়াই মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । যোৱা ৩৬ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী । হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত হৈ ২৩ নৱেম্বৰত হাস্পতালত ভৰ্তি হৈছিল তেওঁ । নিউমোনিয়াতো ভুগিছিল তেওঁ ।

বি এন পিৰ ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা-

ইফালে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে ২০২৫ চনৰ ৩০ ডিচেম্বৰ মঙলবাৰৰ পৰা ৭ দিনীয়া চৰকাৰী শোক ঘোষণা কৰিছে । বি এন পিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধান ৰুহুল কবীৰ ৰিজভিয়ে সংবাদমেলত শোক কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে । নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত আৰু সমগ্ৰ দেশৰ সকলো দলীয় কাৰ্যালয়ত ক’লা পতাকা উৰুৱাই এই শোক পালন কৰা হ’ব ।

তেওঁ কয় যে দলৰ নেতা, কৰ্মী, সমৰ্থকসকলে ক’লা বেজ পিন্ধিব । পাৰ্টিৰ কাৰ্যালয় আৰু অন্যান্য স্থানতো নামাজ সমাৱেশ আৰু কোৰআন পাঠ অনুষ্ঠিত হ’ব । বি এন পিৰ কেন্দ্ৰীয় কাৰ্যালয়, ঢাকাৰ গুলশান কাৰ্যালয় আৰু জিলা কাৰ্যালয়ত সদস্য আৰু জনসাধাৰণে শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰিবলৈ শোক পুথি মুকলি কৰা হৈছে ।

জনসাধাৰণক প্ৰাৰ্থনাৰ বাবে আবেদন দলৰ-

বি এন পিয়ে এক বিবৃতিত কয় যে বি এন পিৰ অধ্যক্ষ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নেতা বেগম খালেদা জিয়াই আজি পুৱা ফজৰৰ নামাজৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে । দলটোৱে জনসাধাৰণক তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী জিয়াউৰ ৰহমানে । তেওঁৰ পত্নী খালেদা জিয়াই বৰ্তমান দলটোৰ নেতৃত্ব দিছিল । ১৯৭৯, ১৯৯১, ১৯৯৬, ২০০১ চনত এই দলটোৱে ক্ষমতা দখল কৰিছিল । শ্বেখ হাছিনাৰ কাৰ্যকালত বি এন পি বাংলাদেশৰ প্ৰধান বিৰোধী দল আছিল । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰিছিল বি এন পিয়ে ।

লগতে পঢ়ক : ঘোৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে পাকিস্তান… দেশ ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ

শেহতীয়া প্ৰৱন্ধসমূহ