‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ

‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ

ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিছে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে । তেওঁ আমেৰিকাক এনেকুৱাকৈ আক্ৰমণ কৰা হ’ব যে আমেৰিকাই পস্তাব লাগিব বুলি ট্ৰাম্পক সকীয়াই দিয়ে । সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাষত থিয় হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ভাবুকি প্ৰদান কৰে । তেওঁ ঘোষণা কৰে যে যদি ইৰাণে

ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিছে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে । তেওঁ আমেৰিকাক এনেকুৱাকৈ আক্ৰমণ কৰা হ’ব যে আমেৰিকাই পস্তাব লাগিব বুলি ট্ৰাম্পক সকীয়াই দিয়ে ।

সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাষত থিয় হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক ভাবুকি প্ৰদান কৰে । তেওঁ ঘোষণা কৰে যে যদি ইৰাণে নিজৰ বেলিষ্টিক মিছাইল কাৰ্যসূচী অনুসৰণ কৰে বা পুনৰ পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰে তেন্তে আমেৰিকাই ইয়াক ধ্বংস কৰিব । ইয়াৰ পিছতে ইৰাণে এতিয়া ট্ৰাম্পৰ এই ভাবুকিৰ প্ৰত্যুত্তৰ দিছে ।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ট্ৰাম্পক প্ৰত্যুত্তৰ দি কয় যে যদি আমেৰিকাই আক্ৰমণ কৰিবলৈ সাহস কৰে তেন্তে তেওঁলোকে ইমান শক্তিৰে প্ৰত্যুত্তৰ দিব যে তেওঁলোকে পস্তাব লাগিব ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ওপৰত যিকোনো দমনমূলক আক্ৰমণ অতি বিপজ্জনক প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব যাৰ ফলত আক্ৰমণকাৰীয়ে পস্তাব লাগিব ।

নেতানিয়াহুৰ সৈতে তেওঁৰ মাৰ-এ-লাগো বাসগৃহত হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে ইৰানে যদি নিজৰ বেলিষ্টিক অস্ত্ৰৰ মজুত বৃদ্ধি কৰাৰ লগতে নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰে তেন্তে দেশখনৰ বিৰুদ্ধে অতিৰিক্ত সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অৱশ্যে ইৰাণক আলোচনাৰ বাবেও আবেদন জনায় তেওঁ ।

ট্ৰাম্পে কয়, “এতিয়া মই শুনিছো যে ইৰাণে তেওঁলোকৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে আৰু যদি তেওঁলোকে কৰে তেন্তে আমি তেওঁলোকক পুনৰ তললৈ নমাই আনিব লাগিব । আমি তেওঁলোকক তললৈ নমাই আনিম । আমি তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰিম । কিন্তু আশা কৰিছো যাতে সেয়া নহয় ।”

তেওঁ লগতে কয়, “মই শুনিছো যে ইৰাণে চুক্তি কৰিব বিচাৰে । যদি তেওঁলোকে চুক্তি কৰিব বিচাৰে তেন্তে সেয়া বহুত বেছি যুক্তিসংগত হ’ব ।”

উল্লেখ্য যে, ট্ৰাম্পে নিজৰ ফ্ল’ৰিডাৰ ৰিজ’ৰ্টত নেতানিয়াহুক সাক্ষাৎ কৰাৰ পূৰ্বে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে । মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ এই বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক : পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

শেহতীয়া প্ৰৱন্ধসমূহ