ইৰাণৰ খোমেইনী বিৰোধী প্ৰতিবাদৰ জুই এতিয়া বিশ্বৰ আন দেশলৈয়ো বিয়পি পৰা পৰলিক্ষিত হৈছে । এতিয়া এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে ।
ইৰাণৰ শেহতীয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । যোৱা কিছুদিন ধৰি সমগ্ৰ দেশখনতে প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উত্তেজনা । এতিয়া এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে । চৰকাৰৰ বিৰোধী শ্ল’গানেৰে ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ । ইফালে কেৱল ইৰাণতে নহয়, আন দেশতো ইৰাণ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বিয়পি পৰা দেখা গৈছে । লণ্ডনতো দেখা গৈছে খোমেইনী বিৰোধী বিদ্ৰোহৰ জুই । লণ্ডনস্থিত ইৰাণ দূতাবাসত বৰ্তমানৰ পতাকা আতৰাই ইছলামিক বিপ্লৱৰ পূৰ্বৰ ইৰাণৰ পতাকা উত্তোলন কৰে প্ৰতিবাদকাৰীয়ে ।
কেনচিংটন অঞ্চলৰ দূতাবাসৰ ভৱনৰ সন্মুখত উঠি প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ শাসন ব্যৱস্থাৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বৰ ইৰাণৰ ৰাজতন্ত্ৰৰ সৈতে জড়িত ঐতিহাসিক প্ৰতীক স্থাপন কৰে । ইয়াৰ পিছতে তলত বৃহৎ সংখ্যক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰী উল্লাসিত দেখা যায় ।
ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে প্ৰতিবাদৰ সময়ত এজন ব্যক্তিয়ে এটা অট্টালিকা বগাইছে । ওপৰত উঠি লগে লগে তেওঁ বৰ্তমানৰ ইৰাণী শাসনৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ পূৰ্বৰ সিংহ আৰু সূৰ্য্যৰ পতাকাখন স্থাপন কৰে । অট্টালিকাৰ বাহিৰত সমবেত হোৱা আন শতাধিক প্ৰতিবাদকাৰীয়েও ইছলামিক বিপ্লৱৰ পূৰ্বৰ পতাকা উৰুৱাই চৰকাৰ বিৰোধী শ্লোগান দিয়া দেখা গৈছে ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুজন লোকক আটক কৰে । অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত পতাকা নমোৱা লোকজন আছে নে নাই সেয়া স্পষ্ট হোৱা নাই ।
লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি…









