অপেক্ষাৰ অন্ত… কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন । কাইলৈ (৩০ এপ্ৰিল) ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট যোগে চাব পাৰিব নিজৰ নিজৰ

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন । কাইলৈ (৩০ এপ্ৰিল) ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট যোগে চাব পাৰিব নিজৰ নিজৰ ফলাফল । এই সন্দৰ্ভত আজি জাননী প্ৰকাশ কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে । আজি কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই তথ্য প্ৰদান কৰে শিক্ষা ডাঃ ৰণোজ পেগুৱে ।

বুধবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলে নিৰ্ধাৰিত ৱেবছাইটত ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে অনলাইনযোগে ফলাফল চাবৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ৱেবচাইট । এইকেইটা ৱেবচাইটত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ফলাফল চাব পাৰিব-

ashec.assam.gov.in

www.assamresult.in

assajobalerts.in

www.schools9.com

উল্লেখ্য যে, এইবাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাথাত মুঠ ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ