ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ নিৰ্দেশ কোনে দিছিলে?' অমিত শ্বাহলৈ ৰাহুল গান্ধীৰ পত্ৰ

‘ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ নিৰ্দেশ কোনে দিছিলে?’ অমিত শ্বাহলৈ ৰাহুল গান্ধীৰ পত্ৰ

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে যোৱা ২০ জুলাইত দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি প্রতিক্রিয়া বিচৰিছে। ২০ জুলাইত যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদৰ সময়ত হোৱা লাঠিচালনা আৰু বল প্ৰয়োগক লৈ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে যোৱা ২০ জুলাইত দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি প্রতিক্রিয়া বিচৰিছে।

২০ জুলাইত যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদৰ সময়ত হোৱা লাঠিচালনা আৰু বল প্ৰয়োগক লৈ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত সুৰক্ষা বাহিনীয়ে অন্ধভাৱে বল প্ৰয়োগ কৰিছিল আৰু সমগ্ৰ বিষয়টোত জবাবদিহিতা নিশ্চিত কৰা উচিত।

২৫ জুলাই ২০২৬ত লিখা পত্ৰখনত ৰাহুল গান্ধীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে এক নিৰপেক্ষ আৰু জবাবদিহি শিক্ষা ব্যৱস্থাৰ দাবী জনাইছিল, কিন্তু তেওঁলোকৰ কথা শুনাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত অস্ত্ৰ-শস্ত্ৰ আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল। তেওঁ দাবী কৰে যে এই কাৰ্যপন্থাৰ ফলত এশৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয় আৰু মহিলা প্ৰতিবাদকাৰীসকলৰ সৈতেও দুৰ্ব্যৱহাৰ কৰা হয়।

ৰাহুল গান্ধীয়ে নিজৰ পত্ৰখনত পেল প্ৰয়োগ (Pellet guns) সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ লিখিছে যে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’সমূহে গুৰুতৰ আঘাতৰ ইংগিত দিয়ে। ১৯ বছৰীয়া ছাত্ৰ সাহিল লোছাবৰ কথা উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰজন গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ এজন আহত সাংবাদিকৰ কথাও উল্লেখ কৰে।

ৰাহুল গান্ধীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক দুটা পোনপটীয়া প্ৰশ্ন সুধিছে। প্ৰথম— ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে পেল প্ৰয়োগকে ধৰি মাৰাত্মক বল প্ৰয়োগৰ অনুমতি তেওঁ দিছিলনে? যদি নাই দিয়া, তেন্তে ইয়াৰ অনুমতি কোনে দিছিল? দ্বিতীয়— প্ৰতিবাদৰ সময়ত সাধাৰণ সাজ-পোছাকত ছাত্ৰ-ছাত্ৰীক লাঠিৰে প্ৰহাৰ কৰা লোকসকল আৰক্ষী আছিল নে সেৱক (Volunteers) আছিল, আৰু কাৰ নিৰ্দেশত তেওঁলোকক নিয়োজিত কৰা হৈছিল?

পত্ৰখনৰ শেষত ৰাহুল গান্ধীয়ে কয় যে যিকোনো গণতন্ত্ৰত শান্তিপূৰ্ণ প্ৰতিবাদক শ্ৰদ্ধা কৰা উচিত। তেওঁ লিখিছে যে চৰকাৰৰ দায়িত্ব হ’ল প্ৰতিবাদকাৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ ক্ষোভ বা অভিযোগসমূহ নিৰসন কৰা। এনে ধৰণৰ হিংসা গণতান্ত্রিক মূল্যবোধৰ পৰিপন্থী আৰু ই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰিছে। ৰাহুল গান্ধীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মই উত্তৰ আৰু জবাবদিহিতা বিচাৰিছে, সেয়ে তেওঁলোকৰ কণ্ঠ শুনা উচিত।

লগতে পঢ়ক: ‘না কোনোবা জয়ী হ’ল না কোনোবা পৰাস্ত’; ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ আন্না হাজাৰেৰ প্ৰতিক্ৰিয়া

শেহতীয়া প্ৰৱন্ধসমূহ