শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত হোৱা ভয়ংকৰ বানপানীৰ সন্দৰ্ভত শনিবাৰে (২৫ জুলাই) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন যোগে বাৰ্তালাপ কৰে।
প্ৰলয়ংকাৰী বানৰ ফলত স্তব্ধ হৈ পৰিছে উজনি অসম। শনিবাৰে কেন্দ্ৰ চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে অসমলৈ আহি বান পৰিস্থিতিৰ বুজ ল’ব। তাৰ মাজতে শনিবাৰে (২৫ জুলাই) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ক্ৰমাৎ অৱনতি ঘটা বান পৰিস্থিতিৰ বুজ ল’বলৈ টেলিফোনিক বাৰ্তালাপ কৰে। এই বাৰ্তালাপত তেওঁ ক্ষয়-ক্ষতিৰ পৰিমাণ, অব্যাহত থকা ৰাহাত অভিযান আৰু প্ৰভাৱিত অঞ্চলসমূহত উপস্থিত হ’বলৈ প্ৰশাসনে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে এক বিস্তৃত মূল্যায়ণ বিচাৰে।

সামাজিক মাধ্যমত এই বাৰ্তালাপৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে- ” অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় সক্ৰিয় আৰু সচেতন। কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেখেতে বিস্তৃতভাৱে আমাৰ পৰা খতিয়ান লয়।
মুখ্যমন্ত্ৰী গৰাকীৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে বানৰ ফলত হোৱা ধন-জনৰ হানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ অসমৰ ৰাইজক আশ্বাস দিয়ে যে এই দুৰ্যোগক কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে আৰু ৰাহাত, পুনৰসংস্থাপন আৰু পুনৰ্নিৰ্মাণ প্ৰচেষ্টাৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰৰ অংগীকাৰবদ্ধতাক পুনৰ দোহাৰে।
লগতে পঢ়ক: উজনিৰ প্ৰলয়ংকাৰী বান: মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি









