২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দুবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী ৰোহিত শৰ্মাক আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেণ্টত ডাঙৰ দায়িত্ব প্ৰদান কৰা হৈছে । হিটমেন হিচাবে পৰিচিত ৰোহিতক টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেন্ট এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । ২০২৬ চনৰ ৭

ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দুবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী ৰোহিত শৰ্মাক আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেণ্টত ডাঙৰ দায়িত্ব প্ৰদান কৰা হৈছে । হিটমেন হিচাবে পৰিচিত ৰোহিতক টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেন্ট এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে ।

২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ প্ৰতিযোগিতা । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাৰ ফাইনেল ৮ মাৰ্চত অনুষ্ঠিত হ’ব । ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত গ্ৰুপ পৰ্যায়ৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাই নেতৃত্ব দিছিল টিম ইণ্ডিয়াক । ৪,২৩১ ৰান সংগ্ৰহ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ৰোহিতে । এই ফৰ্মেটত তেওঁৰ গড় ৩২.০১ আৰু ষ্ট্ৰাইক ৰেট ১৪০.৮৯ ।

উল্লেখ্য যে, ভাৰতৰ হৈ দুটা বিশ্বকাপ জয়ৰ সৈতে জড়িত আছিল হিটমেন ৰোহিত শৰ্মা । ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ অভিষেক মেচতে তেওঁ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল । য’ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫০* আৰু পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত ৩০* ৰান সংগ্ৰহ কৰিছিল ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ অধিনায়ক হিচাপে তেওঁ ১১ বছৰৰ পাছত ভাৰতক আই চি চি ট্ৰফীলৈ প্ৰদান কৰে । এই প্ৰতিযোগিতাত ১৫৬.৭০ ষ্ট্ৰাইক ৰেটেৰে ২৫৭ ৰান সংগ্ৰহ কৰি ভাৰতৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হয় ৰোহিত । তেওঁৰ স্মৰণীয় ইনিংছ আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯২ (৪১) আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫৭ (৩৯) ৰান । বিশ্বকাপ জয়ৰ পিছতে ৰোহিতে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

টুৰ্ণামেন্ট এম্বেছাদৰ হোৱাৰ পিছত ৰোহিত শৰ্মাই কয়, “এই প্ৰতিযোগিতাখন ভাৰতলৈ ঘূৰি অহাটো বৰ ভাল কথা । নতুন ৰূপত এই ফৰ্মেটত জড়িত হোৱাটো এক সন্মানৰ বিষয় । সকলো খেলুৱৈলৈ শুভেচ্ছা । আশাকৰোঁ তেওঁলোকে ভাৰতৰ আতিথ্য উপভোগ কৰিব আৰু স্মৰণীয় স্মৃতি ঘৰলৈ লৈ যাব ।”

লগতে পঢ়ক : ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

শেহতীয়া প্ৰৱন্ধসমূহ