NEET-UG ২০২৬ বাতিল : অহা ১০ দিনৰ ভিতৰত ঘোষণা হ’ব নতুন সময়সূচী

অভিষেক সিঙে ঘোষণা কৰে যে বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন সময়সূচী ঘোষণা কৰা হ’ব

NEET-UG 2026 পৰীক্ষাক লৈ সৃষ্টি হোৱা ব্যাপক বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । মঙলবাৰে নেচনেল টেষ্টিং এজেন্সীৰ (NTA) সঞ্চালক প্ৰধান অভিষেক সিঙে ঘোষণা কৰে যে বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন সময়সূচী ঘোষণা কৰা হ’ব ।

পৰীক্ষাৰ্থীক আশ্বাস সঞ্চালক প্ৰধানৰ-

ৰাষ্ট্ৰীয় ৰাজধানীত সংবাদ মাধ্যমৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ NTA-ই যিকোনো অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে :

পুনৰ পৰীক্ষা: এটা বিশেষ বিশেষজ্ঞ দলে নতুন পৰীক্ষাৰ তাৰিখ চূড়ান্ত কৰিবলৈ কাম কৰি আছে ।

কঠোৰ ব্যৱস্থা: যিসকল ব্যক্তি এই প্ৰশ্নকাকত ফাদিল কাৰ্যত জড়িত, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ।

দায়িত্ব স্বীকাৰ: যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষাত যি ভুল হ’ল, তাৰ দায়িত্ব স্বীকাৰ কৰি নিকা ভাৱে পৰীক্ষা পাতিবলৈ এজেন্সী দায়বদ্ধ বুলি তেওঁ জনায় ।

তদন্তৰ আওতাত NTA-ৰ বিষয়াও-

প্ৰশ্নকাকত ফাদিলৰ আঁৰত কোনো বিভাগীয় বিষয়া জড়িত আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সিঙে কয় যে ইতিমধ্যে গোটেই বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-ক অৰ্পণ কৰা হৈছে । “বিষয়াগৰাকী ভিতৰৰ হওক বা বাহিৰৰ, দোষী সাব্যস্ত হ’লে কাকো ৰেহাই দিয়া নহ’ব,” বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

শিক্ষা মন্ত্ৰীৰ মৌনতা আৰু চৰকাৰী পদক্ষেপ-

মন কৰিবলগীয়া যে, যি সময়ত দেশজুৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, সেই সময়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে । উল্লেখ্য যে, বিগত ৩ মে’ত অনুষ্ঠিত হোৱা এই সৰ্বভাৰতীয় পৰীক্ষাটোত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পৰীক্ষাটো আনুষ্ঠানিকভাৱে বাতিল কৰাৰ সিদ্ধান্ত লয় ।

বৰ্তমান হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে NTA-ৰ আগন্তুক জাননীলৈ অপেক্ষা কৰিছে । চৰকাৰে আশ্বাস দিছে যে এইবাৰ সম্পূৰ্ণ স্বচ্ছতাৰে আৰু কোনো বিসংগতি নোহোৱাকৈ পৰীক্ষা সম্পন্ন কৰা হ’ব ।

লগতে পঢ়ক : NEET-UG ২০২৬ বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পিছত চিবিআই তদন্তৰ নিৰ্দেশ

ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন আৰম্ভ; জানক সবিশেষ

ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ugcnet.nta.nic.in ত গৈ তেওঁলোকৰ আবেদন পত্ৰ জমা দিব পাৰিব । ২০২৫ চনৰ ৭ নৱেম্বৰৰ ১১.৫৯ বজালৈ আবেদনৰ লিংকটো উপলব্ধ হ’ব । প্ৰাৰ্থীসকলে ২০২৫ চনৰ ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ নিজৰ আবেদন পত্ৰ শুধৰণি কৰিব পাৰিব ।

এন টি এ-য়ে অতি সোনকালেই ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ এডমিট কাৰ্ড আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ সবিশেষ ঘোষণা কৰিব ।

৮৫টা বিষয়ৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব-

ডিচেম্বৰ অধিবেশনৰ ইউজিচি নেট পৰীক্ষা চি বি টি মোডত ৮৫টা বিষয়ৰ বাবে অনুষ্ঠিত হ’ব । ইউ জি চি নেট পৰীক্ষাৰ জৰিয়তে জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপৰ বাবে যোগ্যতা, সহকাৰী অধ্যাপক হিচাপে নিযুক্তি আৰু পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা লাভ কৰিব পৰা যায় ।

আবেদনৰ বাবে যোগ্যতা-

ইউ জি চি নেট পৰীক্ষাৰ ডিচেম্বৰ অধিৱেশনৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা যোগ্যতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব লাগিব :

-প্ৰাৰ্থীসকলৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা সমতুল্য অৰ্হতা থাকিব লাগিব ।

-সহকাৰী অধ্যাপকৰ যোগ্যতাৰ বাবে কোনো বয়সৰ সীমা নাই ।

-জে আৰ এফৰ বাবে প্ৰাৰ্থীসকলে ইউ জি চিয়ে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট বয়সৰ সীমা পূৰণ কৰিব লাগিব ।

-প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে বিষয় -ভিত্তিক যোগ্যতা আৰু নম্বৰৰ প্ৰয়োজনীয়তাসমূহ পৰীক্ষা কৰিব লাগে ।

-যোগ্যতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক তথ্য UGC নেট তথ্য বুলেটিনত দিয়া হৈছে ।

আবেদনৰ মাচুল-

-সাধাৰণ আৰু অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ১১৫০ টকা দিব লাগিব ।

-সাধাৰণ, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী (OBC) –  এন চি এল শ্ৰেণীৰ প্ৰাৰ্থীসকলে পঞ্জীয়ন মাচুল হিচাপে ৬০০ টকা দিব লাগিব ।

-অনুসূচিত জাতি (এছ চি), অনুসূচিত জনজাতি (এছ টি) আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলে (PWD)  আবেদন মাচুল হিচাপে ৩২৫ টকা দিব লাগিব ।

গুৰুত্বপূৰ্ণ নথিপত্ৰ-

ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ বাবে পঞ্জীয়ন কৰিব বিচৰা প্ৰাৰ্থীসকলে ফটো আপলোডৰ ফৰ্মেটৰ বিষয়ে নিশ্চিতভাৱে জানিব লাগিব ।

-প্ৰাৰ্থীৰ ফটো, চহী, পি ডব্লিউ ডি বা পি ডব্লিউ বি ডি প্ৰমাণপত্ৰৰ (য’তেই প্ৰয়োগ হয়) ছবি স্কেন কৰক ।

-শেহতীয়াকৈ লোৱা ফটো ৰঙীন বা ক’লা আৰু বগা হ’ব লাগে, বগা বেকগ্ৰাউণ্ডত ৮০% মুখ দেখা থাকিব লাগে । (মাস্ক নিপিন্ধিব)।

-স্কেন কৰা ফটো আৰু চহী JPG/JPEG ফৰ্মেটত থাকিব লাগে ।

-স্কেন কৰা ফটোখনৰ আকাৰ ১০ কিলোবাইটৰ পৰা ২০০ কিলোবাইটৰ ভিতৰত হ’ব লাগে ।

-স্কেন কৰা স্বাক্ষৰৰ ছবি ১০ কিলোবাইটৰ পৰা ৫০ কিলোবাইটৰ ভিতৰত হ’ব লাগে ।

-দিব্যাংগ প্ৰমাণপত্ৰ ৫০ কিলোবাইটৰ পৰা ৩০০ কিলোবাইটৰ ভিতৰত পি টি এফ ফৰ্মেটত হ’ব লাগে ।

লগতে পঢ়ক : মেডিকেল শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা; ৰাজস্থানৰ মহেশ কুমাৰৰ শীৰ্ষস্থান দখল

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা

NEET UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । এই পৰীক্ষাত ৰাজস্থানৰ মহেশ কুমাৰে শীৰ্ষস্থান দখল কৰিছে । ১২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । প্ৰাৰ্থীসকলে NEET ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব । শীৰ্ষ ১০ ত ৯ জন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আছে । একে সময়তে শীৰ্ষ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯৯.৯ পাৰ্চেন্টাইল লাভ কৰিছে ।

পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে NEET ৰ অফিচিয়েল ৱেবছাইট ‘neet.ntad.nic.in’ চাব লাগিব । ৱেবছাইটৰ হোমপেজত থকা NEET 2025 result link ত ক্লিক কৰক । ইয়াৰ পিছত আপোনাৰ লগ ইন ক্ৰেডেনন্সিয়েল জমা দিয়ক । ইয়াৰ পিছত ফলাফল পৰীক্ষা কৰি স্ক’ৰকাৰ্ড ডাউনলোড কৰক । পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পূৰ্বে এন টি এয়ে শনিবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি NEET UG Exam 2025 ৰ চূড়ান্ত উত্তৰ মুকলি কৰিছে ।

এন টি এয়ে কয় যে এতিয়া সকলো প্ৰাৰ্থীয়ে এন টি এৰ অফিচিয়েল ৱেবছাইটত চূড়ান্ত উত্তৰ পৰীক্ষা কৰিব পাৰিব । ৪ মে’ত এন টি এৰ দ্বাৰা NEET UG পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । এই পৰীক্ষাত ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল । ফলাফলৰ লগতে মেৰিট লিষ্ট, কাট অফ আৰু স্ক’ৰকাৰ্ডো মুকলি কৰা হ’ব ।

ৰাজস্থানৰ মহেশ কুমাৰে NEET-UGত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মধ্যপ্ৰদেশৰ উত্তকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰিছে । শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এই তথ্য প্ৰদান কৰে । চিকিৎসাৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২.৩৬ লাখতকৈ অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । অৱশ্যে এই সংখ্যা যোৱা বছৰ উত্তীৰ্ণ হোৱা ১৩.১৫ লাখ প্ৰাৰ্থীতকৈ কম । যোৱা বছৰো প্ৰাৰ্থীৰ সংখ্যা ২৩.৩৩ লাখতকৈ অধিক আছিল ।

মহাৰাষ্ট্ৰৰ কৃষং যোশী আৰু দিল্লীৰ মৃণাল কিশোৰ ঝাই ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে । ছোৱালীৰ ভিতৰত দিল্লীৰ অবিকা আগৰৱালে এই তালিকাত শীৰ্ষস্থান দখল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চম স্থান দখল কৰে । সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (১.৭০ লাখৰ ওপৰত), তাৰ পিছতে মহাৰাষ্ট্ৰ (১.২৫ লাখৰ ওপৰত) আৰু ৰাজস্থানৰ (১.১৯ লাখৰ ওপৰত) ।

চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে এন টি এয়ে প্ৰতি বছৰে NEET অনুষ্ঠিত  কৰে । এম বি বি এছ পাঠ্যক্ৰমৰ বাবে মুঠ ১,০৮,০০০ আসন উপলব্ধ, ইয়াৰে প্ৰায় ৫৬,০০০ আসন চৰকাৰী চিকিৎসালয়ত আৰু প্ৰায় ৫২,০০০ ব্যক্তিগত মহাবিদ্যালয়ত উপলব্ধ । দন্ত চিকিৎসা, আয়ুৰ্বেদ, ইউনানী আৰু সিদ্ধৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবেও NEET ফলাফল ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল… শীৰ্ষত কোন ?

ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে ।  জানক এই পৰীক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য-

-বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী পৰীক্ষাৰ্থী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩০৫ গৰাকী পৰীক্ষাৰ্থী

-কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৯,৫৭৭

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮০,৬৫০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৫৩,৫১৮ গৰাকী পৰীক্ষাৰ্থী

-বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৯,২৮৬ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৩,১৯৬ গৰাকী শিক্ষাৰ্থী

-কলা শাখাৰ শীৰ্ষত বাক্সা জিলা

-বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ

-বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা

-পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ

-বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমাৰা

-দক্ষিণ শালমাৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

-যোৱা বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফলৰ হাৰ হ্ৰাস

-প্ৰথমবাৰৰ বাবে চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট এখন পেজত পাব

-উপলব্ধ এপৰ জৰিয়তে লাভ কৰিব ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল…

অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অফিচিয়েল ৱেবছাইট (ahsec.assam.gov.in)ৰ জৰিয়তে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে পুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল । অনলাইনত মুঠ ১২ টা ৱেবচাইটত উপলব্ধ হৈছে ফলাফল । তলৰ এইকেইটা ৱেবচাইটত মাৰ্শ্বীটৰ সৈতে শীক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল-

www.assamresult.in

www.indiaresults.com

www.schools9.com

www.results.shiksha

www.iresults.in

www.vidyavision.com

www.ndtv.com

ফলাফল কেনেকৈ পৰীক্ষা কৰিব-

ছাত্র-ছাত্রীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ মানি চলিব লাগিব :

-প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট resultassam.nic.in লৈ যাওক ।

-এতিয়া ‘Assam HS Result 2025’ লিংক বিচাৰি তাত ক্লিক কৰক ।

-ইয়াৰ পিছত, আপোনাৰ লগইনৰ বিৱৰণ যেনে ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আৰু বৰ্ষ টাইপ কৰক ।

-ইয়াত Search Results আইকনত ক্লিক কৰক ।

-এতিয়া আপোনাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব ।

-আপোনাৰ নম্বৰ পৰীক্ষা কৰি ফলাফল ডাউনলোড কৰক ।

উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উতীৰ্ণৰ হাৰ ৮১ শতাংশ । এইবাৰ কলা শাখাত ১,৮৩,৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে বি়জ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮২ শতাংশ । বিজ্ঞান শাখাত মুঠ ১৪,৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইফালে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৪ শতাংশ । বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থী । ইয়াৰে কলা শাখাত ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭২৪ গৰাকী আৰু বাণিজ্য শাখাত ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থীপৰীক্ষাত অৱতীৰ্ণ হৈছিল ।  

অপেক্ষাৰ অন্ত… কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন । কাইলৈ (৩০ এপ্ৰিল) ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট যোগে চাব পাৰিব নিজৰ নিজৰ ফলাফল । এই সন্দৰ্ভত আজি জাননী প্ৰকাশ কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে । আজি কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই তথ্য প্ৰদান কৰে শিক্ষা ডাঃ ৰণোজ পেগুৱে ।

বুধবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলে নিৰ্ধাৰিত ৱেবছাইটত ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে অনলাইনযোগে ফলাফল চাবৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ৱেবচাইট । এইকেইটা ৱেবচাইটত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ফলাফল চাব পাৰিব-

ashec.assam.gov.in

www.assamresult.in

assajobalerts.in

www.schools9.com

উল্লেখ্য যে, এইবাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাথাত মুঠ ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

শীৰ্ষত প্ৰয়াগৰাজৰ শক্তি ডুবে… কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল ঘোষণা কৰে । প্ৰয়াগৰাজৰ শক্তি ডুবেই এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে । এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আৰু অন্যান্য কেন্দ্ৰীয় সেৱা (গ্ৰুপ এ আৰু বি)ৰ বাবে মুঠ ১০০৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে ।

শক্তি ডুবেই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডংগ্ৰে আৰ্চিত পৰাগে তৃতীয় স্থান দখল কৰে । শীৰ্ষ দহৰ ভিতৰত আছে শ্বাহ মাৰ্ঘী চিৰাগ (৪), আকাশ গাৰ্গ (৫), কোমল পুনিয়া (৬), আয়ুষী বানচাল (৭), ৰাজ কৃষণ ঝা (৮), আদিত্য বিক্ৰম আগৰৱাল (৯) আৰু মায়ংক ত্ৰিপাঠী (১০) । ইয়াৰ ভিতৰত ৩৩৫ জন সাধাৰণ শ্ৰেণী, ১০৯ জন ই ডব্লিউ এছ, ৩১৮ জন অ বি চি, ১৬০ জন এছ চি, ৮৭ জন এছ টি আৰু ৪৫ জন দিব্যাংগ (পি ডব্লিউ বি ডি) প্ৰাৰ্থী । ২৪১ গৰাকী প্ৰাৰ্থীৰ ফলাফল অস্থায়ী ৰখা হৈছে ।

ইউ পি এছ চিয়ে ২৩০ জন প্ৰাৰ্থীৰ একত্ৰিত সংৰক্ষিত তালিকাও প্ৰকাশ কৰিছে, য’ত আছে ১১৫ জন জেনেৰেল, ৩৫ জন ই ডব্লিউ এছ, ৫৯ জন অ’ বি চি, ১৪ জন এছ চি, ৬ জন এছ টি আৰু ১ জন পি ডব্লিউ বি ডি প্ৰাৰ্থী । ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২৪ চনৰ ১৬ জুনত, মূল পৰীক্ষা ২০-২৯ ছেপ্টেম্বৰ ২০২৪ আৰু সাক্ষাৎকাৰ (ব্যক্তিত্ব পৰীক্ষা) ৭ জানুৱাৰীৰ পৰা ১৭ এপ্ৰিল ২০২৫লৈ অনুষ্ঠিত হৈছিল । মুঠ ৫-৬ লাখ পৰীক্ষাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ২,৮৪৫ গৰাকীয়ে সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে নকৰিব এইসমূহ ভুল… লাভ কৰিব সফলতা !

প্ৰায়ে দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ প্ৰস্তুতি চলায়, কিন্তু সফলতা লাভ নকৰে । অধ্যয়নৰ সময়ত কৰা কিছু ভুলৰ বাবেও এনে হয় । এনে পৰিস্থিতিত আজিৰ প্ৰতিবেদনত আমি আপোনালোকক তেনে কেইটামান ভুলৰ কথা কবলৈ ওলাইছোঁ যিবোৰ আপুনি যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে কৰা উচিত নহয় ।

-আপুনি মনত ৰাখিব লাগিব যে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আগতীয়াকৈ পৰিকল্পনা কৰিব লাগে । পৰিকল্পনা অবিহনে কৰা অধ্যয়ন আপোনাৰ বাবে ফলপ্ৰসূ নহ’ব পাৰে । বহু সময়ত প্ৰাৰ্থীসকলে কোনো পৰিকল্পনা নোহোৱাকৈয়ে কেৱল অধ্যয়ন কৰে আৰু সঠিকভাৱে কৰিছে নে নাই বিশ্লেষণ নকৰে । এনে পৰিস্থিতিত আপুনি সঠিক বিষয়ৰ পৰা বিচ্যুত হৈ কেৱল এটা দিশত পঢ়িবলৈ আৰম্ভ কৰে ।

-একে সময়তে অধ্যয়ন কৰি থকাৰ সময়ত আন কোনো কাম কৰা উচিত নহয় । এটা এটাকৈ কাম কৰিব লাগে । একে সময়তে বহু কাম কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । উদাহৰণস্বৰূপে, ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে পঢ়া-শুনাৰ সময়ত গান শুনিবলৈ আৰম্ভ কৰে । একে সময়তে টিভি চাই পঢ়ে । এইবোৰ অভ্যাস পৰিহাৰ কৰিব লাগে ।

-ইয়াৰ বাহিৰেও অধ্যয়ন কৰি থাকোঁতে মনত আন একো নাভাবিবলৈ চেষ্টা কৰক । যদি মনৰ মাজত বিভিন্ন ধৰণৰ চিন্তা চলি থাকে, তেন্তে অধ্যয়ন সঠিকভাৱে নহ’ব আৰু তেনে পৰিস্থিতিত সফলতাৰ সম্ভাৱনা কমি যায় । এনে পৰিস্থিতিত মনটোক এটা ঠাইত কেন্দ্ৰীভূত কৰাটো অতি প্ৰয়োজনীয় ।

-একে সময়তে পঢ়া-শুনা কৰি থাকোঁতে নিজকে পৰীক্ষা কৰি চাব লাগে যে আপুনি যি পঢ়ি আছে সেয়া শুদ্ধ নে আজি অধ্যয়ন কৰি কাইলৈ ​​পাহৰি গৈছে । আত্মপৰ্যালোচনা অতি গুৰুত্বপূৰ্ণ যাতে আপুনি বুজিব পাৰে যে আপুনি আপোনাৰ সফলতাৰ কিমান ওচৰত ।

ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, শিক্ষক নিযুক্তিক লৈয়ো ঘোষণা…

-ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-জুন মাহত হব  ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা

-তৃতীয় বৰ্গৰ স্কীল টেষ্টো অনুষ্ঠিত হব জুন মাহত

-এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই হব নিযুক্তি

-১০ অক্টোবৰ ৰাজ্যজুৰি হব সৰ্ববৃহৎ নিযুক্তি

-ইফালে মে’ মাহত ঘোষণা গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল

-গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে  ভাল খবৰ

-মে’ মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু

-৯০৭৫টা গ্ৰেজুটেৱ শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই

-ইয়াৰ পিছত হ’ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া

-১০ অক্টোবৰত হ’ব নিযুক্তি

-৫৫০০ শিক্ষকৰ নিযুক্তিও হ’ব ১০ অক্টোবৰত

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা