ৰেপাৰতেই চিনাক্ত কৰিব পাৰিব এন্টিবায়োটিক ঔষধ; কেন্দ্ৰৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

এন্টিবায়োটিক ঔষধৰ অতিৰিক্ত আৰু অপব্যৱহাৰ ৰোধৰ বাবে কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ দিশত আগবাঢ়িছে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়েও এন্টিবায়োটিকৰ অত্যধিক ব্যৱহাৰক লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে ।

এন্টিবায়টিকৰ অতিৰিক্ত ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে । চৰকাৰৰ পৰিকল্পনা অনুসাৰে, বজাৰত এন্টিবায়টিক ঔষধসমূহ এক সুকীয়া পৰিচয়েৰে বিক্ৰী কৰা হ’ব, যাতে সাধাৰণ ৰাইজে সহজেই বুজিব পাৰে যে কোনো ঔষধ এন্টিবায়টিক হয় নে নহয় ।

এই উদ্দেশ্যে কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেচন (CDSCO)ক প্ৰয়োজনীয় গাইডলাইন জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । জানিব পৰা মতে, চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে যে এন্টিবায়টিক ঔষধৰ পেকেজিঙত বিশেষ ক’ডিং, নিৰ্দিষ্ট ৰঙৰ ইংগিত বা স্পষ্ট চিহ্ন ব্যৱহাৰ কৰিব লাগে । ইয়াৰ ফলত ৰোগী আৰু ফাৰ্মাচিষ্ট দুয়োজনেই ঔষধৰ শ্ৰেণীটো তৎক্ষণাত চিনাক্ত কৰিব পাৰিব ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এন্টিবায়োটিক ঔষধৰ অত্যধিক ব্যৱহাৰক লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাক অতি প্ৰয়োজন নোহোৱালৈকে এন্টিবায়োটিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে । এন্টিবায়োটিকৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত মানুহৰ দেহত ঔষধ-বিৰোধী প্ৰতিৰোধ ক্ষমতা (এন্টিবায়োটিক ৰেজিষ্টেন্স) গঢ় লৈ উঠিছে, যাৰ ফলত চিকিৎসা অধিক জটিল হৈ পৰিছে ।

কিয় লোৱা হৈছে এই পদক্ষেপ ?

এন্টি-মাইক্রোবিয়েল ৰেজিষ্টেন্স (এ এম আৰ)ৰ বৃদ্ধি পোৱা বিপদৰ প্ৰেক্ষাপটত এই গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে । বাৰে বাৰে আৰু অপ্রয়োজনীয়ভাৱে এন্টিবায়োটিক গ্ৰহণ কৰাৰ ফলত বেক্টেৰিয়াই ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে, যাৰ বাবে সাধাৰণ সংক্রমণো ক্ৰমে প্ৰাণঘাতী হৈ উঠিছে ।

বৰ্তমান বজাৰত উপলব্ধ বহু ঔষধৰ পেকিঙৰ পৰা সাধাৰণ ৰোগীয়ে সহজে বুজি নাপায় যে দিয়া ঔষধটো এন্টিবায়োটিক নে সাধাৰণ পেইনকিলাৰ নে ছাপোৰ্টিভ মেডিচিন । এই বিভ্ৰান্তিৰ সুযোগ লৈ বহু ঠাইত ডাক্তৰৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক বিক্ৰী কৰা হৈছে ।

চৰকাৰ আৰু চি ডি এছ চি অ’ (CDSCO)ৰ মাজত চলি থকা আলোচনাত এন্টিবায়োটিক ঔষধ চিনাক্ত কৰিবলৈ কেইবাটাও বিকল্পৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এইসমূহৰ ভিতৰত এন্টিবায়োটিক ঔষধৰ বাবে বেলেগ ৰঙৰ ষ্ট্ৰিপ বা বক্স ব্যৱহাৰ, পেকেটত স্পষ্ট সতৰ্কবাণী বা বিশেষ চিহ্ন উল্লেখ, কিউ আৰ ক’ড বা আলফানিউমেৰিক ক’ড সংযোজন কৰি ঔষধৰ শ্ৰেণী সহজে চিনাক্ত কৰিব পৰা ব্যৱস্থা অন্তৰ্ভুক্ত আছে ।

ইয়াৰ মূল উদ্দেশ্য হৈছে যাতে ৰোগীয়ে নিজেই সজাগ হৈ অপ্রয়োজনীয়ভাৱে এন্টিবায়োটিক ব্যৱহাৰ নকৰে । ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান গৱেষণা পৰিষদ (ICMR)ক সাধাৰণ ভাষাত সাধাৰণ জনতাৰ বাবে সচেতনতামূলক বাৰ্তা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিছে ।

লগতে পঢ়ক : ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম…

অষ্টম দৰমহা আয়োগৰ ৰূপৰেখাত কেবিনেটৰ অনুমোদন; কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী ?

অষ্টম দৰমহা আয়োগৰ ৰূপৰেখাত কেবিনেটৰ অনুমোদন

অষ্টম দৰমহা আয়োগ সন্দৰ্ভত লোৱা এক বৃহৎ সিদ্ধান্ত প্ৰকাশ পাইছে । অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ অধ্যক্ষ বাছনি কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । লগতে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সকলো চৰ্তত অনুমোদন জনাইছে কেবিনেটে ।

এতিয়া দৰমহা আয়োগে ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব, যাৰ ভিত্তিত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এই পৰামৰ্শসমূহ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰ উপকৃত হ’ব ।

অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ হ’ব এজন অধ্যক্ষ, এজন অংশকালীন সদস্য আৰু এজন সদস্য-সচিবৰে গঠিত অস্থায়ী সংস্থা । আয়োগে গঠনৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত প্ৰতিবেদন আৰু পৰামৰ্শ দাখিল কৰিব । এই পৰামৰ্শসমূহৰ ভিত্তিত দেশজুৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যাতে মুদ্ৰাস্ফীতি সামঞ্জস্যপূৰ্ণ দৰমহা, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ সুবিধা লাভ কৰে তাৰ বাবে সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয় । বৰ্তমান দেশত ৭ম দৰমহা আয়োগ প্ৰযোজ্য বৈ আছে, যাৰ ভিত্তিত বছৰত দুবাৰকৈ ডিয়াৰনেছ ভাট্টা প্ৰদান কৰা হয় । কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীৰ মহৰা ভাট্টা বৰ্তমান ৫৮ শতাংশ ।

সাধাৰণতে পে কমিচনৰ পৰামৰ্শ প্ৰতি ১০ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয় । সেয়ে ২০২৬ চনৰ জানুৱাৰী মাহৰ ভিতৰতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’ব পাৰে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও জানুৱাৰী মাহৰ ভিতৰত পৰামৰ্শসমূহ কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ পুনৰীক্ষণ আৰু প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহত চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক : প্ৰতিটো মুহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লাগিব দেশঃ ৰাজনাথ সিঙৰ মন্তব্য

ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ হ’ব ব্লক!

ছ’চিয়েল মিডিয়াত দেশৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা সকল সাৱধান। ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্টৰ সন্দৰ্ভত এক ডাঙৰ খবৰ ওলাইছে।

ছ’চিয়েল মিডিয়াত দেশৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা সকলক দমন কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰ।ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় বিৰোধী ভিডিঅ’ বা পোষ্ট শ্বেয়াৰ কৰা লোকসকল এতিয়াৰে পৰা আৰু সাৰি যাব নোৱাৰিব।

তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াৰ বাবে এক নতুন নীতি অনাৰ বাবে প্ৰস্তুতি চলাইছে।ৰাষ্ট্ৰীয় বিৰোধী কাম কৰা ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহ ভাৰত চৰকাৰে ব্লক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিব।

ছ’চিয়েল মিডিয়াৰ লগতে বহু ৱেবছাইটত জাতীয় বিৰোধী বিষয়বস্তুও আপলোড কৰা হয়। এই কাম কৰা সকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ছচিয়েল মিডিয়াক লৈ এতিয়া প্ৰস্তুত কৰা হৈছে এক নতুন নীতি। সূত্ৰ অনুসৰি চোৰাংচোৱা সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকলে এই সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সংসদীয় সমিতিক অৱগত কৰিছে।

ইয়াৰ সমান্তৰালভাৱে সংসদীয় সমিতিখনক এই কথাও জনোৱা হয় যে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা খালিস্তানী বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নু আৰু অন্যান্য জাতীয় বিৰোধী উপাদানৰ বিষয়বস্তু বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ নিৰীক্ষণ দল গঠন কৰা হৈছে।

ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ আলোচনা

এই সন্দৰ্ভত আমেৰিকা চৰকাৰ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতেও আলোচনা চলি আছে। কেন্দ্ৰীয় চৰকাৰে বিচাৰে যে ছ’চিয়েল মিডিয়া কোম্পানীসমূহে তেওঁলোকৰ প্লেটফৰ্মত ভাৰত বিৰোধী উপাদান যাতে আপলোড নহয় তাৰ বাবে নিজৰ পৰ্য্যায়ত নিৰীক্ষণ কৰি আছে।

চিবিআই, এনআইএ, ৰাজ্যিক আৰক্ষী আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত অন্যান্য সংস্থাসমূহে ভাৰত বিৰোধী উপাদানৰ প্ৰচেষ্টা বন্ধ কৰাৰ কৌশলৰ কাম কৰি আছে যিটো হয়তো অতি সোনকালে কাৰ্যকৰী হ’ব পাৰে।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত অপাৰেচন সিন্দুৰৰ সময়ত ছ’চিয়েল মিডিয়াত বহু ৰাষ্ট্ৰীয় বিৰোধী পোষ্ট শ্বেয়াৰ কৰা হৈছিল। ছচিয়েল মিডিয়াত বৃহৎ সংখ্যক জাতীয় বিৰোধী লোক সক্ৰিয়। এতিয়া তেওঁলোকক নিয়ন্ত্ৰণ কৰা হ’ব।

লগতে পঢ়ক: ত্ৰিনিদাদ আৰু ট’বাগোত প্ৰধানমন্ত্ৰী মোদীৰ সীতাৰাম আৰু জয় শ্ৰীৰামৰ শ্লোগান

আহি আছে নতুন আইন… ২০ ডিগ্ৰীৰ তলত আৰু ২৮ ডিগ্ৰীতকৈ ওপৰত চলাব নোৱাৰিব এচি

আহি আছে নতুন আইন

সমগ্ৰ দেশতে চলি থকা ভয়াৱহ গৰম আৰু গ্ৰীষ্মপ্ৰৱাহৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এয়াৰ কণ্ডিচনাৰ (AC) ব্যৱহাৰৰ সন্দৰ্ভত এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে । কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে এতিয়া এচিৰ উষ্ণতা মানকৃত কৰা হ’ব । তেওঁ কয় যে শক্তি সংৰক্ষণ, শক্তিৰ ব্যৱহাৰ হ্ৰাস আৰু পৰিৱেশৰ ভাৰসাম্যৰ কথা মনত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত শীঘ্ৰেই অনা হ’ব নতুন আইন ।

দৰাচলতে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰে ২০৪৭ বৰ্ষৰ বাবে মোদী চৰকাৰৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে । বিগত দশকত চৰকাৰে অৰ্থনৈতিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ ।

সংবাদমেলত খট্টৰে কয় যে, মোদী চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিলে আৰু লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ’বলৈ আমাৰ হাতত ২২ বছৰ বাকী আছে । ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য হৈছে এখন উন্নত ভাৰত গঢ়ি তোলা আৰু আগন্তুক বছৰবোৰত আমি যোৱা দশকত হোৱা অগ্ৰগতি বহুগুণে বৃদ্ধি কৰাৰ কাম কৰিম । উন্নত ভাৰতৰ অৰ্থ হ’ল এক উল্লেখযোগ্য বিশ্বব্যাপী মৰ্যাদা লাভ কৰা । অৰ্থনীতিক উন্নীত কৰিবলৈ আমি বাণিজ্য, উদ্যোগ, জীৱন ধাৰণৰ মানদণ্ড আৰু শক্তি খণ্ড বৃদ্ধি কৰিব লাগিব, যিয়ে সকলো খণ্ডক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।’

মন্ত্ৰী খট্টৰে কয় যে চৰকাৰে এনে এক নতুন আইন ৰূপায়ণ কৰিবলৈ সাজু হৈছে যাৰ অধীনত সমগ্ৰ দেশৰ সকলো এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ তললৈ আৰু ২৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত ল’ব নোৱাৰিব । এই ব্যৱস্থা শীতল আৰু উত্তাপ দুয়োটা পৰিস্থিতিতে প্ৰযোজ্য হ’ব ।

তেওঁ কয়, “এচিৰ উষ্ণতা মানকৃত কৰাৰ ব্যৱস্থা কৰা হব । ইয়াক অতি সোনকালে কাৰ্যকৰী কৰা হ’ব । এতিয়া এচিৰ উষ্ণতা ২০ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰীৰ ভিতৰত হ’ব । অৰ্থাৎ শীতল কৰাৰ বাবে ই ২০ ডিগ্ৰীতকৈ কম আৰু গৰম কৰাৰ বাবে ২৮ ডিগ্ৰীতকৈ অধিক হ’ব নোৱাৰিব । এইটো এক প্ৰকাৰৰ পৰীক্ষা আৰু আমি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছো । বহু দেশ আছে, যেনে জাপানে ইয়াক ২৬ ডিগ্ৰীলৈ মানকৃত কৰিছে । ইটালীত ২৩ ডিগ্ৰী । যিবোৰ দেশক অতি আগবঢ়া বুলি গণ্য কৰা হয়, সেইবোৰ দেশত এইটোৱেই মানদণ্ড । আমি ২০ ডিগ্ৰী কৰিম । ২০ ডিগ্ৰীতকৈ কম তাপমাত্ৰাত এচি অন কৰি কোনোবাই শুব বুলি মই নাভাবো ।”

লগতে পঢ়ক : চৰকাৰৰ নতুন সতৰ্কবাণী; ফোনত কথা পাতি থকাৰ সময়ত বন্ধ কৰি ৰাখক ইণ্টাৰনেট

সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল ৱাকফ সংশোধনী আইন, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা

আজিৰে পৰা সমগ্ৰ দেশত বলবৎ হৈছে ৱাকফ সংশোধনী আইন । যোৱা সপ্তাহত সংসদ আৰু ৰাষ্ট্ৰপতিয়ে ৱাকফ সংশোধনী আইনখনক অনুমোদন জনাইছিল । ইয়াৰ পিছত নতুন আইনখন কেতিয়া বলবৎ হ’ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাছিল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি কয় যে ৮ এপ্ৰিলৰ পৰা ৱাকফ সংশোধনী আইন কাৰ্যকৰী হ’ব ।

ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন-

৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী আইনত অনুমোদন জনাইছিল । বাজেট অধিৱেশনৰ সময়ত সংসদে এই বিধেয়ক গৃহীত কৰিছিল । আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ৪ এপ্ৰিলত ৰাজ্যসভাই ১২৮টা ভোটৰ সপক্ষে আৰু ৯৫টা বিৰোধী ভোটেৰে বিধেয়কখন গৃহীত কৰাৰ বিপৰীতে লোকসভাই দীঘলীয়া বিতৰ্কৰ অন্তত ৩ এপ্ৰিলত বিধেয়কখনত অনুমোদন জনায় । ইয়াত ২৮৮ জন সাংসদে ইয়াৰ পক্ষত আৰু ২৩২ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ।

উচ্চতম ন্যায়ালয়ত ১০খন আৱেদন দাখিল-

ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি ৱাকফ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰা হৈছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে ।

LPG ৰ দাম হ্ৰাস… ১২ লাখ পৰ্যন্ত আয়কৰ মুক্ত… আজিৰে পৰা দেশত কাৰ্যকৰী হৈছে এইকেইটা ডাঙৰ পৰিৱৰ্তন

আজি পহিলা এপ্ৰিল আৰু মাহৰ প্ৰথম দিনাৰ পৰাই দেশত বহু ডাঙৰ পৰিৱৰ্তন ৰূপায়ণ হৈছে । এফালে তেল বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি সকাহ দিয়াৰ বিপৰীতে মাহৰ প্ৰথম দিনাৰ পৰা নতুন আয়কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ইয়াৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । আজিৰ পৰা দেশত ৰূপায়িত হোৱা বৃহৎ পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানক…

এল পি জিৰ দাম হ্রাস-

আজিৰে পৰা এপ্ৰিল মাহ আৰম্ভ হৈছে আৰু প্রথম দিনাই এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস হৈছে ৷ ২০২৫ চনৰ ১ এপ্ৰিলত তেল আৰু গেছ বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি হ্ৰাস কৰিছে । ইয়াৰ পিছতে দিল্লীৰ পৰা মুম্বাইলৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম । আই অ’ চি এলৰ ৱেবছাইট অনুসৰি ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দিল্লীত দিল্লীত ৪১ টকা হ্ৰাস হোৱাৰ বিপৰীতে কলকাতাত ৪৪.৫০ টকা হ্ৰাস হৈছে । কিন্তু এইবাৰো ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

১২ লাখ টকা পৰ্যন্ত কৰমুক্ত আয়-

নতুন কৰ বৰ্ষৰ আৰম্ভণিৰ লগে লগে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা নতুন কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ২০২৫ চনৰ বাজেটত চৰকাৰে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল, য’ত কৰ স্লেব, টি ডি এছ, কৰ ৰেহাই আদিৰ পৰিৱৰ্তন সাধন কৰা হৈছিল । পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়ক প্ৰস্তাৱ কৰা হৈছিল । এই সকলোবোৰ পৰিৱৰ্তন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।

নতুন কৰ স্লেবৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত দৰমহাৰ আয় এতিয়া কৰমুক্ত হ’ব । কিন্তু এই ৰেহাই কেৱল নতুন কৰ বিকল্প বাছি লোৱাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।

টি ডি এছৰ নিয়মৰ পৰিৱৰ্তন-

নতুন কৰ স্লেবৰ উপৰিও টি ডি এছৰ নিয়মসমূহো আপডেট কৰা হৈছে, অপ্ৰয়োজনীয় কৰ্তন হ্ৰাস আৰু কৰদাতাৰ বাবে নগদ ধনৰ প্ৰবাহ উন্নত কৰিবলৈ বিভিন্ন ধাৰাত সীমা বৃদ্ধি কৰা হৈছে । উদাহৰণস্বৰূপে, জ্যেষ্ঠ নাগৰিকৰ সুতৰ আয়ৰ ওপৰত টি ডি এছৰ সীমা দুগুণ কৰি ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত বৃদ্ধসকলৰ আৰ্থিক সুৰক্ষা বৃদ্ধি পাইছে । একেদৰে ভাড়াৰ আয়ৰ ৰেহাইৰ সীমা বছৰি ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত ঘৰৰ মালিকৰ বোজা লাঘৱ হ’ব আৰু চহৰ অঞ্চলত ভাড়াৰ বজাৰখনো বৃদ্ধি পাব পাৰে ।

বেংক একাউণ্টৰ সৈতে জড়িত এই বৃহৎ পৰিৱৰ্তন-

এপ্ৰিল মাহৰ প্ৰথমৰ পৰা ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু পঞ্জাব নেচনেল বেংক (পি এন বি)কে ধৰি বহু বেংকে গ্ৰাহকৰ চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চৰ সৈতে জড়িত নিয়মসমূহ সংশোধন কৰিছে । বেংকে একাউণ্টধাৰীৰ নূন্যতম বেলেঞ্চৰ বাবে খণ্ডভিত্তিকভাৱে নতুন সীমা নিৰ্ধাৰণ কৰিব আৰু নূন্যতম বেলেঞ্চ একাউণ্টত ৰখা নহ’লে জৰিমনা বিহা হ’ব পাৰে ।

এই পৰিৱৰ্তনসমূহো কাৰ্যকৰী কৰা হৈছে-

ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত বহু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে । এই কোম্পানীসমূহৰ বহু কোম্পানীৰ গাড়ী কিনিবলৈ ব্যয়বহুল হৈ আহিছে, কাৰণ এই কোম্পানীসমূহে প্ৰথম তাৰিখৰ পৰাই নিজৰ গাড়ীৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । এই বৃদ্ধিৰ আঁৰৰ কাৰণ হিচাপে কোম্পানীসমূহে ইনপুট খৰচ আৰু কেঁচামালৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছে ।

ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ…

সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিষয়ত তথ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক চাৰি সপ্তাহৰ সময় প্ৰদান কৰে । অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব আছে আৰু এই প্ৰশ্নটো বহু বছৰ ধৰি চৰ্চা চলি আহিছে । এই বিষয়ত পি আই এল দাখিল কৰা হৈছে । এই গোচৰৰ পৰৱৰ্তী শুনানি ২১ এপ্ৰিলত উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব । ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ অজয় ​​কুমাৰ শ্ৰীবাস্তৱ-আইৰ এখন বিভাগীয় বিচাৰপীঠে কৰ্ণাটকৰ সমাজ কৰ্মী এছ বিগনেশ শিশিৰৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে ।

ৰাহুল গান্ধীৰ কথিত ব্ৰিটিছ নাগৰিকত্বৰ গোচৰৰ চি বি আইৰ তদন্তৰো দাবী জনাইছিল আবেদনকাৰীয়ে । ইয়াৰ পূৰ্বে আদালতে ৰাহুল গান্ধীৰ নাগৰিকত্ব গোচৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ২৪ মাৰ্চলৈকে সময় দিছিল । ইয়াৰ পূৰ্বে আদালতে কেন্দ্ৰক প্ৰশ্ন কৰিছিল যে আবেদনকাৰীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

২৯ এপ্ৰিলত জোৱানৰ ওপৰত মন্তব্যৰ বিষয়ৰ শুনানি-

ভাৰত জোড়ো যাত্ৰাৰ সময়ত জোৱানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত অভিযুক্ত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীক আদালতত হাজিৰ কৰে তেওঁৰ অধিবক্তাই । সাংসদ-বিধায়ক আদালতৰ বিশেষ এ চি জে এম আলোক বাৰ্মাই এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ২৯ এপ্ৰিল নিৰ্ধাৰণ কৰিছে ।