নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ চলি থকা প্ৰতিবাদৰ মাজতে শনিবাৰে পদত্যাগ কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । জানক দুই পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত কি কি উল্লেখ কৰিছে প্ৰধানে-
দেশজোৰা প্ৰতিবাদৰ মাজতে শনিবাৰে পদত্যাগ কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । দুই পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ লিখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে তেওঁ । কি আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰত ?
দুই পৃষ্ঠাৰ পদত্যাগ পত্ৰত আছে বহুকেইটা তথ্য-
১. ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক সংকল্প
২. ৩ মে’ ২০২৬ত অনুষ্ঠিত NEET-UG পৰীক্ষাত অনিয়ম পৰিলক্ষিত হৈছিল
৩. ভাৰত চৰকাৰে এই বিষয়ে লগে লগে গুৰুত্ব প্ৰদান কৰি তদন্তৰ দায়িত্ব চিবিআইক (CBI) অৰ্পণ কৰিলে
৪. পৰীক্ষা বাতিল কৰিলে আৰু পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে
৫. ইয়াৰ উপৰিও পৰৱৰ্তী বছৰৰ পৰা এই পৰীক্ষা চিবিটি মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ’ল
৬. ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পিতৃ-মাতৃৰ সহযোগত ২১ জুন ২০২৬ত এই পৰীক্ষা সম্পন্ন হ’ল
৭. ১৬ জুলাইত ঘোষিত NEET-UG ৰ ফলাফল সন্তোষজনক আছিল, য’ত দুখীয়া পটভূমিৰ পৰা অহা বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়েও সফলতা লাভ কৰিলে
৮. এই সময়ছোৱাতো বহু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তিবিশেষে বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিলে, যিয়ে মনত অতি কষ্ট দিলে
৯. ভাৰতৰ যুৱশক্তিই এই দেশৰ প্ৰকৃত শক্তি
১০. যন্তৰ-মন্তৰত আৰু দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ যাতে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে সুবিধা ল’ব নোৱাৰে
১১. ভাৰতৰ এজনো শিক্ষাৰ্থীৰ ভৱিষ্যত যাতে আইনী মেৰপাকত নোসোমায়
১২. আমাৰ ল’ৰা-ছোৱালীয়ে নিজৰ সময় পঢ়া-শুনাত নিয়োজিত কৰক
লগতে পঢ়ক : ‘মই দেশৰ যুৱ প্ৰজন্মক গভীৰ সন্মান জনাওঁ’; শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ









