কমনৱেলথ গেমছ ২০২৬: লাভলীনা, নয়নমণিসহ অসমৰ ৪ ক্ৰীড়াবিদলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ চাৰিজনীয়া ক্ৰীড়াবিদক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অহা ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে সাজু হৈছে দেশৰ ক্ৰীড়াবিদসকল । এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ চাৰিজনীয়া ক্ৰীড়াবিদৰ দলটোক আজি বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে যে এই ক্ৰীড়াবিদসকলে বিশ্বমঞ্চত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, লন বল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল, লগতে পেৰা-চাইক্লিষ্ট লিছা দাসক আগন্তুক খেলসমূহৰ বাবে শুভকামনা জনায় ।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে-

“আগন্তুক #CommonwealthGames2026 ৰ বাবে অসমৰ চেম্পিয়ন- লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু লিছা দাসলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল । মই নিশ্চিত যে তেওঁলোকে নিজ নিজ ক্ৰীড়া বিভাগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব ।”

খেলুৱৈৰ নিষ্ঠা আৰু চৰকাৰী সহযোগিতা

মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ এই সফলতাৰ আঁৰত থকা তেওঁলোকৰ চৰম নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰে । ইয়াৰ উপৰি, ক্ৰীড়াৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগবঢ়াই অহা ধাৰাবাহিক সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে খেলুৱৈসকলৰ অহোপুৰুষাৰ্থৰ বাবেই আজি তেওঁলোকে এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেগা স্পৰ্টছ ইভেণ্টত সমগ্ৰ কমনৱেলথ দেশসমূহৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলে বিভিন্ন ক্ৰীড়া বিভাগত পদকৰ বাবে তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব । সমগ্ৰ অসমবাসীয়েও বৰ্তমান এই চাৰিওগৰাকী তাৰকা খেলুৱৈৰ সফলতা কামনা কৰিছে ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

কমনৱেলথ গেমছৰ বাবে ১৯১ জনীয়া ভাৰতীয় দলত অনুমোদন

২৩ জুলাইৰ পৰা গ্লাছগোত আৰম্ভ হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে ১৯১ জনীয়া ভাৰতীয় দলটোক মঞ্জুৰী দিছে।

খেল মন্ত্ৰালয়ে অহা ২৩ জুলাইৰ পৰা গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে ১৯১ জনীয়া এটা ভাৰতীয় দলক মঞ্জুৰী দিছে। এই দলটোত মুঠ ১২৬ গৰাকী খেলুৱৈ আৰু ৫১ গৰাকী সহযোগী কৰ্মচাৰী অন্তৰ্ভুক্ত আছে। খেলুৱৈসকলৰ কথা ক’বলৈ গ’লে, এই কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ আৰু ৪৮ গৰাকী মহিলা খেলুৱৈৰ নাম আছে। ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় অলিম্পিক সংন্থা (IOA) বা কোনো ক্ৰীড়া ফেডাৰেচনৰ নিৰ্বাচিত বিষয়াসকলৰ বিদেশ ভ্ৰমণ আৰু থকা-মেলাৰ খৰচ চৰকাৰে বহন নকৰে। ভাৰতীয় দলটোৰ মুৰব্বী ৰোহিত ৰাজপাল IOA কমিটিৰ এজন সদস্যও হয়, গতিকে যদি এই নিয়ম তেওঁৰ ওপৰত প্ৰযোজ্য হয়, তেন্তে তেওঁ নিজৰ খৰচ নিজেই বহন কৰিব লাগিব। সহযোগী কৰ্মচাৰীৰ শ্ৰেণীত কেৱল প্ৰশিক্ষক (কোচ), চিকিৎসা দল আৰু সহায়ক কৰ্মচাৰীকহে ৰখা হৈছে।

গ্লাছগোলৈ যাবলগীয়া ভাৰতীয় দলটোৰ ভিতৰত আটাইতকৈ ডাঙৰ দলটো হৈছে এথলেটিক্সৰ, য’ত তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাকে ধৰি ৩২ গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত আছে। এই দলটোত ১০ গৰাকী মহিলা খেলুৱৈ আছে আৰু মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰৰ সৈতে আটাইতকৈ বেছি সহযোগী কৰ্মচাৰীও গৈ আছে। বক্সিঙত পদক জয়ৰ বাবে ১৪ গৰাকী বক্সাৰ গৈ আছে, যাৰ প্ৰশিক্ষক হ’ব চুইডেনৰ চেণ্টিয়াগো নীভা। ইয়াৰ উপৰিও মীৰাবাঈ চানুৰ অধিনায়কত্বত ১২ গৰাকী ভাৰোত্তোলক (ৱেইটলিফ্টাৰ)আৰু ৫ জন সাঁতোৰবিদো যাব, যাৰ তদাৰক কৰিব নিহাৰ আমিন আৰু সন্দীপ চেজৱালে। লগতে, পেৰা-খেলুৱৈসকলক সহায় কৰিবলৈ ৪২ জনীয়া এটা কৰ্মচাৰীৰ দলও গৈ আছে, য’ত আটাইতকৈ বেছি লোক এথলেটিক্সৰ পৰা আছে।

বাজেটৰ অভাৱৰ বাবে এইবাৰ গ্লাছগো কমনৱেলথ গেমছ অতি কম পৰিসৰত অনুষ্ঠিত কৰা হৈছে। ইয়াত কেৱল ১০ টা সাধাৰণ শ্ৰেণীৰ খেল আৰু ৬ টা পেৰা ক্ৰীড়াহে অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো হ’ল যে যিবোৰ খেলত দেশে সদায় আটাইতকৈ বেছি পদক জিকিছিল— যেনে শ্বুটিঙ, হকী, বেডমিণ্টন, মল্লযুঁজ আৰু ক্ৰিকেট, সেইবোৰক এইবাৰ বাদ দিয়া হৈছে। এই কাৰণেই এইবাৰ ভাৰতৰ মুঠ পদকৰ সংখ্যা হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। ভাৰতে এইবাৰ ৯ টা সাধাৰণ শ্ৰেণীৰ খেল আৰু ৫ টা পেৰা ক্ৰীড়াত অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক: অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কিলিয়ান এমবাপেৰ

২০৩০ত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ; এই চহৰত হ’ব শতবাৰ্ষিকীৰ আয়োজন

ভাৰতত কমনৱেলথ গেমছৰ শতবাৰ্ষিকী সংস্কৰণ

২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজনৰ অধিকাৰ লাভ কৰিছে ভাৰতে । গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । বুধবাৰে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ সাধাৰণ পৰিষদৰ বৈঠকত ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক অধিকাৰ আনুষ্ঠানিকভাৱে লাভ কৰে । ২০১০ চনৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে এই খেল আয়োজন কৰিব । ২০১০ চনত নতুন দিল্লীত এই খেল অনুষ্ঠিত হৈছিল ।

৭৪খন কমনৱেলথ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অনুমোদন-

কমনৱেলথ গেমছৰ সাধাৰণ পৰিষদত ৭৪খন কমনৱেলথ সদস্য ৰাষ্ট্ৰ আৰু টেৰিটৰীৰ প্ৰতিনিধিয়ে ২০৩০ চনৰ গেমছৰ বাবে ভাৰতৰ দাবীক অনুমোদন জনায় । কমনৱেলথ স্প’ৰ্টছৰ অধ্যক্ষ ড০ ড’নাল্ড ৰুকাৰেই কয়, “ভাৰত কমনৱেলথ গেমছৰ পৰিসৰ, যুৱক-যুৱতী, উচ্চাকাংক্ষা, চহকী সংস্কৃতি, প্ৰাসংগিকতা লৈ আহিছে । ইয়াৰ দ্বাৰা এই গেমছৰ বাবে এক নতুন সোণালী যুগৰ আৰম্ভণি হয় । মই সুখী যে ২০৩৪ চনত আৰু ইয়াৰ পিছতো গেমছ আয়োজন কৰিবলৈ বহু দেশৰ প্ৰবল আগ্ৰহ আছে ।”

আহমেদাবাদৰ উপৰিও আবুজাও দৌৰত আছিল-

যোৱা মাহত এই গেমছৰ কাৰ্যবাহী ব’ৰ্ডে আহমেদাবাদত গেমছ আয়োজন কৰাৰ পৰামৰ্শ দিছিল । গ্লাছগোত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকত এতিয়া এই পৰামৰ্শই চূড়ান্ত অনুমোদন লাভ কৰিছে । আহমেদাবাদৰ উপৰিও নাইজেৰিয়াৰ আবুজাও আতিথ্যৰ দৌৰত আছিল যদিও ভাৰতে এই সুযোগ লাভ কৰে । ২০৩০ চনত এই গেমছৰ শতবাৰ্ষিকী সংস্কৰণ অনুষ্ঠিত হ’ব আৰু এই ঐতিহাসিক অনুষ্ঠানত ভাৰতত গেমছ আয়োজন কৰাটো এক উল্লেখযোগ্য কৃতিত্ব ।

ইফালে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ অধ্যক্ষ পিটি উষাই এই প্ৰতিযোগিতাৰ আতিথ্যৰ অধিকাৰ লাভ কৰাত আনন্দ প্ৰকাশ কৰি কয় যে ভাৰত ইয়াৰ প্ৰতি দেখুওৱা বিশ্বাসৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞ । তেখেতে কয় যে, “কমনৱেলথ গেমছে দেখুওৱা আস্থাই আমাক গভীৰভাৱে সন্মানিত কৰিছে । ২০৩০ চনৰ গেমছে কমনৱেলথ আন্দোলনৰ ১০০ বছৰ উদযাপন কৰাই নহয়, অহা শতিকাৰ ভেটিও স্থাপন কৰিব । এই গেমছে সমগ্ৰ কমনৱেলথৰ খেলুৱৈ, সম্প্ৰদায় আৰু সংস্কৃতিক বন্ধুত্ব আৰু প্ৰগতিৰ মনোভাৱেৰে একত্ৰিত কৰিব ।”

লগতে পঢ়ক : ২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

২০৩০ৰ কমনৱেলথ গেমছক লৈ ডাঙৰ ঘোষণা; আহমেদাবাদ হ’ব পাৰে আয়োজক

২০৩০ ৰ কমনৱেলথ গেমছক লৈ ডাঙৰ ঘোষণা

কমনৱেলথ গেমছ ২০৩০ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।বুধবাৰে কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছৰ প্ৰস্তাৱিত আয়োজক হিচাপে আহমেদাবাদৰ নাম ঘোষণা কৰিছে।

এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অহা ২৬ নৱেম্বৰত সাধাৰণ সংস্থাৰ বৈঠকত লোৱা হ’ব।ভাৰতে এইবাৰ আতিথ্যৰ বাবে নাইজেৰিয়াৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হ’ল, কিন্তু কমনৱেলথ গেমছে নাইজেৰিয়াৰ ভৱিষ্যতৰ আয়োজকৰ সম্ভাৱনা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে আৰু তেওঁলোকক সমৰ্থন কৰিবলৈ কৌশল প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে, য’ত ২০৩৪ চনৰ গেমছৰ সম্ভাৱনাপূৰ্ণ আয়োজকো অন্তৰ্ভূক্ত আছে।

কমনৱেলথ গেমছে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে কমনৱেলথৰ কাৰ্যবাহী ব’ৰ্ডে আজি নিশ্চিত কৰিছে যে ইয়াত ২০৩০ চনৰ শতবাৰ্ষিক কমনৱেলথ গেমছৰ প্ৰস্তাৱিত আয়োজক চহৰ হিচাপে ভাৰতৰ আহমেদাবাদৰ নাম ঘোষণা কৰা হৈছে।

এই উপলক্ষে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কমনৱেলথ গেমছ আয়োজন কৰাৰ সন্দৰ্ভত লিখিছে যে এয়া ভাৰতৰ বাবে অতি গৌৰৱ আৰু সুখৰ দিন।

কমনৱেলথ এছ’চিয়েশ্যনে আহমেদাবাদত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ অধিকাৰ ভাৰতক প্ৰদান কৰাত দেশৰ সকলো নাগৰিকলৈ আন্তৰিক অভিনন্দন।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াত কেৰিয়াৰৰ অন্তিম শৃংখলা খেলিব নেকি ৰোহিত-কোহলীয়ে ?

২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে দাবী উত্থাপন কৰিব ভাৰতে; ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে দিলে অনুমোদন

২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে দাবী উত্থাপন কৰিব ভাৰতে

বুধবাৰে ভাৰতীয় অলিম্পিক সন্থাই ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে বিশেষ সাধাৰণ সভাত দেশৰ নিবিদাত আনুষ্ঠানিকভাৱে অনুমোদন জনায় । ইতিমধ্যে ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে আহমেদাবাদক গঢ়ি তোলাৰ উদ্দেশ্য পত্ৰ দাখিল কৰিছে । অৱশ্যে ভাৰতে ৩১ আগষ্টৰ অন্তিম তাৰিখৰ পূৰ্বে চূড়ান্ত নিবিদাৰ বাবে প্ৰস্তাৱ দাখিল কৰিব লাগিব ।

ভাৰতৰ দাবী শক্তিশালী-

কানাডা দৌৰৰ পৰা আঁতৰি অহাৰ লগে লগে ভাৰতৰ ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ সম্ভাৱনা বৃদ্ধি পাইছে । কমনৱেলথ গেমছৰ সঞ্চালক ডেৰেন হলৰ নেতৃত্বত কমনৱেলথ গেমছৰ বিষয়াৰ এটা দলে অলপতে আহমেদাবাদ ভ্ৰমণ কৰি স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে গুজৰাটৰ চৰকাৰী বিষয়াৰ সৈতে আলোচনাত মিলিত হয় ।

২০১০ চনৰ কমনৱেলথ গেমছৰ আয়োজন কৰিছিল ভাৰতে-

চলিত মাহৰ শেষৰ ফালে কমনৱেলথ গেমছৰ এটা প্ৰতিনিধি দল আহমেদাবাদত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । নৱেম্বৰৰ শেষ সপ্তাহত গ্লাছগোত আয়োজক দেশৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব কমনৱেলথ গেমছ জেনেৰেল এছেম্বলিয়ে । ইয়াৰ পূৰ্বে ভাৰতে ২০১০ চনত দিল্লীত কমনৱেলথ গেমছ আয়োজন কৰিছিল ।

লগতে পঢ়ক : আই চি চিৰ জুলাই মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ শুভমন গীল… ইংলেণ্ড ভ্ৰমণৰ সময়ত আগবঢ়াইছিল শক্তিশালী প্ৰদৰ্শন