মাইণ্ডফুলনেছ কি…পৰীক্ষাৰ সময়ত এইদৰেই ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত বৃদ্ধি কৰিব পাৰিব মনোযোগ

সৰ্বাধিক নম্বৰ লাভ কৰি বৰ্ড পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ প্ৰতিযোগিতা চলে । আন বহু প্ৰতিযোগিতামূলক পৰীক্ষাতো সফলতা লাভ কৰাটো সহজ নহয় । পিতৃ-মাতৃ, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, আপুনি পৰীক্ষাত কিমান নম্বৰ পালে, উত্তীৰ্ণ হওক বা নহওক, সকলোৱে জানিব বিচাৰে । এনে আশা ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা হৈ পৰে । ইয়াৰ ফলত মানসিক চাপ, অস্থিৰতা আৰু উদ্বেগ বৃদ্ধি পায় । ইয়াৰ প্ৰভাৱ ফলাফলতো দেখা যায়, কাৰণ পৰীক্ষাৰ ভয়ৰ বাবে সৰু সৰু ভুলেও প্ৰদৰ্শন নষ্ট কৰে । এনে পৰিস্থিতিত মাইণ্ডফুলনেছ সহায়ক হ’ব পাৰে । মাইণ্ডফুলনেছ কি, পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ অধ্যয়নৰ ওপৰত মনোনিৱেশ বৃদ্ধি কৰিব পাৰে জানক…

মাইণ্ডফুলনেছ কি-

মাইণ্ডফুলনেছ মানে এজন ব্যক্তি সম্পূৰ্ণৰূপে বৰ্তমানত উপস্থিত থকা । মাইণ্ডফুলনেছ হৈছে জীয়াই থকাৰ এক কলা । উদাহৰণস্বৰূপে, যদি আপুনি কিবা এটা লিখিছে তেন্তে কেৱল বিষয়টোৰ ওপৰত চিন্তা কৰক, আপোনাৰ মনটোক ইফালে সিফালে বিচৰণ কৰিবলৈ নিদিব । যদি আপুনি চাহ খাই আছে তেন্তে সেই সময়ৰ বাবে সোৱাদ লওক, ইয়াৰ সুগন্ধি উপভোগ কৰক । মাইণ্ডফুলনেছ মানে এটা কথাত মনটোক কেন্দ্ৰীভূত কৰা । ইংলেণ্ডৰ ‘ইউনিভাৰ্চিটি অৱ বাথ’ৰ এক অধ্যয়ন অনুসৰি মাইণ্ডফুলনেছে মানসিক চাপ, উদ্বেগ বা হতাশা হ্ৰাস কৰি জীৱনত ইতিবাচক পৰিৱৰ্তন আনে ।

মাইণ্ডফুলনেছ শিকিব পৰা উপায়-

১/ দীঘলকৈ উশাহ লওক

২/ মাইণ্ডফুল ইটিং মানে খাদ্য খোৱাৰ সময়ত কেৱল খাদ্যৰ ওপৰত গুৰুত্ব দিয়া

৩/ ধ্যান মানে মনোযোগ দিয়া বা মনোনিৱেশ কৰা

৪/ মনযোগেৰে শুনা

৫/ একক কামৰ অৰ্থ হ’ল এটা সময়ত মাত্ৰ এটা কামত মনোনিৱেশ কৰা

৬/ সকলো কথাতে ভালদৰে মন দিয়া

৭/ চিন্তা কৰাৰ পিছতহে কথা ক’ব

কেনেকৈ মাইণ্ডফুলনেছ লৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব-

১/ ভৱিষ্যতৰ কথা বেছিকৈ নাভাবিব । পৰীক্ষাৰ ফলাফলত নহয়, কেৱল অধ্যয়নতহে গুৰুত্ব দিয়ক ।

২/ আমি নিজৰ ওপৰত গুৰুত্ব দিয়া উচিত । পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত সকলো গুৰুত্ব পঢ়া-শুনাতহে হ’ব লাগে আৰু কোনে কি কৰি আছে আৰু আন কোনোবাই কেনেকৈ পঢ়া-শুনা কৰিছে তাত নহয়

৩/ সত্যক গ্ৰহণ কৰক । অৰ্থাৎ যদি আপুনি কোনো বিষয়ত দুৰ্বল হয় আৰু আপুনি কাৰোৰে পৰা সহায় ল’ব নিবিচাৰে তেন্তে সেয়া ভুল হ’ব । ইয়াৰ বাবে আপোনাৰ শিক্ষক, বন্ধু বা পৰিয়ালৰ সদস্যৰ পৰা সহায় লওক ।
৪/ পাঁচটা ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰক । যেতিয়া আপুনি কথাবোৰ বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া সকলো ঠিকেই হ’ব, ইয়াৰ ফলত ইতিবাচকতা বৃদ্ধি পাব আৰু লগতে আত্মসচেতনতাও বৃদ্ধি পাব।

৫/ এটা এটাকৈ কাম কৰক । ইয়াৰ ফলত বিক্ষিপ্ততা হ্ৰাস পাব আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব থাকিব । ইয়াৰ দ্বাৰা আপুনি প্ৰতিটো বিষয় ভালদৰে পঢ়িব পাৰিব ।

৬/ মাইণ্ডফুলনেছৰ জৰিয়তে পঢ়াৰ সময়ত নিজকে শিথিল কৰি ৰাখিব পৰা যায় ।

৭/ এটা সময়ত মাত্ৰ এটা বিষয়ত গুৰুত্ব দিব পাৰিব ।

৮/ খোৱা-বোৱা বা খেলাৰ সময়ত মনটো বিচৰণ নকৰিব আৰু পৰীক্ষাৰ কোনো চিন্তা নাথাকিব ।

৯/ মানসিক চাপত থাকিলে গভীৰ উশাহ-নিশাহৰ জৰিয়তে পুনৰ নতুন শক্তি লাভ কৰিব পাৰি ।

১০/ ঘৰতে শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব । কোনো কথাতে আপুনি কোনো ধৰণৰ হেঁচা অনুভৱ নকৰিব ।

পৰীক্ষাৰ বাবে হৈছিল পলম…পেৰাগ্লাইডিং কৰি কলেজ পালেহি ছাত্ৰ; ভাইৰেল ভিডিঅ’

মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ এজন ২০ বছৰীয়া ছাত্ৰই সময়মতে পৰীক্ষাত উপস্থিত হ’বলৈ পেৰাগ্লাইডিঙৰ আশ্ৰয় লয় । সোমবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’ ।

বি.কম প্ৰথম বৰ্ষৰ ছাত্ৰ সমৰ্থ মহংগাডে কয় যে ১৫ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল, যেতিয়া তেওঁৰ হঠাতে মনত পৰে যে তেওঁৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা কেইমিনিটমানৰ পিছত অনুষ্ঠিত হোৱাৰ কথা আছে । তেওঁ কয় যে তেওঁ অঞ্চলটোত পেৰাগ্লাইডিং অপাৰেটৰক চিনি পায়, যাৰ সহায়ত তেওঁ এই সমস্যা সমাধান কৰিবলৈ সক্ষম হয় । সমৰ্থ পাছৰনী গাঁৱৰ বাসিন্দা ।

এটা ভিডিঅ’ত দেখা গৈছে যে হেৰিছন ফ’লি নামৰ ঠাইৰ পৰা পেৰাগ্লাইডিং আৰম্ভ কৰে সমৰ্থে । ইয়াৰ পিছত তেওঁ পেৰাগ্লাইডিং কৰি কিষাণবীৰ মহাবিদ্যালয়ত উপস্থিত হয় ।

প্ৰায় ১২ কিলোমিটাৰ দূৰত আছিল কলেজ-

মই হেৰিছন ফ’লিৰ ওচৰৰ কুঁহিয়াৰৰ ৰসৰ দোকানৰ কেন্দ্ৰ এটাত কাম কৰো, সমৰ্থে কয় । সেইদিনা দুপৰীয়া দুই বজাত মনত পৰিল মোৰ পৰীক্ষা দুটা পোন্ধৰত আছে । পৰীক্ষাৰ সময় আৰু তাৰিখ বহুবাৰ সলনি হোৱাৰ বাবে পাহৰি গৈছিলোঁ । দেওবাৰ হোৱাৰ বাবে আৰু গাট অঞ্চলত চলি থকা কামৰ বাবে ৰাস্তাটো জাম হোৱাৰ বাবে মোৰ হাতত ৰাস্তাৰে যোৱাৰ বিকল্প নাছিল আৰু কলেজখন ১২ কিলোমিটাৰ দূৰত আছিল ।

পেৰাগ্লাইডিং অপাৰেটৰসকলে সহায় কৰিছিল-

তেওঁ আৰু কয়, মই সেই অঞ্চলৰ পেৰাগ্লাইডিং অপাৰেটৰসকলক চিনি পাইছিলোঁ । তাৰে এজন গোবিন্দ য়েভালে মোক কলেজলৈ নিবলৈ পাইলট এজনক অনুৰোধ কৰিলে । য়েভালে কয় যে সকলো প্ৰয়োজনীয় সুৰক্ষা সঁজুলি পিন্ধি পাইলট আৰু আমি পাঁচ মিনিটৰ ভিতৰতে কলেজৰ ওচৰৰ মুকলি পথাৰত অৱতৰণ কৰিলোঁ । সমৰ্থে লগতে কয় যে তেওঁৰ বন্ধুসকলে ইতিমধ্যে তেওঁৰ পৰিচয় পত্ৰ আৰু ইউনিফৰ্ম হললৈ লৈ আহিছিল বাবে তেওঁ সময়মতে পৰীক্ষাত হাজিৰ হ’ব পাৰিছিল ।

মোবাইলৰ আসক্তিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি…পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীক এই পদ্ধতিৰ কথা ক’লে সদগুৰুৱে

শনিবাৰে পুৱা ১০:০০ বজাত ‘পৰীক্ষা পে চৰ্চা ২০২৫’ৰ পঞ্চম খণ্ডৰ লাইভ ষ্ট্ৰীমিং কৰা হয় । এই খণ্ডটোত ছাত্ৰ-ছাত্ৰীসকলক ‘মনৰ অলৌকিকতা’ বিষয়টোৰ ওপৰত গুৰুত্বপূৰ্ণ তথ্য দিয়া হয় । প্ৰখ্যাত আধ্যাত্মিক গুৰু সদগুৰুৱে শিক্ষণক আকৰ্ষণীয় কৰি তোলা আৰু সন্তুলিত, শক্তিশালী মন গঢ়ি তোলাৰ ওপৰত তেওঁৰ চিন্তাধাৰা ভাগ-বতৰা কৰে ।

ইয়াৰ উপৰিও পৰীক্ষাৰ সময়ত মানসিক শান্তি বজাই ৰাখিবলৈ আৰু আত্মবিশ্বাস বৃদ্ধিৰ বাবে শিক্ষাৰ্থীসকলক সদগুৰুৱে পৰামৰ্শ প্ৰদান কৰে । এই খণ্ডটোত মাইণ্ডফুলনেছ আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, যাতে ছাত্ৰ-ছাত্ৰীসকলে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে পৰীক্ষাৰ সন্মুখীন হ’ব পাৰে ।

ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত সদগুৰুৱে নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰে । তেওঁ কয় যে পৰীক্ষাৰ সময়ত ডায়েৰিয়া প্ৰতিৰোধী ঔষধৰ বিক্ৰী বৃদ্ধি পায় । বহু ছাত্ৰ-ছাত্ৰীয়ে অত্যন্ত মানসিক চাপৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ।

শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কি ?

সদগুৰুৱে কয় যে শিক্ষা কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাত সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ই জীৱনক সঠিক দিশত আগুৱাই নিয়াৰ মাধ্যম আৰু ইয়াক গভীৰভাৱে বুজিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ পৰা শিকিবলৈ পৰামৰ্শ দিয়ে । ঘাঁহ আৰু নাৰিকল গছবোৰ ভালদৰে চালে লক্ষ্য কৰিব যে ইহঁত কেনেকৈ বাঢ়ে ।

মোবাইলৰ আসক্তি কেনেকৈ এৰাই চলিব-

মোবাইল ফোনে সৃষ্টি কৰা বিক্ষিপ্ততাৰ বিষয়ে আলোচনা কৰি সদগুৰুৱে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিলে যে আপুনি ছ’চিয়েল মিডিয়া আৰু মোবাইল ফোন কেনেকৈ ব্যৱহাৰ কৰিব সেইটো সিদ্ধান্ত ল’ব লাগে । এই প্লেটফৰ্মবোৰে আপোনাক ব্যৱহাৰ কৰিবলৈ নিদিব । এই প্ৰযুক্তিয়ে যিদিনা আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব, সেইদিনা বুজি লওক যে আপোনাৰ পতন আৰম্ভ হৈছে ।

সদগুৰুৱে এই কথাও কয় যে ‘অতি চিন্তা’ বুলি কোনো কথা নাই, কিন্তু আমাৰ মনটো মাথোঁ বিচৰণ কৰে এই কথা তেওঁ যন্ত্ৰৰ উদাহৰণেৰে বুজাই দিলে । ঠিক যেনেকৈ মেচিন এটা সঠিক লুব্ৰিকেচন অবিহনে চলালে সোনকালে ভাঙি যায়, ঠিক সেইদৰে আমাৰ মনটোৱে সঠিক দিশত কাম নকৰিলে সমস্যাৰ সৃষ্টি কৰে ।

আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

-আজিৰ পৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
-৫৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা
-প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ HS চূড়ান্ত পৰীক্ষাত
-মুঠ পৰীক্ষাৰ্থী ৩,০৬,৯২৫ জন
-ইয়াৰে ছাত্ৰ ১,৪৪,৫০২ জন
-আৰু ছাত্ৰীৰ সংখ্যা ১,৬২,৫২৩ গৰাকী
-কলা শাখাত অৱতীৰ্ণ ২৩০,০৯১ গৰাকী শিক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৯০,১৪৬ জন
-আৰু ছাত্ৰী ১,৩১,৯৪৫ গৰাকী
-বিজ্ঞান শাখাত অৱতীৰ্ণ ৩২,৯৭৭ জন ছাত্ৰ
-বিজ্ঞান শাখাত অৱতীৰ্ণ ২৪,৭৪৭ গৰাকী ছাত্ৰী
-বাণিজ্য শাখাত অৱতীৰ্ণ ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী
-কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব ১,২৪১ পৰীক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৮২৬ আৰু ৪১৫ গৰাকী ছাত্ৰী
-সকলো ছাত্ৰ-ছাত্ৰীক সামাজিক মাধ্যম যোগে শুভেচ্ছা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ দীপিকা পাডুকনৰ, ব’ৰ্ড পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীক দিলে এই পৰামৰ্শ

মঙলবাৰে লাইভ ষ্ট্ৰীম কৰা হয় ‘পৰীক্ষা পে চৰ্চা’ ২০২৫ৰ দ্বিতীয় খণ্ড । এই খণ্ডত অভিনেত্ৰী, উদ্যোগী তথা মানসিক স্বাস্থ্যৰ অধিবক্তা দীপিকা পাডুকনে ছাত্ৰ-ছাত্ৰীৰ সৈতে মানসিক স্বাস্থ্য আৰু সুস্থতাৰ গুৰুত্বৰ বিষয়ে কথা বাৰ্তালাপ কৰে । এই খণ্ডটো শিক্ষা মন্ত্ৰালয়, মাইগভ ইণ্ডিয়া আৰু প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলৰ লগতে দূৰদৰ্শন চেনেলতো উপলব্ধ ।

অনুষ্ঠানত দীপিকা পাডুকনে ছাত্ৰ-ছাত্ৰীসকলক উষ্ম হাঁহিৰে সম্ভাষণ জনায় । তেওঁ শৈশৱৰ এটা ধেমেলীয়া কাহিনীও শ্বেয়াৰ কৰে, য’ত অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই বৰ দুষ্ট শিশু আছিলোঁ । মই সদায় টেবুল, চকী আৰু চোফাত উঠি জপিয়াই আছিলো ।’ ইয়াৰ পিছত তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কয়, ‘আগতে পৰীক্ষাৰ সময়ত মই বহুত মানসিক চাপ অনুভৱ কৰিছিলো, বিশেষকৈ গণিতত মোৰ বহুত অসুবিধা হৈছিল- এতিয়াও এই বিষয়টো মোৰ বাবে কঠিন অনুভৱ হয় ।’

মানসিক চাপ অনুভৱ কৰাটো স্বাভাৱিকঃ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ টিপছ দিলে দীপিকাই

অনুষ্ঠানত দীপিকাই মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ কিছু উপযোগী টিপছ দিয়াৰ লগতে ব্যক্তিগত অভিজ্ঞতাও ভাগ-বতৰা কৰে ।

দীপিকাই ছাত্ৰ-ছাত্ৰীসকলক কয় যে ‘আমি সকলোৱে মানসিক চাপ অনুভৱ কৰো । গণিতত মই বৰ দুৰ্বল আছিলোঁ-এতিয়াও আছো ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ গ্ৰন্থত কৈছে যে আমি সদায় আমাৰ আৱেগ প্ৰকাশ কৰা উচিত আৰু দমন কৰা উচিত নহয় । জাৰ্নেলিং এই কামৰ এক উত্তম উপায় ।’

দীপিকাই আৰু কয় যে ‘ষ্ট্ৰেছ অনুভৱ কৰাটো স্বাভাৱিক আৰু ই জীৱনৰ এটা অংশ । আমি কেনেকৈ চম্ভালিম সেয়া গুৰুত্বপূৰ্ণ… পৰীক্ষা আৰু ফলাফলৰ প্ৰতি ধৈৰ্য্য ধৰাটো গুৰুত্বপূৰ্ণ… আমি কেৱল আমাৰ নিয়ন্ত্ৰণত থকা কামহে কৰিব পাৰো, আমি ভাল টোপনি যাব পাৰো, ভাল পানী খাব পাৰো, ব্যায়াম কৰিব পাৰো আৰু ধ্যান কৰিব পাৰো ।’

শীক্ষাৰ্থীয়ে দীপিকাক সুধিলে : পৰীক্ষাৰ হেঁচাত কেনেকৈ মানসিক শান্তি বজাই ৰাখিব পাৰি ?

চি বি এছ ইৰ এগৰাকী ছাত্ৰীয়ে দীপিকা পাডুকনক প্ৰশ্ন কৰে যে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ ক্ৰমবৰ্ধমান হেঁচাত আমি কেনেকৈ মানসিক শান্তি আৰু ভাৰসাম্য বজাই ৰাখিব পাৰো ?

দীপিকাই উত্তৰ দিলে, “প্ৰতিযোগিতা আৰু আনৰ লগত তুলনা কৰাটো জীৱনৰ এক স্বাভাৱিক অংগ । প্ৰতিযোগিতা নিজৰ বাবেই বেয়া নহয়, কিন্তু আপুনি নিজৰ শক্তিৰ ওপৰত গুৰুত্ব দি নিজৰ দুৰ্বলতাৰ ওপৰত কাম কৰাটো গুৰুত্বপূৰ্ণ । মূল কথাটো হ’ল প্ৰতিযোগীৰ পৰা যি পাৰে শিকিব লাগে । নিজকে প্ৰশ্ন কৰক, ‘তেওঁলোকৰ পৰা মই কি শিকিব পাৰো ?’ আৰু ‘মই কামবোৰ কেনেকৈ বেলেগ ধৰণে কৰিব পাৰো ?’ মোৰ বাবে মোৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা নিজৰ লগত ।

বহু বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰে-

পৰীক্ষ পে চৰ্চা হৈছে বাৰ্ষিক কাৰ্যসূচী য’ত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ মানসিক চাপ, শিক্ষা আৰু চাপ নিয়ন্ত্ৰণৰ বিষয়ে কথা পাতে । এইবাৰৰ অষ্টম সংস্কৰণ সোমবাৰৰ পৰা আৰম্ভ হয় । প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ সুন্দৰ নাৰ্চাৰী ভ্ৰমণ কৰি পৰীক্ষাৰ মানসিক চাপ চম্ভালিব পৰা আৰু অনুপ্ৰাণিত হৈ থকাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতে । এইবাৰ এই অনুষ্ঠানত দীপিকা পাডুকন, বক্সাৰ এম চি মেৰী কম, আধ্যাত্মিক গুৰু সদগুৰুকে ধৰি কেইবাগৰাকীও বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে । এই চেলিব্ৰিটিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু টিপছ শ্বেয়াৰ কৰে ।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষাৰ সময়সূচী

-৬মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা

-৬ মাৰ্চত ইংৰাজী

-৭ মাৰ্চ ভকেচনেল পেপাৰ ১

-১১ মাৰ্চত মিউজিক গ্ৰুপ A

-১২ মাৰ্চত Physics, Accountancy আৰু ৰাজনীতি বিজ্ঞান

-১৩ মাৰ্চত স্বদেশ অধ্যয়ন আৰু মিউজিক গ্ৰুপ C

-১৭ মাৰ্চত Chemistry, Finance আৰু বুৰঞ্জী

-১৮ মাৰ্চত পৰিৱেশ শিক্ষা আৰু পৰিসংখ্যা

-১৯ মাৰ্চত বিহু, অৰ্থনৈতিক ভূগোল, সংস্কৃত আৰু জৈৱ প্ৰযুক্তি

-২০ মাৰ্চ ভকেচনেল পেপাৰ  ২ আৰু Home Science ,বিজনেছ মেথেমেটিকছ পৰিসংখ্।যা

-২১ মাৰ্চ মালিটি মেডিয়া আৰু ৱেব টেকনলজি, অংক

-২২ মাৰ্চত অৰ্থনীতি

-২৪ মাৰ্চত কম্পিউটাৰ বিজ্ঞঢান আৰু অনথ্ৰপলজি আৰু SOCIOLOGY

-২৫ মাৰ্চত BIOLOGY, EDUCATION, BUSSINESS STUDIES, ADV LANGUAGE, আৰৱী, পাৰ্চী, সংস্কৃত

-২৬ মাৰ্চত এন্টাৰপনাৰছিপ ডেভলপমেন্ট, ভূগোল

-২৭ মাৰ্চত লজিক আৰু ফিলছফি, মনোবিজ্ঞান আৰু মিউজিক গ্ৰুপB

-২৯ মাৰ্চত MIL, ঐচ্ছিক ইংৰাজী আৰু ফাইন আৰ্ট

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, ১৭ মাৰ্চৰ পিছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন !

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ১৭ মাৰ্চৰ পিছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।আজি নটিফিকেশ্যন দিলে ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব । ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন হ’লে পৰীক্ষাৰ্থীৰ অসুবিধা হ’ব। সেয়ে ১৭ মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ চিন্তা-চৰ্চা কৰিম। ব’হাগ বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা

পৰীক্ষাৰ সময়ত গভীৰ নিশালৈকে অধ্যয়ন কৰাটো কিয় এৰাই চলিব লাগে ?  জানক মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইয়াৰ পাৰ্শ্বক্ৰিয়া

পৰীক্ষাৰ সময় অহাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ নিশালৈকে পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰে যাতে তেওঁলোকে ভাল নম্বৰ লাভ কৰিব পাৰে । কিন্তু ৰাতি দেৰিলৈকে সাৰে থকা আৰু কেফেইনযুক্ত পানীয়ৰ ওপৰত নিৰ্ভৰশীল এই অভ্যাস শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ।

শিক্ষাৰ্থীয়ে কিয় গভীৰ নিশা অধ্যয়নৰ বিকল্প বাছি লয় ?

ব’ৰ্ড পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিবলৈ আৰু সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ গভীৰ নিশা অধ্যয়নৰ বিকল্প বাছি লয় । সাৰে থাকিবলৈ তেওঁলোকে চাহ-কফিৰ আশ্ৰয় লয়, য’ত থকা কেফেইনে তেওঁলোকক সজাগ কৰি ৰাখে । কিন্তু এই অভ্যাসে হ্ৰস্বম্যাদী সুবিধাৰ সৈতে দীৰ্ঘম্যাদী সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

গভীৰ নিশা অধ্যয়নৰ শাৰীৰিক প্ৰভাৱ-

ৰাতি দেৰিলৈকে সাৰে থাকিলে আৰু পৰ্যাপ্ত পৰিমাণে টোপনি নাহিলে শৰীৰ ভাগৰুৱা, মূৰৰ বিষ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে । দীৰ্ঘদিন ধৰি কেফেইন সেৱন কৰিলে হৃদস্পন্দন বৃদ্ধি আৰু ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ ফলত অধ্যয়নৰ মানদণ্ডতো প্ৰভাৱ পৰে ।

মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ-

অপৰ্যাপ্ত টোপনিয়ে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । ইয়াৰ ফলত স্মৃতিশক্তি দুৰ্বল হোৱাৰ লগতে শিক্ষণ ক্ষমতা হ্ৰাস পাব পাৰে । টোপনিৰ অভাৱে মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শৈক্ষিক প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পৰে ।

অপ্ৰয়োজনীয় চাপ প্ৰয়োগ নকৰিব-

পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰাটো অভিভাৱক আৰু শিক্ষকসকলে পৰিহাৰ কৰিব লাগে । তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লওক আৰু তেওঁলোকক শান্ত আৰু মানসিক চাপমুক্ত পৰিৱেশ প্ৰদান কৰক । তেওঁলোকক বুজাওক যে সুস্বাস্থ্য অবিহনে অধ্যয়নত সফলতা লাভ কৰাটো কঠিন ।

অধ্যয়ন আৰু স্বাস্থ্যৰ মাজত ভাৰসাম্য সৃষ্টি কৰক-

অধ্যয়নৰ লগতে আত্ম-যত্নকো অগ্ৰাধিকাৰ দিয়াটো জৰুৰী । ছাত্ৰ-ছাত্ৰীসকলক সময়মতে শুবলৈ পৰামৰ্শ দিয়ক আৰু দিনটোত পঢ়া-শুনাৰ সময়সূচী বনাওক । কেফেইনযুক্ত পানীয়ৰ পৰিৱৰ্তে স্বাস্থ্যকৰ জলপান আৰু হাইড্ৰেচনৰ ওপৰত গুৰুত্ব দিয়ক । নিয়মীয়াকৈ বিৰতি লোৱা আৰু শাৰীৰিক ক্ৰিয়া-কলাপত লিপ্ত হোৱাটোৱেও মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰখাত সহায় কৰিব পাৰে ।

উন্নত শৈক্ষিক প্ৰদৰ্শনৰ বাবে টিপছ-

গভীৰ নিশা পঢ়াৰ সলনি সংগঠিত ৰুটিন গ্ৰহণ কৰক । পুৱা সোনকালে উঠি পঢ়া-শুনা কৰাটো এটা উত্তম বিকল্প । পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক অলপ বিৰতি লৈ পুনৰীক্ষণৰ বাবে সময় আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয় । পৰ্যাপ্ত টোপনি, সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামে ছাত্ৰ-ছাত্ৰীক মানসিক চাপমুক্ত কৰি ৰাখে আৰু তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰে ।

ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এইবাৰৰ ‘পৰীক্ষা পে চৰ্চা’, শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

পৰীক্ষাৰ ভয় প্ৰতিহত কৰিবলৈ পুনৰ এবাৰ দেশত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠিত হ’বলৈ গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ আৰম্ভ হৈছে । পৰীক্ষ পে চৰ্চাৰ অষ্টম সংস্কৰণৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিশু তথা শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব । ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট mygov.in/ppc-2023 ত গৈ অনলাইন আবেদন কৰিব পাৰিব । এতিয়ালৈকে ইয়াৰ বাবে ২.৯২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ব’ৰ্ড পৰীক্ষা আৰু আনুষংগিক বিষয়সমূহৰ ওপৰত অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বাধিক ৫০০ আখৰত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন প্ৰেৰণ কৰিব লাগিব ।

পৰীক্ষা পে চৰ্চাত নৱম শ্ৰেণী, দশম শ্ৰেণী, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব । ইয়াৰ বাবে অনলাইন সৃষ্টিশীল লেখা প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হয় । পি পি চি ২০২৪ প্ৰতিযোগিতাৰ বিজয়ীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পায় । ইয়াৰ উপৰিও তেওঁলোকে এখন চাৰ্টিফিকেট আৰু ‘পৰীক্ষা পে চৰ্চা’ৰ কিটো লাভ কৰে । প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ পৰা প্ৰতি বছৰে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে ।

ক’ত হ’ব পৰীক্ষা পে চৰ্চা-

২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰীক্ষ পে চৰ্চা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব । অৱশ্যে এই কাৰ্যসূচীৰ তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই । ইয়াৰ তাৰিখ অতি সোনকালে কেন্দ্ৰীয় শিক্ষা বিভাগে প্ৰকাশ কৰিব ।

‘পৰীক্ষা পে চৰ্চা’ ২০২৫ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্দেশনা-

১.এই প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ।

২. ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ সৰ্বাধিক ৫০০ আখৰেৰে প্ৰেৰণ কৰিব পাৰিব ।

৩. অভিভাৱক আৰু শিক্ষকসকলেও তেওঁলোকৰ বাবে বিশেষভাৱে ডিজাইন কৰা অনলাইন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি নিজৰ প্ৰৱেশ পত্ৰ জমা দিব পাৰিব ।

৪. ভুল তথ্য প্ৰদান কৰা যিকোনো অংশগ্ৰহণকাৰীক পি পি চি ২০২৫ত অংশগ্ৰহণ কৰাৰ পৰা অযোগ্য ঘোষণা কৰা হ’ব ।

‘পৰীক্ষা পে চৰ্চা’ ২০২৫ৰ বাবে কেনেদৰে আৱেদন কৰিব-

১. প্ৰথমে অফিচিয়েল ৱেবছাইট https://www.mygov.in লৈ যাওক।

২. হোমপেজত Participate Now লিংকত ক্লিক কৰক।

৩. আকৌ Participate Now ত ক্লিক কৰক।

৪. আপুনি যিটো শ্ৰেণীত পৰে তাত ক্লিক কৰক, অৰ্থাৎ যদি আপুনি ছাত্ৰ তেন্তে ছাত্ৰ লিংকত ক্লিক কৰক, যদি আপুনি অভিভাৱক তেন্তে অভিভাৱক লিংকত ক্লিক কৰক আৰু যদি আপুনি শিক্ষক তেন্তে শিক্ষক লিংকত ক্লিক কৰি সম্পূৰ্ণ কৰক পঞ্জীয়ন প্ৰক্ৰিয়া ।