“বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

“বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰত মমতা বেনাৰ্জীকো কটাক্ষ। বৃহস্পতিবাৰে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম বংগৰ পৰাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগ আৰু

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰত মমতা বেনাৰ্জীকো কটাক্ষ।

বৃহস্পতিবাৰে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম বংগৰ পৰাই বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পশ্চিম বংগ আৰু অসমত হয় আমি জীয়াই থাকিম নহ’লে বাংলাদেশী মুছলমান জীয়াই থাকিব। দুয়োটাই একেলগে বাস কৰিবই নোৱাৰে। সীমান্তত বেৰ নাই। যাৰ বাবে অভিষেক বেনাৰ্জীয়ে গৰু পঠিয়াই দিয়ে আৰু তাৰ বাংলাদেশৰ পৰা মানুহ আহি থাকে। যদি ইমান বাংলাদেশী আহি থাকে, তেনেহলে আমি কেনেকৈ জীয়াই থাকিম। বাংলাদেশী মুছলমানে অসম আৰু পশ্চিম বংগক একেবাৰে খাই পেলাব। ২০ বছৰৰ পিছত ইয়াত কোনো হিন্দুৱে বাস কৰিব নোৱাৰিব।

মমতা বেনাৰ্জীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মমতাজীয়ে কৈছে যে পশ্চিম বংগত বিজেপি জয়ী হ’লে মাছ-মাংস খোৱাটো বন্ধ কৰি দিব।গতিকে মই মমতা জীক ক’ব বিচাৰিছো যে, মমতা দিদি অসমলৈ আহক, বহুত ভাল চিকেন-মাটন খুৱাম।অসমত ১০ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছিলে।কিন্তু কোনোবা লোকে  মাছ-মাংস খোৱাটো নিষিদ্ধ হ’ব বুলি কৈছে নেকি?  কোনোবাই মা কামাখ্যাত বলি বন্ধ হৈছে বুলি কৈছে নেকি? তেনেহলে মমতা বেনাৰ্জীয়ে কিয় ভয় খাইছে? আচলতে ইয়াৰ কাৰণটো হৈছে বিজেপি চৰকাৰ আহিলে পশ্চিম বংগত গো মাংস বন্ধ হ’ব। মমতা জীয়ে মুখেৰে যদিও মাছ-মাংস বন্ধ হ’ব বুলি কৈছে কিন্তু মনৰ ভিতৰত ভাবিছে বিজেপিয়ে চৰকাৰলৈ আহিলে গো মাংস বন্ধ হ’ব।তৃণমূল পাৰ্টীৰ লোকে কি মাংস খায় সেই কথাটোত সন্দেহ আছে।কাৰণ তেওঁলোকে সদায় বাংলাদেশী মুছলমানৰ পক্ষত কথা কৈ থাকে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপিয়ে শাসনলৈ আহিলে বংগতো আমি নতুন আইন আনিম।আমি UCC বলৱৎ কৰিম। এই আইনৰ অধীনত এজন ব্যক্তিয়ে কেৱল এবাৰ হে বিয়া পাতিব পাৰিব। সেই কাৰণে আমাৰ ওপৰত সদায় মমতা জীয়ে খং কৰি থাকে।   

লগতে পঢ়ক: “বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী