পদপথৰ কাষত পাচলি বিক্ৰি কৰা ঝাণ্ডু কুমাৰে দেশলৈ আনিলে গৌৰৱ; ব্ৰঞ্জৰ পদক লাভ

পদপথৰ কাষত পাচলি বিক্ৰি কৰা ঝাণ্ডু কুমাৰৰ সফলতা; ব্ৰঞ্জৰ পদক লাভ

বিহাৰৰ ঝাণ্ডু কুমাৰে কমনৱেলথ গেমছ ২০২৬ ত পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ প্ৰথমটো পদক লাভ কৰে। কমনৱেলথ গেমছ ২০২৬-ত ঝাণ্ডু কুমাৰৰ জৰিয়তে ভাৰতে পদকৰ খাতা খুলিছে। বিহাৰৰ সন্তান ঝাণ্ডু কুমাৰে ভাৰতীয় পেৰা পাৱাৰলিফটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস সৃষ্টি

বিহাৰৰ ঝাণ্ডু কুমাৰে কমনৱেলথ গেমছ ২০২৬ ত পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ প্ৰথমটো পদক লাভ কৰে।

কমনৱেলথ গেমছ ২০২৬-ত ঝাণ্ডু কুমাৰৰ জৰিয়তে ভাৰতে  পদকৰ খাতা খুলিছে। বিহাৰৰ সন্তান ঝাণ্ডু কুমাৰে ভাৰতীয় পেৰা পাৱাৰলিফটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। ২৮ বছৰীয়া ঝাণ্ডু কুমাৰে ১৯০ কেজিৰ সৰ্বশ্ৰেষ্ঠ লিফটিং কৰে আৰু ১৩০.৯ পইণ্টৰ সৈতে নিজৰ প্ৰতিযোগিতা সম্পূৰ্ণ কৰে। উল্লেখ্য যে কমনৱেলথ গেমছত পেৰা পাৱাৰলিফটিং পদকৰ সিদ্ধান্ত কেৱল দাঙি ধৰা ওজনৰ ওপৰত নিৰ্ভৰ কৰি নহয়, বৰঞ্চ বডীৱেইট ক’এফিচিয়েণ্ট (Bodyweight coefficient) সূত্ৰ ব্যৱহাৰ কৰি কৰা হয়। ঝাণ্ডুৱে তেওঁৰ প্ৰথম প্ৰচেষ্টাত ১৮১ কেজি ওজন দাঙিছিল। পিছত ইয়াৰ ওজন ১৯০ কেজি কৰা হয়। ঝাণ্ডুৱে তেওঁৰ অন্তিম প্ৰচেষ্টাত ১৯৬ কেজি ওজন দাঙিবলৈ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব নোৱাৰিলে। যাৰ বাবে তেওঁ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়।

জানিব পৰা মতে বিহাৰৰ নালন্দা জিলাৰ হৰনৌতত ঝাণ্ডু কুমাৰৰ শৈশৱ অতি সংগ্ৰামৰ মাজত পাৰ হৈছিল, তেওঁ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ পিতৃ-মাতৃৰ সৈতে ৰাস্তাৰ কাষত শাক-পাচলি বিক্ৰী কৰিছিল। তেওঁ নিজৰ এই পদকটো পিতৃ-মাতৃক উৎসৰ্গা কৰে। এটা সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃৰ আশীৰ্বাদেই তেওঁক ভাৰতৰ বাবে পদক আনিবলৈ প্ৰেৰণা যোগাইছিল।

তেওঁ কয় “যেতিয়া আমি ৱাৰ্ম-আপ কৰি আছিলোঁ, তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে আজি মই ভাল প্ৰদৰ্শন কৰিম। মই যেতিয়া ১৯১ কেজি ভাৰ দাঙিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে আৰু ভাল কৰিম, কিন্তু কাৰিকৰী ত্ৰুটিৰ (Technical fault) বাবে মই ১৯০ কেজিতকৈ অধিক ভাৰ দাঙিব নোৱাৰিলোঁ। ঝাণ্ডু কুমাৰে কয় যে মই ইয়াৰ বাবে যথেষ্ট কষ্ট কৰিছোঁ। মই পদক পাম বুলি আশা কৰিছিলোঁ, মোৰ প্ৰশিক্ষকৰ সম্পূৰ্ণ সমৰ্থন আছিল।”

নিজৰ সংগ্ৰামৰ কাহিনী সন্দৰ্ভত ঝাণ্ডু কুমাৰে কয়, “২০১৬-১৭ চনৰ পৰাই মই জিম কৰি আছিলোঁ। সেই সময়ত পেৰা পাৱাৰলিফটিং সম্পৰ্কে মোৰ একো জনা নাছিল। তাৰ পিছত ২০১৮-১৯ চনত মই এই বিষয়ে গম পালোঁ। তেতিয়া আমি বিহাৰ শ্বৰীফৰ ছেক্ৰেটেৰীৰ সৈতে কথা পাতিলোঁ আৰু তেওঁ মোক এই বিষয়ে জনালে। ইয়াৰ পিছত মই ইয়াৰ বাবে চেষ্টা কৰিলোঁ। মই শাক-পাচলিও বিক্ৰী কৰিব লগা হৈছিল আৰু প্ৰশিক্ষণো ল’ব লগা হৈছিল। আমি নিজে প্ৰশিক্ষণ লৈছিলোঁ।

যেতিয়া মই ২০২২ চনত কলকাতাত খেলিবলৈ গৈছিলোঁ, তাত মই ১৩৫ কেজি ভাৰ দাঙিছিলোঁ। সেই সময়তে মই প্ৰথমবাৰৰ বাবে পদক জিকিছিলোঁ। ইয়াৰ পিছত মোৰ এই খেলখন ভাল লাগিবলৈ ধৰিলে আৰু পদক জিকাৰ পিছত গৰ্ব অনুভৱ হ’বলৈ ধৰিলে। ২০২২ চনত যেতিয়া মই ব্যৱসায় কৰি আছিলোঁ, মোৰ দোকানখন উৰণ সেতুৰ (Overbridge) নিৰ্মাণৰ বাবে বন্ধ হৈ গ’ল, যাৰ বাবে বাধ্য হৈ মই ই-ৰিক্সা কিনিবলগীয়া হ’ল। ই-ৰিক্সা চলাই থাকোঁতে মোৰ প্ৰশিক্ষণত অসুবিধা হ’বলৈ ধৰিলে। মই ই-ৰিক্সা চলালে মোৰ শৰীৰ ক্লান্ত হৈ পৰিছিল আৰু মই প্ৰশিক্ষণ কৰিব পৰা নাছিলোঁ। তাৰ পিছত ২০২৩ চনত যেতিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আহিল, মই ৰিক্সাখন বিক্ৰী কৰি দিলোঁ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ঝাণ্ডু কুমাৰক ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰি অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লিখে, “ঝাণ্ডু কুমাৰৰ চমকপ্ৰদ প্ৰদৰ্শন! তেওঁ পুৰুষৰ হেভিৱেইট পেৰা পাৱাৰলিফটিং ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি #CWG2026 ত ভাৰতৰ পদকৰ খাতা খুলিছে। তেওঁলৈ অভিনন্দন। তেওঁৰ এই সাফল্য তেওঁৰ অপাৰ শক্তি, অটল সংকল্প আৰু বছৰ ধৰি কৰা অনুশাসিত পৰিশ্ৰমৰ এক উৎকৃষ্ট উদাহৰণ। সকলো প্ৰত্যাহ্বানৰ মুখামুখি হৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁ সমগ্ৰ দেশৰ গৌৰৱ বঢ়াইছে আৰু অসংখ্য ভাৰতীয়ক প্ৰেৰণা যোগাইছে।”

লগতে পঢ়ক: এছিয়ান গেমছ ২০২৬: ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পোনপটীয়া এণ্ট্ৰি

শেহতীয়া প্ৰৱন্ধসমূহ