২০৩০ত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ; এই চহৰত হ’ব শতবাৰ্ষিকীৰ আয়োজন

২০৩০ত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ; এই চহৰত হ’ব শতবাৰ্ষিকীৰ আয়োজন

ভাৰতত কমনৱেলথ গেমছৰ শতবাৰ্ষিকী সংস্কৰণ ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজনৰ অধিকাৰ লাভ কৰিছে ভাৰতে । গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । বুধবাৰে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ সাধাৰণ পৰিষদৰ বৈঠকত ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক অধিকাৰ আনুষ্ঠানিকভাৱে লাভ কৰে । ২০১০ চনৰ পিছত ভাৰতে

ভাৰতত কমনৱেলথ গেমছৰ শতবাৰ্ষিকী সংস্কৰণ

২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজনৰ অধিকাৰ লাভ কৰিছে ভাৰতে । গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । বুধবাৰে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ সাধাৰণ পৰিষদৰ বৈঠকত ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক অধিকাৰ আনুষ্ঠানিকভাৱে লাভ কৰে । ২০১০ চনৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে এই খেল আয়োজন কৰিব । ২০১০ চনত নতুন দিল্লীত এই খেল অনুষ্ঠিত হৈছিল ।

৭৪খন কমনৱেলথ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অনুমোদন-

কমনৱেলথ গেমছৰ সাধাৰণ পৰিষদত ৭৪খন কমনৱেলথ সদস্য ৰাষ্ট্ৰ আৰু টেৰিটৰীৰ প্ৰতিনিধিয়ে ২০৩০ চনৰ গেমছৰ বাবে ভাৰতৰ দাবীক অনুমোদন জনায় । কমনৱেলথ স্প’ৰ্টছৰ অধ্যক্ষ ড০ ড’নাল্ড ৰুকাৰেই কয়, “ভাৰত কমনৱেলথ গেমছৰ পৰিসৰ, যুৱক-যুৱতী, উচ্চাকাংক্ষা, চহকী সংস্কৃতি, প্ৰাসংগিকতা লৈ আহিছে । ইয়াৰ দ্বাৰা এই গেমছৰ বাবে এক নতুন সোণালী যুগৰ আৰম্ভণি হয় । মই সুখী যে ২০৩৪ চনত আৰু ইয়াৰ পিছতো গেমছ আয়োজন কৰিবলৈ বহু দেশৰ প্ৰবল আগ্ৰহ আছে ।”

আহমেদাবাদৰ উপৰিও আবুজাও দৌৰত আছিল-

যোৱা মাহত এই গেমছৰ কাৰ্যবাহী ব’ৰ্ডে আহমেদাবাদত গেমছ আয়োজন কৰাৰ পৰামৰ্শ দিছিল । গ্লাছগোত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকত এতিয়া এই পৰামৰ্শই চূড়ান্ত অনুমোদন লাভ কৰিছে । আহমেদাবাদৰ উপৰিও নাইজেৰিয়াৰ আবুজাও আতিথ্যৰ দৌৰত আছিল যদিও ভাৰতে এই সুযোগ লাভ কৰে । ২০৩০ চনত এই গেমছৰ শতবাৰ্ষিকী সংস্কৰণ অনুষ্ঠিত হ’ব আৰু এই ঐতিহাসিক অনুষ্ঠানত ভাৰতত গেমছ আয়োজন কৰাটো এক উল্লেখযোগ্য কৃতিত্ব ।

ইফালে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ অধ্যক্ষ পিটি উষাই এই প্ৰতিযোগিতাৰ আতিথ্যৰ অধিকাৰ লাভ কৰাত আনন্দ প্ৰকাশ কৰি কয় যে ভাৰত ইয়াৰ প্ৰতি দেখুওৱা বিশ্বাসৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞ । তেখেতে কয় যে, “কমনৱেলথ গেমছে দেখুওৱা আস্থাই আমাক গভীৰভাৱে সন্মানিত কৰিছে । ২০৩০ চনৰ গেমছে কমনৱেলথ আন্দোলনৰ ১০০ বছৰ উদযাপন কৰাই নহয়, অহা শতিকাৰ ভেটিও স্থাপন কৰিব । এই গেমছে সমগ্ৰ কমনৱেলথৰ খেলুৱৈ, সম্প্ৰদায় আৰু সংস্কৃতিক বন্ধুত্ব আৰু প্ৰগতিৰ মনোভাৱেৰে একত্ৰিত কৰিব ।”

লগতে পঢ়ক : ২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ