খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব এছ জয়শংকৰে… ৩১ ডিচেম্বৰত যাব ঢাকালৈ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । তেওঁ ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ৩১ ডিচেম্বৰত ঢাকালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত নেত্ৰীগৰাকীৰ বয়স আছিল ৮০ বছৰ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে অহা ৩১ ডিচেম্বৰত ঢাকালৈ গৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ মুৰব্বী বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।

শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

খালেদা জিয়াৰ মৃত্যু শোক প্ৰকাশ কৰকি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো । তেওঁৰ পৰিয়াল আৰু সমগ্ৰ বাংলাদেশবাসীলৈ আমাৰ আন্তৰিক সমবেদনা । ঈশ্বৰে তেওঁৰ পৰিয়ালক এই কৰুণ মুহূৰ্ত সহ্য কৰাৰ শক্তি প্ৰদান কৰক ।”

২০১৫ত সৌহাৰ্দপূৰ্ণ বৈঠক-

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত তেওঁৰ অৱদান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়ন আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত তেওঁৰ উল্লেখযোগ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে আমাৰ আন্তৰিক সাক্ষাৎৰ কথা মই স্মৰণ কৰিছোঁ । আমি আশা কৰিছো যে তেওঁৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰে আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।”

লগতে পঢ়ক : খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ… ২০১৫ৰ সাক্ষাৎ স্মৰণ

খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ… ২০১৫ৰ সাক্ষাৎ স্মৰণ

বাংলাদেশৰ প্ৰথমগাৰীক মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ । পৰিয়াল তথা বাংলাদেশৰ জনসাধাৰণক সমাবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ ।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে । ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কত তেওঁৰ ভূমিকাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ১০ বছৰ পূৰ্বে তেওঁলোকৰ প্ৰথম সাক্ষাৎৰ স্মৃতি স্মৰণ কৰে । নিজৰ এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৫ চনত খালেদা জিয়াৰ সৈতে হোৱা সাক্ষাৎ আৰু বৈঠকৰ ফটো শ্বেয়াৰ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আপোনজন আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।

পৰিয়াল আৰু বাংলাদেশৰ জনসাধাৰণক আন্তৰিক সমবেদনা জ্ঞাপন-

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো । তেওঁৰ পৰিয়াল আৰু বাংলাদেশৰ জনসাধাৰণলৈ আমাৰ আন্তৰিক সমবেদনা । ভগৱানে তেওঁৰ পৰিয়ালক এই কৰুণ মুহূৰ্ত সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক ।”

২০১৫ত সৌহাৰ্দপূৰ্ণ সাক্ষাৎ-

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত খালেদা জিয়াৰ অৱদান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়ন আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত তেওঁৰ উল্লেখযোগ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে আমাৰ আন্তৰিক সাক্ষাৎৰ কথা মই স্মৰণ কৰিছো । আমি আশা কৰিছো যে তেওঁৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰে আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।”

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী-

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত খালেদা জিয়াৰ দেহাৱসান ঘটে । তেওঁৰ দল বি এন পিয়ে পুৱা ৬ বজাত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে । ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ । ২৩ নৱেম্বৰত ভৰ্তি হোৱাৰ পিছত ১১ ডিচেম্বৰত ভেণ্টিলেটৰত ৰখা হয় । ১৭ বছৰৰ পাছত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি অহা পুত্ৰ আতিক ৰহমানে এতিয়া নিজৰ ৰাজনৈতিক উত্তৰাধিকাৰক আগুৱাই নিব । শেহতীয়াকৈ তেওঁ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে ।

লগতে পঢ়ক : অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ… ৭ দিনীয়া শোক ঘোষণা

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াই। ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে তেওঁৰ।

বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল । সংগ্ৰাম, শক্তি আৰু সাহসৰ প্ৰতীক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ খালেদা জিয়াৰ ৮০ বছৰ বয়সত মঙলবাৰে দেহাৱসান ঘটে । বি এন পি দলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে এই কথা ঘোষণা কৰিছে ।

দলটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি খালেদা জিয়াই মঙলবাৰে পুৱা প্ৰায় ৬ বজাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । যোৱা ৩৬ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী । হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত হৈ ২৩ নৱেম্বৰত হাস্পতালত ভৰ্তি হৈছিল তেওঁ । নিউমোনিয়াতো ভুগিছিল তেওঁ ।

বি এন পিৰ ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা-

ইফালে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে ২০২৫ চনৰ ৩০ ডিচেম্বৰ মঙলবাৰৰ পৰা ৭ দিনীয়া চৰকাৰী শোক ঘোষণা কৰিছে । বি এন পিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধান ৰুহুল কবীৰ ৰিজভিয়ে সংবাদমেলত শোক কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে । নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত আৰু সমগ্ৰ দেশৰ সকলো দলীয় কাৰ্যালয়ত ক’লা পতাকা উৰুৱাই এই শোক পালন কৰা হ’ব ।

তেওঁ কয় যে দলৰ নেতা, কৰ্মী, সমৰ্থকসকলে ক’লা বেজ পিন্ধিব । পাৰ্টিৰ কাৰ্যালয় আৰু অন্যান্য স্থানতো নামাজ সমাৱেশ আৰু কোৰআন পাঠ অনুষ্ঠিত হ’ব । বি এন পিৰ কেন্দ্ৰীয় কাৰ্যালয়, ঢাকাৰ গুলশান কাৰ্যালয় আৰু জিলা কাৰ্যালয়ত সদস্য আৰু জনসাধাৰণে শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰিবলৈ শোক পুথি মুকলি কৰা হৈছে ।

জনসাধাৰণক প্ৰাৰ্থনাৰ বাবে আবেদন দলৰ-

বি এন পিয়ে এক বিবৃতিত কয় যে বি এন পিৰ অধ্যক্ষ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নেতা বেগম খালেদা জিয়াই আজি পুৱা ফজৰৰ নামাজৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে । দলটোৱে জনসাধাৰণক তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী জিয়াউৰ ৰহমানে । তেওঁৰ পত্নী খালেদা জিয়াই বৰ্তমান দলটোৰ নেতৃত্ব দিছিল । ১৯৭৯, ১৯৯১, ১৯৯৬, ২০০১ চনত এই দলটোৱে ক্ষমতা দখল কৰিছিল । শ্বেখ হাছিনাৰ কাৰ্যকালত বি এন পি বাংলাদেশৰ প্ৰধান বিৰোধী দল আছিল । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰিছিল বি এন পিয়ে ।

লগতে পঢ়ক : ঘোৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে পাকিস্তান… দেশ ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ