চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা : দেশজুৰি ৮৫.২০ শতাংশ উত্তীৰ্ণ; পুনৰবাৰ ছাত্ৰক চেৰ পেলালে ছাত্ৰীয়ে

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে আজি ২০২৬ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) আজি ২০২৬ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । এইবাৰ ব’ৰ্ডৰ পৰীক্ষাত সৰ্বমুঠ ৮৫.২০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উল্লেখযোগ্য যে যোৱা বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৩.৯ শতাংশ হ্ৰাস পাইছে ।

শিক্ষাৰ্থীৰ অংশগ্ৰহণ : এই বৰ্ষত সৰ্বমুঠ ১৮,৫৭,৫১৭ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল ।

ছাত্ৰীৰ আধিপত্য : উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ছাত্ৰতকৈ ছাত্ৰীয়ে অধিক সফলতা প্ৰদৰ্শন কৰিছে । ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৮৬ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ হাৰ হ’ল ৮২.১৩ শতাংশ ।

লিংগ পৰিৱৰ্তিত শিক্ষাৰ্থীৰ চমক : ব’ৰ্ডৰ তথ্য অনুসৰি, এইবাৰ লিংগ পৰিৱৰ্তিত (Transgender) শিক্ষাৰ্থীসকলে ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে এক অভিলেখ গঢ়িছে ।

উচ্চ নম্বৰ লাভ : সুস্থ প্ৰতিযোগিতাৰ স্বাৰ্থত ব’ৰ্ডে মেধা তালিকা প্ৰকাশ কৰা নাই যদিও ৯৪,০২৮ গৰাকী শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত আৰু ১৭,১১৩ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে ।

অঞ্চল আৰু প্ৰতিষ্ঠান অনুসৰি প্ৰদৰ্শন : অঞ্চলসমূহৰ ভিতৰত তিৰুৱনন্তপুৰম (৯৫.৬২%) শীৰ্ষত আছে । ইয়াৰ পিছতে চেন্নাই আৰু বেংগালুৰুৱে ক্ৰমে ৯৩.৮৪% আৰু ৯৩.১৯% উত্তীৰ্ণৰ হাৰেৰে স্থান দখল কৰিছে । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পশ্চিম আৰু পূব অঞ্চলত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৯২.৩৪% আৰু ৯১.৭৩% । প্ৰতিষ্ঠানগত দিশত কেন্দ্ৰীয় বিদ্যালয় (৯৮.৫৫%) আৰু জৱাহৰ নবোদয় বিদ্যালয়সমূহে (৯৮.৪৭%) শ্ৰেষ্ঠত্ব বজাই ৰাখিছে ।

ডিজিটেল মূল্যায়ন আৰু প্ৰমাণপত্ৰ : এইবাৰ চিবিএছইয়ে এক বিশাল আধুনিক পদক্ষেপ গ্ৰহণ কৰি প্ৰায় ৯৮.৬৬ লাখ উত্তৰ বহীৰ বাবে ‘অন-স্ক্ৰীন মাৰ্কিং’ (OSM) পদ্ধতি ব্যৱহাৰ কৰিছে । ইয়াৰ ফলত মূল্যায়ন প্ৰক্ৰিয়া অধিক সঠিক আৰু স্বচ্ছ হৈ পৰিছে। পৰীক্ষাৰ্থীসকলে ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও DigiLocker আৰু উমাং এপৰ জৰিয়তে নিজৰ ফলাফল চাব পাৰিব । ডিগিলকাৰৰ পৰা লাভ কৰা নথিপত্ৰসমূহ উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে আইনীভাৱে বৈধ বুলি গণ্য কৰা হ’ব ।

যিসকল শিক্ষাৰ্থীয়ে ফলাফল উন্নত কৰিব বিচাৰে বা যিসকল ‘কম্পাৰ্টমেণ্ট’ শ্ৰেণীত আছে, তেওঁলোকৰ বাবে অহা ১৫ জুলাই, ২০২৬ তাৰিখে পৰিপূৰক পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া অহা ২ জুনৰ পৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক : NEET-UG ২০২৬ বাতিল : অহা ১০ দিনৰ ভিতৰত ঘোষণা হ’ব নতুন সময়সূচী

উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা   

উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগুয়ে ডাঙৰ ঘোষণা কৰিছে।   

কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। উৰা বাতৰিক লৈ টুইটযোগে মন্ত্ৰী ৰণোজ পেগুৱে দিলে স্পষ্টীকৰণ। একাংশই কাইলৈ ঘোষণা হ’ব বুলি সম্প্ৰচাৰ কৰিছিল বাতৰি।

২১ এপ্ৰিলৰ পাছতহে ফলাফল ঘোষণা হোৱাৰ সম্ভাৱণা। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ সামাজিক মাধ্যমযোগে ঘোষণা।

লগতে পঢ়ক: “বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল… শীৰ্ষত কোন ?

ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে ।  জানক এই পৰীক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য-

-বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী পৰীক্ষাৰ্থী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩০৫ গৰাকী পৰীক্ষাৰ্থী

-কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৯,৫৭৭

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮০,৬৫০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৫৩,৫১৮ গৰাকী পৰীক্ষাৰ্থী

-বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৯,২৮৬ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৩,১৯৬ গৰাকী শিক্ষাৰ্থী

-কলা শাখাৰ শীৰ্ষত বাক্সা জিলা

-বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ

-বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা

-পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ

-বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমাৰা

-দক্ষিণ শালমাৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

-যোৱা বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফলৰ হাৰ হ্ৰাস

-প্ৰথমবাৰৰ বাবে চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট এখন পেজত পাব

-উপলব্ধ এপৰ জৰিয়তে লাভ কৰিব ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল…

অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অফিচিয়েল ৱেবছাইট (ahsec.assam.gov.in)ৰ জৰিয়তে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে পুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল । অনলাইনত মুঠ ১২ টা ৱেবচাইটত উপলব্ধ হৈছে ফলাফল । তলৰ এইকেইটা ৱেবচাইটত মাৰ্শ্বীটৰ সৈতে শীক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল-

www.assamresult.in

www.indiaresults.com

www.schools9.com

www.results.shiksha

www.iresults.in

www.vidyavision.com

www.ndtv.com

ফলাফল কেনেকৈ পৰীক্ষা কৰিব-

ছাত্র-ছাত্রীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ মানি চলিব লাগিব :

-প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট resultassam.nic.in লৈ যাওক ।

-এতিয়া ‘Assam HS Result 2025’ লিংক বিচাৰি তাত ক্লিক কৰক ।

-ইয়াৰ পিছত, আপোনাৰ লগইনৰ বিৱৰণ যেনে ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আৰু বৰ্ষ টাইপ কৰক ।

-ইয়াত Search Results আইকনত ক্লিক কৰক ।

-এতিয়া আপোনাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব ।

-আপোনাৰ নম্বৰ পৰীক্ষা কৰি ফলাফল ডাউনলোড কৰক ।

উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উতীৰ্ণৰ হাৰ ৮১ শতাংশ । এইবাৰ কলা শাখাত ১,৮৩,৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । আনহাতে বি়জ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮২ শতাংশ । বিজ্ঞান শাখাত মুঠ ১৪,৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইফালে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৪ শতাংশ । বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থী । ইয়াৰে কলা শাখাত ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭২৪ গৰাকী আৰু বাণিজ্য শাখাত ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থীপৰীক্ষাত অৱতীৰ্ণ হৈছিল ।  

অপেক্ষাৰ অন্ত… কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন । কাইলৈ (৩০ এপ্ৰিল) ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট যোগে চাব পাৰিব নিজৰ নিজৰ ফলাফল । এই সন্দৰ্ভত আজি জাননী প্ৰকাশ কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে । আজি কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই তথ্য প্ৰদান কৰে শিক্ষা ডাঃ ৰণোজ পেগুৱে ।

বুধবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলে নিৰ্ধাৰিত ৱেবছাইটত ৰোল নম্বৰ ব্যৱহাৰ কৰি নিজৰ ফলাফল চাব পাৰিব । ইতিমধ্যে অনলাইনযোগে ফলাফল চাবৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ৱেবচাইট । এইকেইটা ৱেবচাইটত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ফলাফল চাব পাৰিব-

ashec.assam.gov.in

www.assamresult.in

assajobalerts.in

www.schools9.com

উল্লেখ্য যে, এইবাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাথাত মুঠ ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-প্ৰশ্নকাকত ফাদিলৰ পিছতেই বাতিল হ’ল বাকী থকা পৰীক্ষা

-শিক্ষা সংসদে বাতিল কৰিছে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হবলগীয়া সকলো পৰীক্ষা

-২৪ মাৰ্চৰ বৰ্ডৰ সিদ্ধান্তৰ পিছতহে ঘোষণা হব পৰীৱৰ্তী পৰীক্ষাৰ দিন

-প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ইতিমধ্যে ১৫খন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা

-৩খনকৈ চৰাকাৰী শিক্ষনুষ্ঠানৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে ব্যৱস্থা

আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

-আজিৰ পৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
-৫৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা
-প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ HS চূড়ান্ত পৰীক্ষাত
-মুঠ পৰীক্ষাৰ্থী ৩,০৬,৯২৫ জন
-ইয়াৰে ছাত্ৰ ১,৪৪,৫০২ জন
-আৰু ছাত্ৰীৰ সংখ্যা ১,৬২,৫২৩ গৰাকী
-কলা শাখাত অৱতীৰ্ণ ২৩০,০৯১ গৰাকী শিক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৯০,১৪৬ জন
-আৰু ছাত্ৰী ১,৩১,৯৪৫ গৰাকী
-বিজ্ঞান শাখাত অৱতীৰ্ণ ৩২,৯৭৭ জন ছাত্ৰ
-বিজ্ঞান শাখাত অৱতীৰ্ণ ২৪,৭৪৭ গৰাকী ছাত্ৰী
-বাণিজ্য শাখাত অৱতীৰ্ণ ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী
-কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব ১,২৪১ পৰীক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৮২৬ আৰু ৪১৫ গৰাকী ছাত্ৰী
-সকলো ছাত্ৰ-ছাত্ৰীক সামাজিক মাধ্যম যোগে শুভেচ্ছা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষাৰ সময়সূচী

-৬মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা

-৬ মাৰ্চত ইংৰাজী

-৭ মাৰ্চ ভকেচনেল পেপাৰ ১

-১১ মাৰ্চত মিউজিক গ্ৰুপ A

-১২ মাৰ্চত Physics, Accountancy আৰু ৰাজনীতি বিজ্ঞান

-১৩ মাৰ্চত স্বদেশ অধ্যয়ন আৰু মিউজিক গ্ৰুপ C

-১৭ মাৰ্চত Chemistry, Finance আৰু বুৰঞ্জী

-১৮ মাৰ্চত পৰিৱেশ শিক্ষা আৰু পৰিসংখ্যা

-১৯ মাৰ্চত বিহু, অৰ্থনৈতিক ভূগোল, সংস্কৃত আৰু জৈৱ প্ৰযুক্তি

-২০ মাৰ্চ ভকেচনেল পেপাৰ  ২ আৰু Home Science ,বিজনেছ মেথেমেটিকছ পৰিসংখ্।যা

-২১ মাৰ্চ মালিটি মেডিয়া আৰু ৱেব টেকনলজি, অংক

-২২ মাৰ্চত অৰ্থনীতি

-২৪ মাৰ্চত কম্পিউটাৰ বিজ্ঞঢান আৰু অনথ্ৰপলজি আৰু SOCIOLOGY

-২৫ মাৰ্চত BIOLOGY, EDUCATION, BUSSINESS STUDIES, ADV LANGUAGE, আৰৱী, পাৰ্চী, সংস্কৃত

-২৬ মাৰ্চত এন্টাৰপনাৰছিপ ডেভলপমেন্ট, ভূগোল

-২৭ মাৰ্চত লজিক আৰু ফিলছফি, মনোবিজ্ঞান আৰু মিউজিক গ্ৰুপB

-২৯ মাৰ্চত MIL, ঐচ্ছিক ইংৰাজী আৰু ফাইন আৰ্ট