জন্মভূমিৰ বানপীড়িতৰ দুৰ্দশা দেখি আৱেগিক মোস্তাক আনফৰ।উজনিৰ বানাক্ৰান্তলৈ আনফৰ ফাউণ্ডেচনে আগবঢ়ালে ১ কোটি টকাৰ সঁহাৰি।
উজনি অসমত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। উজনিৰ জলপ্ৰলয় দেখি ওলাই আহিছে বহু লোক। তাৰ মাজতে উজনিৰ বানাক্ৰান্তলৈ আনফৰ ফাউণ্ডেচনে আগবঢ়ালে ১ কোটি টকাৰ সঁহাৰি। ডুবাইৰ পৰাই বানপীড়িতলৈ বৃহৎ সাহায্য ঘোষণা মোস্তাক আনফৰৰ। ৰাজ্যিক জমিয়ত সভাপতি মৌলানা মোস্তাক আনফৰৰ বিশেষ বান সাহায্য ঘোষণা কৰিছে।
সাহায্য ঘোষণা কৰি মোস্তাক আনফৰে কয় যে, উজনি অসমত যি পৰস্থিতি ৰ সৃষ্টি হৈছে তাক দেখি যথেষ্ট মৰ্মাহত হৈছো। আমাৰ এটা দলে ২০ লাখৰ পৰা ২৫ লাখ টকাৰ বস্তু লৈ দুই এদিনতে উজনি অসমত উপস্থিত হ’ব। কিন্তু বানৰ পিছত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়েহে চিন্তা কৰি প্ৰায় ১ কোটি টকাৰ সাহায্য আগবঢ়াম। স্বাস্থ্য ঠিকে থাকিলে অহা ১ মাহৰ বিতৰত ময়ো তালৈ যাম।
উল্লেখ্য যে, আনফৰ ফাউণ্ডেচন আৰু ৰাজ্যিক জমিয়তৰ উদ্যোগত বিতৰণ হ’ব ১ কোটি টকা। ডুবাইৰ পৰাই জন্মভূমিৰ বানপীড়িতৰ দুৰ্দশা দেখি আৱেগিক মোস্তাক আনফৰ।প্ৰত্যক্ষভাৱে প্ৰভাৱিত অঞ্চলসমূহত বিতৰণ কৰা হ’ব খাদ্য, খোৱাপানী আৰু ঔষধ। সংকটৰ মুহূৰ্তত আনফৰ ফাউণ্ডেচনৰ সঁহাৰিক প্ৰশংসা স্থানীয় ৰাইজৰ
লগতে পঢ়ক: ‘অসমক সকলোৰে সহায়ৰ প্ৰয়োজন হৈছে’; দেশবাসীক আহ্বান ভূমি পেডনেকাৰৰ









