পৰীক্ষা সংস্কাৰক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

পৰীক্ষা সংস্কাৰক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

পৰীক্ষা পদ্ধতি হ’ব স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ: গঠন হ’ব উচ্চ-ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ দেশৰ পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বপ্ৰসিদ্ধ প্ৰযুক্তি বিশেষজ্ঞ নন্দন নিলেকণিৰ নেতৃত্বত এক উচ্চ-ক্ষমতাসম্পন্ন টাস্ক

পৰীক্ষা পদ্ধতি হ’ব স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ: গঠন হ’ব উচ্চ-ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ

দেশৰ পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বপ্ৰসিদ্ধ প্ৰযুক্তি বিশেষজ্ঞ নন্দন নিলেকণিৰ নেতৃত্বত এক উচ্চ-ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব । এনে অপৰাধত লিপ্ত থকা লোকসকলৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কঠোৰ আইন প্ৰণয়নৰ দিশতো চৰকাৰে কাম কৰি আছে । পৰীক্ষা ব্যৱস্থাত আধুনিক প্ৰযুক্তিৰ সৰ্বোচ্চ ব্যৱহাৰ আৰু সম্পূৰ্ণ স্বচ্ছতা অনাটোৱেই এই নতুন টাস্ক ফ’ৰ্চৰ মূল লক্ষ্য হ’ব । এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত আগন্তুক পৰীক্ষাসমূহৰ গাঁথনি দ্ৰুতভাৱে সলনি কৰা হ’ব ।

কোন নন্দন নিলেকণি?

১৯৫৫ চনত বেংগালুৰুত জন্মগ্ৰহণ কৰা নন্দন নিলেকণি আই.আই.টি. বম্বেৰ পৰা উত্তীৰ্ণ এজন বিশিষ্ট প্ৰযুক্তিবিদ । ১৯৭৮ চনত এন আৰ নাৰায়ণ মূৰ্তিৰ সৈতে লগ হৈ তেওঁ বিখ্যাত তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান ‘ইনফ’ছিছ’ (Infosys) প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । পৰৱৰ্তী সময়ত ২০০৯ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে তেওঁক ‘ইউ আই ডি এ আই’ (UIDAI) প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে, যাৰ অধীনত বিশ্বৰ সৰ্ববৃহৎ বায়’মেট্ৰিক পৰিচয় ব্যৱস্থা ‘আধাৰ’ গঢ়ি তোলা হৈছিল ।

লগতে পঢ়ক : ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: শিক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব প্ৰহ্লাদ যোশীক