অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন

অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতে অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন যন্তৰ-মন্তৰত চলি থকা আন্দোলন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টীয়ে । কেন্দ্ৰীয় শিক্ষামন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই ককৰোচ জনতা পাৰ্টি (CJP) আৰু চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতে অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন

অৱশেষত CJP-এ প্ৰত্যাহাৰ কৰিলে আন্দোলন

যন্তৰ-মন্তৰত চলি থকা আন্দোলন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টীয়ে । কেন্দ্ৰীয় শিক্ষামন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই ককৰোচ জনতা পাৰ্টি (CJP) আৰু চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সংবিধান ক্লাৱত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড° জীতেন্দ্ৰ সিঙৰ সৈতে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধি সৌৰভ দাস আৰু আশুতোষ ৰাংকা উপস্থিত থাকে । দীৰ্ঘ সময় ধৰি চলা এই আলোচনাৰ অন্তত আয়োজন কৰা যৌথ সংবাদমেলত সংগঠনটোৱে যন্তৰ-মন্তৰত চলি থকা ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে ।

সংবাদমেলত ককৰোচ জনতা পাৰ্টিৰ নেতা সৌৰভ দাসে কয়, “শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ জৰিয়তে আমাৰ প্ৰথমটো দাবী পূৰণ হৈছে । ইয়াৰ উপৰি বিভিন্ন স্থানত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু কৰা এফ আই আৰ সমূহ খাৰিজ কৰাৰ যি দ্বিতীয় দাবী আছিল, সেয়াও চৰকাৰে মানি লৈছে ।” তেওঁ জনায় যে অহা ৩-৪ দিনৰ ভিতৰত এফ আই আৰৰ কপি প্ৰদান কৰাৰ লগতে গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব । ধৰ্ণাত অংশগ্ৰহণকাৰী আৰু চি জে পিৰ কোনো উদ্যোক্তাৰ বিৰুদ্ধে চৰকাৰে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰে বুলি প্ৰতিশ্ৰুতি দিছে ।

ইফালে, সংগঠনটোৰ আন এজন প্ৰতিনিধি আশুতোষ ৰাংকাই উল্লেখ কৰে যে NEET ভুক্তভোগী পৰিয়ালসমূহৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী ধৰা হৈছিল । চৰকাৰে আইনী নিয়মৰ আওতাত থাকি পৰিয়ালসমূহক যথাসম্ভৱ মানদ ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিছে । ইয়াৰ উপৰিও, শিক্ষা আৰু পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে এক ৫-পইণ্টীয়া দাবী চনদ চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে । এই সংস্কাৰৰ বিষয়সমূহক লৈ অহা চাৰি সপ্তাহৰ ভিতৰত চৰকাৰৰ সৈতে পুনৰ বৈঠক অনুষ্ঠিত হ’ব ।

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই চৰকাৰৰ পক্ষ স্পষ্ট কৰি কয়, “প্ৰতিনিধিবৰ্গৰ সৈতে আমাৰ ফলপ্ৰসূ আলোচনা হৈছে । তেওঁলোকৰ আন্দোলনৰ গোচৰ প্ৰত্যাহাৰ, ক্ষতিপূৰণ আৰু ব্যৱস্থা গ্ৰহণ নকৰাৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰি গ্ৰহণ কৰা হৈছে ।” শিক্ষা আৰু পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ ৫-পইণ্টীয়া চনদখনৰ সন্দৰ্ভতো চৰকাৰে গভীৰভাৱে চিন্তা-চৰ্চা কৰিব আৰু অতি সোনকালে প্ৰতিনিধি দলটোৰ সৈতে পুনৰ বৈঠকত বহি যথাসম্ভৱ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।

আন্দোলনৰ দাবীসমূহ চৰকাৰে মানি লোৱাৰ বাবে ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই যন্তৰ-মন্তৰত উপস্থিত থকা সকলো প্ৰতিবাদকাৰীক শান্তিৰে ধৰ্ণা স্থলৰ পৰা স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : এয়া গণতন্ত্ৰৰ জয়ঃ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই সোণম বাংচুকৰ প্ৰতিক্ৰিয়া